Support Free Journalism
  Breaking News
প্ৰধানমন্ত্ৰীয়ে অসম-কেৰালালৈ গৈ আছে, কৃষকক সাক্ষাৎ কৰিবলৈহে সময় নাই: চিদাম্বৰম-'বংগই কেৱল নিজৰ কন্যাক বিচাৰে, ২ মে'ত মোৰ পুৰণা টুইট উলিয়াই ল'ব': প্ৰশান্ত কিশোৰ-পশ্চিমবংগত ৮টা পৰ্য্যায়ত নিৰ্বাচন- কিয় অসন্তুষ্ট মমতা বেনাৰ্জী?-প্ৰহাৰ-পলাতক-পুৰস্কাৰ-গ্ৰেপ্তাৰ: আৰক্ষীক প্ৰহাৰ কৰা বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিক গ্ৰেপ্তাৰ-"শৈশৱৰ সপোন আজি বাস্তৱত পৰিণত হ'ল"- অসম আৰক্ষীৰ উপ-অধীক্ষক হিমা দাস-অসমৰ ব্ৰাহ্মণ-পুৰোহিত নহয়, বাহিৰৰ পৰা অহা শ-শ পূজাৰীয়েহে অসমত অনুষ্ঠিত কৰে মহাযজ্ঞ-জলসিঞ্চন বিভাগে বাতিল কৰিলে ২৪৬টা কণিষ্ঠ সহায়ক পদৰ পৰীক্ষা: ভবেশ কলিতাৰ ঘোষণা-অসমক আন্দোলন,হিংসাৰ বাবেহে জানিছিল, কিন্তু এতিয়া বিকাশৰ সূচনা হৈছে: অমিত শ্বাহ-'মোদী দংগাবাজ,ট্ৰাম্পতকৈও বেয়া সময়ে মোদীৰ বাবে অপেক্ষা কৰি আছে'-মমতা-এমাহ ধৰি ICUত ৰখা ৰোগীৰ মৃত্যুক লৈ পুনৰ বিতৰ্কত GNRC: ছচিয়েল মিডিয়াত সকলো কথা লিখিলে আত্মীয়ই

The Statementৰ সৈতে কাম কৰিব বিচাৰে নেকি? যদি বিচাৰে আবেদন কৰক

দ্য ষ্টেটমেন্ট : The Statement এটা সৰু নিউজ নিউজ প’ৰ্টেল। আমাৰ এটা সৰু টীম আছে আৰু সেই টীমটোৱে একেলগ হৈ বাতৰি প্ৰস্তুত কৰোঁ। লাইক বা শ্বেয়াৰৰ বাবে বাতৰি প্ৰস্তুত কৰাটো আমাৰ উদ্দেশ্য নহয় ।আমি সদায়েই কিবা এটা নতুনকৈ শিকিবলৈ চেষ্টা কৰোঁ, পাৰ্যমানে তথ্যভিত্তিক খবৰ প্ৰদান কৰিব বিচাৰোঁ। 

The Statementত কৰ্মৰত সৰু টীমটোৱে তৰ্ক কৰোঁ, কিন্তু কাজিয়া নকৰোঁ। আমি প্ৰাথমিক সমস্যাক প্ৰাধান্য দি বাতৰি প্ৰস্তুত কৰোঁ আৰু আমি কোনো প্ৰচলিত ধাৰাত বিশ্বাস নকৰোঁ। বৰ্ত্তমান সময়ত আমি আমাৰ সৰু টীমটোৰ পৰিসৰ বৃদ্ধি কৰিব বিচাৰিছোঁ। যদি আপোনালোক আগ্ৰহী হয়, তেতিয়াহ’লে তলত উল্লেখ থকা পোষ্ট কেইটাৰ বাবে আবেদন জনাব পাৰে।

১. গুৱাহাটীৰ বাবে এজন ষ্টাফ ৰিপোৰ্টাৰ: অভিজ্ঞতা থাকিব লাগিব বা সাংবাদিকতাৰ শিক্ষা গ্ৰহণ কৰিব লাগিব বুলি কোনো ধৰাবন্ধা নিয়ম নাই। যদি পাৰিম বুলি আপোনাৰ মনে ধৰে তেতিয়াহ’লে আবেদন কৰিব পাৰিব। নেতা, মন্ত্ৰী বা আন কোনো লোকক দুই এটা প্ৰশ্ন কৰিব পৰা হ’লে আৰু ভাল হ’ব।

২. গুৱাহাটীৰ বাবে এজন কেমেৰামেন: সাক্ষাৎকাৰ গ্ৰহণ কৰাৰ বাবে সাধাৰণ জ্ঞান থকা যিকোনো ব্যক্তিয়ে আবেদন কৰিব পাৰিব।

৩. দুগৰাকী ৱেব ডেস্ক একজেকিউটিভ : যিহেতুকে The Statement এটা ৱেব প’ৰ্টেল সেইবাবে আমি ৱেবচাইটৰ বাতৰিত গুৰুত্ব প্ৰদান কৰোঁ। আমাক দুজন ৱেব ডেস্ক একজেকিউটিভৰ প্ৰয়োজন। আবেদন জনোৱা ব্যক্তিজনৰ অনুবাদৰ জ্ঞান থাকিব লাগিব। লগতে দেশত চলি থকা সাম্প্ৰতিক ঘটনাৰ বিষয়ে জানিবলৈ আগ্ৰহ থাকিলে আৰু ভাল। 

৪. এজন/এগৰাকী এংকৰ: বৰ্তমান সময়ত এজন এংকৰে চাৰিখন গ্ৰাফিক্স তৈয়াৰ কৰি একেটা কথাকে ৪ -৫ বাৰকৈ কৈ থাকিলে দর্শকে আমনি পায়। গতিকে আমাক এনেকুৱা এজন বা এগৰাকী এংকৰ লাগে, যিয়ে সাধৰণ ভাষাত এটা বাতৰি লিখি  লাহে লাহে সুন্দৰকৈ দৰ্শকক বুজাই দিব পাৰে। অভিজ্ঞতা থাকিব লাগিব বা সাংবাদিকতাৰ শিক্ষা গ্ৰহণ কৰিব লাগিব বুলি কোনো ধৰাবন্ধা নিয়ম নাই। 

৫. ষ্টাফ ৰিপোৰ্টাৰ: আমি অসমৰ কেইখনমান(নগাঁও, গোলাঘাট, যোৰহাট, ডিব্ৰুগঁড়, তিনিচুকীয়া, শোণিতপুৰ, নলবাৰী, মাজুলী,বৰপেটা, দৰং, কোকৰাঝাৰ, গোৱালপাৰা, ধুবুৰী) জিলাত আমাৰ এজনকৈ সাংবাদিকক নিযুক্তি দিব বিচাৰিছো। যদিও সেই কাম কৰিবলৈ সাংবাদিকতাৰ অভিজ্ঞতা থাকিব লাগিব বা সাংবাদিকতাৰ শিক্ষা গ্ৰহণ কৰিব লাগিব বুলি কোনো ধৰাবন্ধা নিয়ম নাই কিন্তু প্ৰচলিত ধাৰাতকৈ অলপ বেলেগ ধৰণে যদি বাতৰি প্ৰস্তুত কৰাৰ হেঁপাহ আছে। তেতিয়াহ’লে আবেদন কৰিব পাৰে। 

এতিয়া কথাটো হ’ল, আবেদন কেনেকৈ কৰিব? 
১. যদি আপুনি উপৰোক্ত পদ কেইটাত আবেদন কৰিব বিচাৰিছে। তেতিয়াহ’লে আপোনাৰ পৰা কি আশা কৰা হৈছে, সেই বিষয়ে পুনৰ এবাৰ পঢ়ি লওঁক আৰু তাৰ পিছত আবেদন কৰক। 
২. আবেদন কৰিবলৈ আপুনি আপোনাৰ Resume/CV/Bio Data, [email protected] লৈ প্ৰেৰণ কৰক। যদি Resume নাই,  তেতিয়াহ’লে আপোনাৰ অভিজ্ঞতাৰ এটা চমু বিৱৰণ দি (নাথাকিলেও কথা নাই)কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, সকলো লিখি ফোন নম্বৰৰ সৈতে আমালৈ এখন মেইল পঠাই দিয়ক। আমি নিজেই যোগাযোগ কৰিম।
৩. আমাৰ কাৰ্যালয়ৰ ঠিকনা- ভঙাগড়, গুৱাহাটী

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.