Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক

দ্য ষ্টেটমেন্ট: ১৪ বছৰ ধৰি অসমত চাহৰ ব্যৱসায় কৰা এমালগেমেটেড প্লেণ্টেচন প্ৰাইভেট লিমিটেড আৰু টাটা কনজিউমাৰ প্ৰডাক্টছ লিমিটেডৰ কৰ্পৰেট কাৰ্যালয় অসমৰ পৰা গোপনে কলিকতালৈ স্থানান্তৰ কৰাৰ সম্পূৰ্ণ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ইতিমধ্যে কোম্পানী দুটাত কৰ্মৰত সকলো শীৰ্ষ বিষয়াক অহা ৩০ এপ্ৰিলৰ ভিতৰত কলকাতাত যোগদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

গুৰুত্বপূৰ্ণ কথাটো হ’ল যে বিক্ৰম সিং গোলীয়া নামৰ এজন ব্যক্তিয়ে কোম্পানীটোৰ পৰিচালন সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰাই কিছু অসম বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল। কোৱা হৈছে যে বিক্ৰম সিং গোলীয়াই কোম্পানীটোৰ পৰিচালন সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই টাটা টীয়ে অসমৰ থলুৱা যুৱক যুৱতীৰ নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰি কিছু কিছু ঠাইত চাহ বাগিচাৰ ভূমি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। তাৰ পিছতেই  টাটা টীৰ কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি কোম্পানী দুটাত কৰ্মৰত সকলো শীৰ্ষ বিষয়াক অহা ৩০ এপ্ৰিলৰ ভিতৰত কলকাতাত যোগদান কৰিবলৈ নিৰ্দেশ দিয়ে। গুৰুত্বপূৰ্ণ কথাটো হ’ল যে টাটা টীৰ মুঠ ২৫ খন বাগানৰ ভিতৰত ২১ খন বাগান অসমত থকাৰ বাবেই টাটা টীয়ে কৰ্পৰেট কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰিবলৈ বাধ্য হৈছিল। 

টাটা টীৰ এই সিদ্ধান্তৰ পিছতেই আলফা স্বাধীনে টাটা টীক একপ্ৰকাৰৰ ভাবুকি প্ৰদান কৰি টাটা টীৰ সকলো প্ৰশাসনিক কাৰ্যলয় অসমলৈ স্থানান্তৰ কৰিবলৈ সকীয়নি প্ৰদান কৰিছে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃত্তিটোত আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসমে কয় যে চাহ কোম্পানীটোৱে অসমৰ নিবনুৱা যুৱক যুৱতীসকলক বঞ্চিত কৰি বহিঃৰাজ্যৰ লোকক নিযুক্তি দিয়াটো আলফা স্বাধীনে লক্ষ্য কৰি আছে। আলফা স্বাধীনে অভিযোগ উত্থাপন কৰে যে টাটা টীয়ে ব্যৱসায় চলাই থকা অঞ্চলটোৰ প্ৰতি নিজৰ দায়িত্ব পালন কৰা নাই আৰু এনে প্ৰেক্ষাপটত অসমৰ সম্পদেৰে চহকী হোৱা কোম্পানীটোৱে অসমৰ জনগণক বঞ্চিত কৰা কায্য আলফা স্বাধীনে কেতিয়াও মানি নলয়।

শেষত আলফা স্বাধীনে টাটা টীৰ সকলো প্ৰশাসনিক কাৰ্যালয় অসমত স্থাপন কৰি অসমৰ থলুৱা যুৱক যুৱতীক কোম্পানীটোত নিযুক্তি দিবলৈ সকীয়নি প্ৰদান কৰিছে। আলফা স্বাধীনে কয় যে যদি কোম্পানীটোৱে এই কাম নকৰে তেতিয়াহলে সংগঠনটোৱে টাটা টীৰ সকলো শীৰ্ষ বিষয়াৰ প্ৰৱেশ অসমত নিষিদ্ধ কৰাৰ উপৰিও টাটা টীৰ সকলো বাগিচা বন্ধ কৰি দিব।

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত লাইককৰিব পাৰে। আমাৰ ভিডিঅৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক চাবস্ক্ৰাইবকৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.