Support Free Journalism
  Breaking News
এইগৰাকী আইতাৰ ৰেচিপি আঁকোৱালি ল'লে দৰ্শকে, Youtubeৰ পৰা লাভ কৰিলে Silver Button!-১৮ খন জিলাৰ চৰকাৰী চিকিৎসালয়ত ICU নাই ,স্বাস্থ্যমন্ত্ৰী নামৰ প্ৰাণীটোৱে কি কাম কৰে-ৰবীশ কুমাৰ-বিজেপিৰ বাবে মূল্যবৃদ্ধি আগতে 'ডাইনী' আছিল আৰু এতিয়া 'বৌয়েক' হৈ গ'ল নেকি?-তেজস্বী যাদৱ-পুলৱামা: ৰাজনৈতিক লাভ উঠাবলৈ চেষ্টা কৰা লোকৰ মুখা খোল খাই গ'ল-প্ৰধানমন্ত্ৰী-তুৰ্কী আৰু গ্ৰীচত হোৱা শক্তিশালী ভূমিকম্পত ২২ জন লোকৰ মৃত্যু, ভূমিকম্পৰ প্ৰাৱল্য আছিল ৭.০-আমাক ভোট দিয়ক,শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত আজান পীৰ কলাক্ষেত্ৰ নিৰ্মাণ কৰিম: বিজেপি-ধোঁৱা চাঙত বিজেপি চৰকাৰৰ জাতি-মাটি-ভেটী, বহিৰাগতক গটালে ৫০ বিঘা কৃষি ভূমি-"গোটেই পৃথিৱীৰ ৱাশ্বিং পাউডাৰ ব্যৱহাৰ কৰিলেও কমলনাথে দাগ মচিব নোৱাৰে৷"-শিৱৰাজ সিং চৌহান-চৌদি আৰৱৰ নতুন নোট- জন্মু-কাশ্মীৰ আৰু লাডাখক ভাৰতৰ অংশ হিচাপে নেদেখুৱালে-২০২০ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন হ'ব ইতিহাসৰ আটাইতকৈ খৰচী নিৰ্বাচন: কিমান টকা খৰচ হ'ব?

১১ বছৰ বয়সতে মাকক হেৰুৱাইছিল৷ গাখীৰ বিকি, অন্যৰ গাড়ী চলাই দেউতাকে ক্ৰিকেটাৰ বনালে পুত্ৰক

দ্য ষ্টেটমেন্ট : IPLৰ ১৪দশ খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে চেন্নাই ছুপাৰকিংছক ৭ ৰাণত পৰাজিত কৰে৷ হায়দৰাবাদৰ এই জয়লাভত মুখ্য ভূমিকা গ্ৰহণ কৰিলে যুৱ ক্ৰিকেটাৰ প্ৰিয়ম গাৰ্গে৷ চেন্নাইৰ বিৰুদ্ধে বেটিং কৰি থকাৰ এটা সময়ত হায়দৰাবাদে ৬৯ ৰাণত ৪টা উইকেট হেৰুৱাইছিল৷ কিন্তু তাৰ পিছতে অভিষেক শৰ্মা আৰু প্ৰিয়ং গাৰ্গে পঞ্চম উইকেটত ৪২ বলত ৭৭ ৰাণ স্কৰ কৰি দলৰ ৰাণ বৃদ্ধি কৰে৷ ২৩ টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰা প্ৰিয়ম গাৰ্গ ৫১ ৰাণ কৰি অপৰাজিত হৈ ৰয়৷ খেলখনত প্ৰিয়ম গাৰ্গে গেমচেঞ্জাৰ অৱ্ দ্য মেচ, চুপাৰষ্ট্ৰাইকাৰ অৱ্ দ্য মেচ আৰু মেন অৱ্ দ্য মেচৰ সন্মান লাভ কৰে৷ উত্তৰ প্ৰদেশৰ মিৰাটৰ নিবাসী প্ৰিয়ম গাৰ্গৰ এই সফলতাৰ কাহিনী সহজ নহয়৷

১১ বছৰ বয়সতে প্ৰিয়মে মাকক হেৰুৱায়৷ প্ৰিয়মে মিৰাটৰ যিখন ক্ৰিকেট একাডেমীত প্ৰশিক্ষণ লৈছিল, ঘৰৰ পৰা ২০ কিলোমিটাৰ দূৰৈত আছিল৷ দেউতাকে প্ৰথমে চাইকেলেৰ প্ৰিয়মক একাডেমিলৈ অনা নিয়া কৰিছিল৷ ঘৰৰ আৰ্থিক অৱস্থা বেয়া হোৱাত দেউতাকে গাখীৰ বিক্ৰী কৰিবলৈ লয়৷ মাজে সময়ে অন্য লোকৰ গাড়ী চলায়ো কিছু টকা উপাৰ্জন কৰে৷ দেউতাকে প্ৰিয়মক একাডেমীলৈ যাবলৈ সদায় ১০ টকাকৈ দিছিল৷ কেতিয়াবা প্ৰিয়মৰ ১০ টকা কম হৈ যায়, তেতিয়া প্ৰিয়মে বাছৰ ওপৰত উঠি অহা-যোৱা কৰিছিল৷ এবছৰ আগলৈকে প্ৰিয়ম গাৰ্গ এক পৰিচিত চেহেৰা নাছিল৷ ২০১৮ চনৰ ডিচেম্বৰ মাহত ত্ৰিপুৰাৰ বিৰুদ্ধে প্ৰিয়মে প্ৰথম শ্ৰেণী ক্ৰিকেটৰ প্ৰথমটো শতৰাণ অৰ্জন কৰে৷ ২০১৯ চনত তেওঁ চৈয়দ মুস্তাক আলি ট্ৰফীলৈ নিৰ্বাচিত হয়৷ তাত ভাল খেল প্ৰদৰ্শন কৰাৰ পিছত  প্ৰিয়মে দুলীফ ট্ৰফীত খেলাৰ সুযোগ লাভ কৰে৷ অক্টোবৰ ২০১৯ত প্ৰিয়মে ভাৰতীয় ক্ৰিকেট দলৰ ‘চি’ টীমত স্থান লাভ কৰে৷ ২০১৯/২০ চনৰ বিজয় হাজাৰে ট্ৰফীত প্ৰিয়মে ৬ খন মেচত ২৮৭ ৰাণ সংগ্ৰহ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ ডিচেম্বৰ ২০১৯ত প্ৰিয়ম গাৰ্গ ১৯ অনুৰ্ধ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক নিৰ্বাচিত হয়৷ নেতৃত্ব প্ৰদান কৰি প্ৰিয়মে ভাৰতীয় দলক ফাইনেলত উপনীত কৰোৱায়৷ ২০২০ চনৰ আইপিএলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৯০ লাখ টকাৰে প্ৰিয়ম গাৰ্গক ক্ৰয় কৰে৷ ২ অক্টোবৰৰ মেচত প্ৰিয়ম গাৰ্গে দলৰ সংকটৰ সময়ত যি ইনিংছ খেলিলে, তাৰপিছতে ক্ৰিকেট প্ৰেমীৰ মাজত খুব চৰ্চিত হৈ পৰিছে৷

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.