দ্য ষ্টেটমেন্ট : কেন্দ্ৰীয় চৰকাৰে দেশত Tik Tok কে ধৰি ৫৯ টা চীনা এপ(App)ত নিষেধাজ্ঞা আৰোপ কৰিছে। চৰকাৰে প্ৰতিৰক্ষা আৰু সুৰক্ষা তথা ব্যক্তিগত ডাটাৰ বিপদৰ কথা উল্লেখ কৰি এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে।
চৰকাৰৰ এই সিদ্ধান্তৰ পাছতেই দেশত ইতিমধ্যে গুগল আৰু এপলে প্লে ষ্ট’ৰ(Play Store)ৰ পৰা Tik Tok এপ ডিলিট কৰিছে। সংবাদ গোষ্ঠী PTI য়ে Tik Tok কথা উল্লেখ কৰি লিখিছে যে Tik Toৰ তৰফৰ পৰা চৰকাৰৰ আদেশ পালন কৰি থকা হৈছে কিন্তু Tik Tok পৰা কোনো ভাৰতীয়ৰ ডাটা আন দেশৰ সৈতে শ্বেয়াৰ কৰা হোৱা নাছিল, আনকি চীনৰ লগতো ডাটা শ্বেয়াৰ কৰা হোৱা নাছিল।
Tik Tok ইণ্ডিয়াৰ মুখ্য বিষয়া নিখিল গান্ধীয়ে কয় যে Tik Tokক উত্তৰ আৰু স্পষ্টীকৰণ দিবলৈ চৰকাৰী বিভাগে আলোচনালৈ আমন্ত্ৰণ জনাইছে। তেওঁ আৰু কয় যে “ভাৰত চৰকাৰে ৫৯ টা এপ ব্লক কৰাৰ সিদ্ধান্ত লৈছে, তাৰ ভিতৰত Tik Tokও আছে। আমি এই আদেশ পালন কৰাৰ প্ৰক্ৰিয়াত আছোঁ। চৰকাৰৰ সম্বন্ধীয় বিভাগৰ পৰা আমাক আলোচনাৰ বাবে আমন্ত্ৰণ কৰা হৈছে আৰু নিজৰ মন্তব্য প্ৰকাশ কৰাৰ সুবিধা দিয়া হৈছে। নিখিল গান্ধীয়ে কয় যে আমি Tik Tok ব্যৱহাৰ কৰা লোক সকলৰ প্ৰাইভেচী আৰু ‘ইন্তিগ্ৰিটি’ সকলোতকৈ ওপৰত ৰাখো।
যদিও Tik Tok য়ে এই কথা প্ৰকাশ কৰিছে কিন্তু চৰকাৰৰ দাবীসমূহ সম্পূৰ্ণ বিপৰীত আৰু বহুত গম্ভীৰ আছিল। কেন্দ্ৰীয় চৰকাৰে ২৯ জুনত Tik Tok ব্লক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি জনাইছিল যে এই এপ’ৰ ভুল ব্যৱহাৰ কৰি থকাৰ তথ্য চৰকাৰে লাভ কৰিছে। এই এপ ব্যৱহাৰ কৰা লোক সকলৰ তথ্য আন দেশলৈ ট্ৰেন্সফাৰ কৰা হৈছে। সেইবাবে দেশৰ প্ৰতিৰক্ষা, সুৰক্ষা, সাৰ্বভৌমত্ব আৰু ব্যৱহাৰ কৰা লোকসকলৰ ব্যক্তিগত কথাৰ প্ৰতি লক্ষ্য ৰাখি IT Act ৰ ধাৰা 69-A ৰ অধীনত ৫৯ টা এপ ব্লক কৰাৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে।
?আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।