Support Free Journalism
  Breaking News
'তুমি মোক ভোট দিয়া, মই তোমাক বিনামূলীয়া ভেকচিন দিম': টুইটাৰত কিয় এই প্ৰতিক্ৰিয়া-দৰমহাৰ পইচাৰে চলিব পৰা নাই, প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব খুজিছে বৰিছ জনচনে-হোৱাটছএপত ‘পৰ্ণ’ শ্বেয়াৰ কৰি ৰোষৰ বলি হ'ল গোৱাৰ উপ-মুখ্যমন্ত্ৰী তথা বিজেপি নেতা কাভেলকাৰ-বিহাৰৰ সকলো লোককে বিনামূলীয়াকৈ কৰ'ণাৰ প্ৰতিষেধক দিম: বিজেপিৰ ঘোষণাপত্ৰ-মহাৰাষ্ট্ৰ বিজেপিৰ জ্যেষ্ঠ নেতা একনাথ খড়চেৰ পদত্যাগ: যোগদান কৰিব শৰদ পাৱাৰৰ NCPত-“পইচা দে নহ’লে উগ্ৰপন্থী লগাই উঠাই দিমঃ” ধন দাবী কৰি ধৰা পৰিল এবিভিপিৰ নেতা-IPL 2020: পশ্চিম পাঠকক আপুনিও মহিলা আম্পায়াৰ বুলি ভুল ভাবিছে নেকি?-বিহাৰ নিৰ্বাচন- ভাষণ দিবলৈ সাজু হওঁতে তেজস্বী যাদৱলৈ চেণ্ডেল দলিয়ালে উপস্থিত জনতাই-কংগ্ৰেছ পৰা বিজেপিলৈ অহা নেতাক মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰাৰ পাছতেই ৩৭ চেকেণ্ডত দুবাৰকৈ ভৰিত ধৰিলে!-বিহাৰত সুৰা নিষিদ্ধ, কিন্তু তাৰ পাছতো সুৰাপায়ীৰ পছন্দৰ নেতা নীতিশ কুমাৰ: চাওঁক ভিডিঅ'

যিখন গাঁওৰ পৰা প্ৰধানমন্ত্ৰীয়ে গৰীৱ কল্যাণ আঁচনি আৰম্ভ কৰিছিল, সেই গাঁওত এজনো হিতাধিকাৰী নাই

দ্য ষ্টেটমেন্ট : ক’ৰ’ণা ভাইৰাছ সংক্ৰমণ ৰোধ কৰিবলৈ দেশজুৰি প্ৰযোজ্য কৰা লকডাউনৰ ফলত বহু লোকে জীৱিকা হেৰুৱাইছিল৷ প্ৰায়বোৰ শ্ৰমিক মজদুৰে চহৰৰ পৰা নিজ নিজ গৃহলৈ উভটি গৈছিল৷ ঘৰলৈ ঘূৰি যোৱা লোকসকলক ঘৰৰ কাষতে কাম দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে  ‘প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ পেকেজ’ৰ কথা ঘোষণা কৰিছিল৷ এই আঁচনিৰ জৰিয়তে প্ৰথমাৱস্থাত ৬ খন ৰাজ্যৰ ১১৬ খন জিলা সাঙুৰি লোৱা হৈছিল৷ বিহাৰৰ ৩৮ খন জিলাৰ ভিতৰত ৩৬ খন জিলাকে আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছিল৷ এই আঁচনিৰ বাবে চৰকাৰে ৫০ হাজাৰ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰিছিল৷ শেহতীয়াকৈ দ্য ৱায়াৰৰ এক ৰিপোৰ্টমতে, প্ৰধানমন্ত্ৰীয়ে যিখন গাঁওৰ পৰা এই আঁচনিৰ আৰম্ভণি কৰিছিল, এতিয়া সেই গাঁওত এজনো হিতাধিকাৰী নাই৷ বিহাৰৰ খাড়গিয়া জিলাৰ তেলীহাৰ গাঁওত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গৰীৱ কল্যাণ ৰোজগাৰ আঁচনিৰ শুভাৰাম্ভণি কৰিছিল৷ এতিয়া সেই গাঁওত আঁচনিৰ অধীনত এজনো হিতাধিকাৰী নাই৷

ৰিপোৰ্টমতে, আঁচনি আৰম্ভ হোৱাৰ পিছত এমাহলৈকে শ্ৰমিক মজদুৰে কাম লাভ কৰিছিল৷ তাৰপিছতে হোৱা বানপানীৰ ফলত লাহে লাহে শ্ৰমিক মজদুৰে পুনৰ অন্য ৰাজ্যলৈ উভটি যায়৷ গাঁওবুঢ়াই কোৱামতে, লকডাউনৰ সময়ত ৪৬৭ জন মজদুৰ গাঁওলৈ ঘূৰি আহিছিল, তাৰে ১২০ জনে কাম লাভ কৰিছিল৷ কিন্তু বানপানীৰ ফলত কাম বন্ধ হয় আৰু শ্ৰমিকসকলো অন্য ৰাজ্যলৈ উভটি যায়৷ ৰিপোৰ্টত প্ৰকাশ কৰামতে, আঁচনিৰ নামত বিহাৰত ১৭ হাজাৰ কোটি টকা আৱন্টন দিয়া হৈছে৷ বিহাৰ চৰকাৰে এতিয়ালৈ ১০ হাজাৰ কোটি টকাহে খৰছ কৰিছে৷

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.