Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

ড্ৰাগছ গোচৰ: পশ্চিমবংগ বিজেপিৰ প্ৰভাৰী কৈলাশ বিজয়বৰ্গীয়ৰ ঘনিষ্ঠ বিজেপি নেতাক গ্ৰেপ্তাৰ

দ্য ষ্টেটমেন্ট : ড্ৰাগছ গোচৰত পশ্চিমবংগ বিজেপিৰ এজনৰ পিছত আন এজন নেতাৰ নাম পোহৰলৈ আহিছে। তাৰ উপৰিও ড্ৰাগছ গোচৰক লৈ বিজেপিৰ ভিতৰচৰাত সৃষ্টি হোৱা কাজিয়াৰ কথাও ইতিমধ্যে সংবাদ মাধ্যমত প্রকাশ পাইছে।

গাড়ীত ড্ৰাগছ লৈ যোৱাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পশ্চিমবংগ বিজেপিৰ যুৱনেত্ৰী পামেলা গোস্বামীয়ে অভিযোগ উত্থাপন কৰিছে যে বিজেপিৰ নেতা ৰাকেশ সিঙে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিছে আৰু তাৰ প্ৰমাণ ইতিমধ্যে পামেলা গোস্বামীয়ে লাভ কৰিছে। এই ড্ৰাগছ গোচৰত আৰক্ষীয়ে পশ্চিমবংগ বিজেপিৰ প্ৰভাৰী কৈলাশ বিজয়বৰ্গীয়ৰ ঘনিষ্ঠ বিজেপি নেতা ৰাকেশ সিঙকো গ্ৰেপ্তাৰ কৰিছে। 

আৰক্ষীয়ে ৯০ গ্ৰাম কোকেইনৰ সৈতে গ্ৰেপ্তাৰ কৰা পামেলা গোস্বামীয়ে এনডিটিভিক কয় যে “ৰাকেশ সিঙে বহু দিনৰ পৰা মোক কিবা অভিযোগত অভিযুক্ত কৰিবলৈ প্ৰচেষ্টা চলাই আছিল। সেই বিষয়ত মোৰ হাতত ইতিমধ্যে বহু তথ্য আৰু প্ৰমাণ আছে।” 

উল্লেখ্য যে কলিকতা আৰক্ষীয়ে বিজেপি নেতা ৰাকেশ সিঙক ড্ৰাগছ গোচৰত সোধা পোছাৰ বাবে জাননী জাৰি কৰিছিল। কিন্তু ৰাকেশ সিঙে সেই জাননীৰ উত্তৰ প্ৰদান কৰি কৈছিল যে বিশেষ কাৰণত দিল্লীলৈ যাব লগা হোৱাৰ বাবে তেওঁৰ অধিবক্তাই আৰক্ষীক সাক্ষাৎ কৰিব। কিন্তু শেষত আৰক্ষীয়ে বিজেপি নেতাজনক গ্ৰেপ্তাৰ কৰে। 

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.