Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

দ্য ষ্টেটমেন্ট : কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত যোৱা ২৪ ঘণ্টাত ৯৩,২৪৯ জন লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে আৰু ৫১৩ জন ৰোগীৰ মৃত্যু হৈছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল যে এই সংখ্যা ২০১৯ চনৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত সৰ্বাধিক। দেশৰ বর্তমান সময়ত কৰ’ণা ভাইৰাছৰ এক্টিভ কেচৰ সংখ্যা হৈছে ৬ লাখ ৯১ হাজাৰ ৫৯৭। দেশত কৰ’ণাৰ সংক্ৰমণ অভাৱনীয়ভাৱে বৃদ্ধি হোৱাৰ পিছতেই প্ৰধানমন্ত্ৰী মোদীয়ে আজি এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰি এই সন্দৰ্ভত আলোচনা কৰিছে। ANI য়ে প্ৰকাশ কৰা বাতৰি অনুসৰি পএই বৈঠকত কেবিনেট সচিব, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব, স্বাস্থ্য সচিব আৰু নীতি আয়োগৰ সদস্য ডাঃ বিনোদ পাল উপস্থিত আছিল। 

কৰ’ণাৰ সংক্রমণ বৃদ্ধি হোৱাৰ সময়তে অসমৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এটা ভিডিঅ ছচিয়েল মিডিয়াত খুব ভাইৰেল হৈছে। দ্যা লাল্লনটপৰ সাংবাদিক সৌৰভ ডিৱেদিয়ে হিমন্ত বিশ্ব শৰ্মাই মাস্ক কিয় পৰিধান কৰা নাই, সেই সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত ডঃ শৰ্মাই কৈছিল যে অসমত এতিয়া কোনো ধৰণৰ কোৰোণাৰ পৰিস্থিতি নাই। মাস্ক পৰিধান কৰি মানুহক পুনৰ ভীতিগ্ৰস্ত কৰিব বিচৰা নাই। বছৰ জোৰা ভয়াৱহ পৰিস্থিতিৰ অন্তত অসম এতিয়া অৰ্থনৈতিক ভাবে পুনৰ গা কৰি উঠিছে। মাস্ক পৰিধান কৰি থাকিলে বিউটী পাৰ্লাৰ কেনেদৰে চলিব? পৰিস্থিতি লাহে লাহে স্বাভাৱিক গৈছে। গতিকে পুনৰ মাস্ক পৰিধান কৰি মিছাতে শংকাৰ সৃষ্টি কৰিব বিচৰা নাই।’ সেইদৰে অসমত যদি পুনৰ তেনে পৰিস্থিতি আহে, তেতিয়া সংবাদমেল সম্বোধন কৰি পুনৰ নীতি-নিয়ম পালন কৰিবলৈ ক’ব।”

কিন্তু মন্ত্ৰী গৰাকীৰ এই  ভিডিঅ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে বহুতেই ডঃ শৰ্মাক ট্ৰল কৰিবলৈ আৰম্ভ কৰে। তাৰ পিছতেই সমালোচনাৰ প্ৰত্যুত্তৰ দি ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে “যিসকলে মাস্কৰ সন্দৰ্ভত মই কৰা মন্তব্যক উপলুঙা কৰিছে, সেইসকল অসমলৈ আহিব লাগে আৰু দিল্লী, কেৰালা আৰু মহাৰাষ্ট্ৰৰ তুলনাত আমি কিদৰে কোৰোণা প্ৰতিৰোধ কৰিছো চাব লাগে। লগতে আমাৰ চমকপ্ৰদ অৰ্থনৈতিক বিকাশো লক্ষ্য কৰিব লাগে। আমি একেই উৎসাহেৰেএইবাৰ ৰঙালী বিহুও উদযাপন কৰিম।”


আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.