দ্য ষ্টেটমেন্ট : পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে জনতাক জ্বলা-কলা খুৱাইছে৷ পেট্ৰ’ল ডিজেলৰ মূল্যৰ ওপৰত চৰকাৰে আৰোপ কৰা বৃহৎ পৰিমাণৰ কৰ(টেক্স)ৰ বাবেই যে পেট্ৰ’ল ডিজেলৰ মূল্য আকাশলংঘী হৈছে সেয়া সকলোৱে বুজি পাইছে আৰু কৰ হ্ৰাস কৰিবলৈ চৰকাৰলৈ দাবী উত্থাপন কৰিছে৷
তাৰমাজতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসেও পেট্ৰ’ল ডিজেলৰ ওপৰত আৰোপ কৰা কৰ হ্ৰাস কৰিবলৈ অনুৰোধ জনাইছে৷ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মৌদ্ৰিক নীতি সমীক্ষা(MPC) বৈঠকত এই প্ৰসংগ উত্থাপন কৰে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে৷ বৈঠকৰ জৰিয়তে শক্তিকান্ত দাসে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আহ্বান জনায় যে চৰকাৰে পৰোক্ষ কৰ(Indirect Tax) হ্ৰাস কৰি পেট্ৰ’ল ডিজেলৰ মূল্যত পৰিৱৰ্তন আনিব লাগে৷ তেওঁ লগতে কয় যে লাহে লাহে কৰ হ্ৰাস কৰি গৈ থাকিব লাগে যাতে অৰ্থনীতিৰ ওপৰত প্ৰভাৱ নপৰে৷
উল্লেখযোগ্যে যে, এতিয়ালৈকে ৰাজস্থান, পশ্চিমবংগ, অসম আৰু মেঘালয়- এই চাৰিখন ৰাজ্যৰ ৰাজ্য চৰকাৰে পেট্ৰ’ল-ডিজেলৰ ওপৰত আৰোপ কৰা VAT হ্ৰাস কৰিছে৷ সেইবাবে এই চাৰিখন ৰাজ্যত অন্য ৰাজ্যৰ তুলনাত পেট্ৰল-ডিজেলৰ মূল্য কিছু কম৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈ কৰ হ্ৰাস কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ উল্লেখ্য যে, পেট্ৰোলিয়ামৰ ওপৰত সৰ্বাধিক কৰ আৰোপ কৰাৰ ক্ষেত্ৰত পৃথিৱীৰ ৫ খন দেশৰ ভিতৰত ভাৰতো আছে৷
📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।