Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

বংগত নিৰ্বাচন হৈছে আৰু প্ৰধানমন্ত্ৰীয়ে বাংলাদেশলৈ গৈ এটা বিশেষ সম্প্ৰদায়ৰ পৰা ভোট খুজি আছে: মমতা বেনাৰ্জী

দ্য ষ্টেটমেন্ট : পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাংলাদেশ ভ্ৰমণক লৈ তীব্ৰ সমালোচনা কৰিছে। খড়গ পুৰৰ এখন নিৰ্বাচনী সভাত মমতা বেনাৰ্জীয়ে কয় যে ২০১৯ৰ লোকসভা নিৰ্বাচনত যেতিয়া এগৰাকী বাংলাদেশৰ শিল্পীয়ে তৃণমূল কংগ্ৰেছৰ ৰেলীত অংশগ্ৰহণ কৰিছিল, তেতিয়া তেওঁৰ ভিচা বাতিল কৰা হৈছিল।

মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰীক সমালোচনা কৰি কয় যে বৰ্তমান সময়ত বংগত নিৰ্বাচন হৈছে আৰু আৰু আপুনি বাংলাদেশলৈ গৈ এটা বিশেষ সম্প্ৰদায়ৰ পৰা ভোট খুজি আছে। আপোনাৰ ভিচা কিয় বাতিল কৰিব নালাগে। আমি এই বিষয়ে নিৰ্বাচনী আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিম। 

মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰি কয় যে কেতিয়াবা প্ৰধানমন্ত্ৰীয়ে কয় যে মমতা বেনাৰ্জীয়ে বাংলাদেশৰ লোকক অবৈধভভাৱে বংগত প্ৰৱেশ কৰিবলৈ সুবিধা দিছে। কিন্তু এতিয়া প্ৰধানমন্ত্ৰীয়ে নিজেই ভোটৰ মাৰ্কেটিঙৰ বাবে বাংলাদেশলৈ গৈছে।

উল্লেখ্য যে ২৯৪ খন আসনৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ৩০ খন আসনৰ বাবে ভোটগ্ৰহণ আজি অনুষ্ঠিত হৈছিল। 

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.