Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

অসমৰ ব্ৰাহ্মণ-পুৰোহিত নহয়, বাহিৰৰ পৰা অহা শ-শ পূজাৰীয়েহে অসমত অনুষ্ঠিত কৰে মহাযজ্ঞ

দ্য ষ্টেটমেন্ট : ২০১৭ চনত সৰ্বানন্দ সোনোৱাল চৰকাৰৰ দিনত বৃহৎ আয়োজনেৰে অসমত নমামি ব্ৰহ্মপুত্ৰ উৎসৱৰ আয়োজন কৰা হৈছিল। দেশৰ প্রাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীয়ে উদ্বোধন কৰা নমামী ব্ৰহ্মপুত্ৰৰ আৰম্ভণিৰ দিনাই গুৱাহাটীৰ নীলাচল পাহাৰৰ তলত ব্ৰহ্মপুত্ৰ প্ৰণামী আৰতি অনুষ্ঠিত কৰা হৈছিল আৰু সেই আৰতিৰ বাবে অসম চৰকাৰে চৰকাৰী খৰচত হৰিদ্বাৰৰ পৰা অনা ২৭ জন ব্ৰাহ্মণে সেই আৰতি সম্পূৰ্ণ কৰিছিল। সেই সময়ত অসমৰ ব্ৰাহ্মণ পুৰোহিতক কোনো আগস্থান দিয়া হোৱা নাছিল। 

কেৱল সিমানেই নহয়, মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত আমিনগাঁওত আয়োজন কৰা অতিৰুদ্ৰম মহাযজ্ঞৰ বাবে তিৰুপতিৰ পৰা ২২২ জন ব্ৰাহ্মণ পুৰোহিতক অনা হৈছিল। সেই অতিৰুদ্ৰম মহাযজ্ঞত অসমৰ ব্ৰাহ্মণ পুৰোহিত সকলে স্থান লাভ কৰা নাছিল। 

নমামি আৰু অতিৰুদ্ৰম মহাযজ্ঞৰ পিছত এইবাৰ নগাওঁত নিৰ্মিত মহামৃত্যুঞ্জয়  মন্দিৰ ১০৮ কুঞ্জ যজ্ঞৰে আয়োজন কৰা মৃত্যুঞ্জয়ৰ স্থিৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত অংশগ্ৰহণ কৰাৰ বাবে এইবাৰ তামিলনাডুৰ পৰা ২০০ জন তামিল ব্ৰাহ্মণ পুৰোহিতক বিশেষভাৱে অসমলৈ আমন্ত্ৰণ জনোৱা হৈছে। এই ২০০ জন ব্ৰাহ্মণ পুৰোহিতৰ উপৰিও দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৪০০ জন পূজাৰী মহামৃত্যুঞ্জয় মন্দিৰত উপস্থিত হৈছে। 

অসমত আয়োজন কৰা প্ৰতিটো অনুষ্ঠানতে বাহিৰৰ পৰা ব্ৰাহ্মণ পুৰোহিতক বিশেষভাৱে অসমলৈ আমন্ত্ৰণ জনোৱা কথাটোৱে বহু কেইটা প্ৰশ্নৰ উত্থাপন কৰিছে, হয়তো বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই অসমৰ ব্ৰাহ্মণৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰিব পৰা নাই বা এনেকুৱাও হ’ব পাৰে যে অসমৰ বিজেপি নেতা সকলেও এতিয়া লৈকে অসমৰ ব্ৰাহ্মণৰ দক্ষতা আছে বুলি ভবা নাই। 

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.