দ্য ষ্টেটমেন্ট : ভাৰতৰ নিৰ্বাচনী আয়োগে শুক্ৰবাৰে এক সংবাদমেলযোগে চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰে৷ অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীত অহা ২৭ মাৰ্চৰ পৰা বিভিন্ন পৰ্য্যায়ত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ২ মে’ তাৰিখে ফলাফল প্ৰকাশ পাব৷
মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল অৰোৰাই শুক্ৰবাৰে জনায় যে পশ্চিবংগত ৮টা পৰ্য্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব৷ তাৰপিছতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু বাওঁপন্থী দলে নিৰ্বাচন আয়োগৰ এই সিদ্ধান্তক লৈ ক্ষোভ প্ৰকাশ কৰে৷ অতীততো বেছি সমষ্টি থকা ৰাজ্যত এটা পৰ্য্যায়তে আৰু কম সমষ্টি থকা ৰাজ্যত বহুকেইটা পৰ্য্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ উদাহৰণ নথকা নহয় কিন্তু এইটো মানি ল’ব লাগিব যে কেইবাটাও পৰ্য্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’লে দলে ক্ষীপ্ৰতাৰে ৰণনীতি সলনি কৰি পৃথক পৃথক কুচকাৱাজেৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে৷
নিৰ্বাচন আয়োগৰ ঘোষণাৰ পিছতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে নিৰ্বাচন আয়োগে বিজেপিৰ শ্ৰুতলিপি অনুযায়ী ৮টা পৰ্য্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে৷ অৱশ্যে ২০১১ চনত মমতা বেনাৰ্জীৰ দল তৃণমূল কংগ্ৰেছ আৰু বাওঁপন্থী দলে ৬টা পৰ্য্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰা সিদ্ধান্তক আদৰণি জনাইছিল৷
কেইবাটাও পৰ্য্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’লে কিছু দলৰ বাবে এয়া লাভজনক বিষয় হিচাপে পৰিগণিত হয়৷ ৰাজনৈতিক বিশেষজ্ঞই কয় যে পৰ্য্যায় কেইবাটাও হ’লে ৰাজনৈতিক দলসমূহে নিজৰ ৰণনীতি শুধৰোৱা বা সংশোধন কৰাৰ বাবে সময় লাভ কৰে৷ জনতাৰ মুড সলনি হোৱাৰ লগে লগে দলেও নিজৰ ৰণনীতি সলনি কৰাত উজু হৈ পৰে৷
পশ্চিমবংগত বিজেপি দলে ২০১৬ৰ নিৰ্বাচনত মাত্ৰ ৩ খন আসনত জয়লাভ কৰিছিল৷ কিন্তু ২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপি দলে আশাপ্ৰদ ফলাফল প্ৰদৰ্শন কৰিছিল৷ পশ্চিমবংগত বিজেপি দলে চৰকাৰ গঠন কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছে৷ মমতা বেনাৰ্জীৰ হৈ নিৰ্বাচনী ৰণনীতিকাৰ প্ৰশান্ত কিশোৰ ইতিমধ্যে ফিল্ডত নামিছে৷ কোৱা হৈছে যে এই দিশসমূহলৈ লক্ষ্য ৰাখি বিজেপি দলে কোনো ত্ৰুটী এৰিব বিচৰা নাই৷ সেইবাবে কেইবাটাও পৰ্য্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ল পৰ্য্যায়ক্ৰমে বিজেপিয়ে নিজৰ কৌশল সলনি কৰিব পাৰিব৷
📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।