Support Free Journalism

Support Free & Independent Journalism


বৰ্তমান সময়ত সংবাদ মাধ্যম সংকটত আছে। বহু লোকে সংবাদ মাধ্যমৰ নিৰপেক্ষতাক লৈও প্ৰশ্ন উত্থাপন কৰি আহিছে ।

বৰ্তমান সময়ত দেশৰ সংবাদ মাধ্যম ৰাজনৈতিক নেতা, ৰাজনৈতিক নেতাৰ পৰিয়াল আৰু কেৱল কোম্পানীৰ দ্বাৰা পৰিচালিত হৈ আছে । আমি এটা কথা বিশ্বাস কৰোঁ যে ৰাজনৈতিক নেতা আৰু কোম্পানীয়ে পৰিচালনা কৰা সংবাদ মাধ্যমে বিজ্ঞাপনদাতা আৰু ৰাজনৈতিক নেতাৰ স্বাৰ্থ সন্মুখত ৰাখিয়েই বাতৰি পৰিবেশন কৰিব ।

ভাৰতৰ দৰে সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনৰ সংবাদমাধ্যমৰ লগত জড়িত বহু লোকে বৰ্তমান সময়ত সঠিক, নিৰপেক্ষ খবৰ প্ৰকাশ কৰিব খোজাৰ পাছতো কৰিব নোৱাৰে কাৰণ মালিকপক্ষই সেই বাতৰি প্ৰকাশ কৰাত বাধা আৰোপ কৰে। এইধৰণৰ প্ৰভাৱৰ পৰা মুক্ত নোহোৱা বাবেই সংবাদ মাধ্যমৰ ওপৰত সাধাৰণ ৰাইজৰ আস্থা হ্ৰাস পাইছে আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভই লাহে লাহে সাধাৰণ ৰাইজৰ প্ৰশ্ন চৰকাৰৰ সন্মুখত উঠোৱাৰ পৰিবৰ্তে চৰকাৰৰ গুণ গান কৰিবলৈ লোৱা দেখা গৈছে ।

এটা বাতৰি প্ৰস্তুত কৰিবলৈ গৱেষণা টীম, সংবাদকৰ্মীৰ পৰা আৰম্ভ কৰি কেমেৰাৰ লগত জড়িত লোক, গ্ৰাফিক্স এডিটৰ, ভিডিঅ' এডিটৰ আদি বহুতৰ কষ্ট জড়িত হৈ থাকে আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এটা ভাল সংবাদ প্ৰস্তুত কৰিবলৈ কিছু অৰ্থৰ প্ৰয়োজন হয়।

'দ্য ষ্টেটমেণ্ট' (The Statement)য়ে ভাবো বৰ্তমান সময়ত আৰ্থিকভাৱে স্বতন্ত্ৰ হ'লেহে আৰু এটা নিৰপেক্ষ সংবাদ কৰ্মীৰ টীম হ'লেহে আমি ৰাইজৰ সন্মুখত সঠিক বাতৰি পৰিবেশন কৰিবলৈ সক্ষম হ'ম।

যদি আপুনি 'দ্য ষ্টেটমেণ্ট'ক এটা নিৰপেক্ষ, স্বাধীন, সাহসী আৰু চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰা সাংবাদিকতাৰ বাবে আপোনাৰ পৰা সহযোগ লাভ কৰিবলৈ যোগ্য বুলি গণ্য কৰে তেতিয়াহ'লে আমালৈ আৰ্থিক সহযোগ আগবঢ়াব পাৰে। আপোনাৰ সাহাৰ্য্য আৰু শুভাশীষেই 'দ্য ষ্টেটমেণ্ট'ৰ ভবিষ্যত নিৰ্ণয় কৰিব ।


By clicking Support Now you agree to our terms of service and FAQ's