Support Free Journalism
  Breaking News
'তুমি মোক ভোট দিয়া, মই তোমাক বিনামূলীয়া ভেকচিন দিম': টুইটাৰত কিয় এই প্ৰতিক্ৰিয়া-দৰমহাৰ পইচাৰে চলিব পৰা নাই, প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব খুজিছে বৰিছ জনচনে-হোৱাটছএপত ‘পৰ্ণ’ শ্বেয়াৰ কৰি ৰোষৰ বলি হ'ল গোৱাৰ উপ-মুখ্যমন্ত্ৰী তথা বিজেপি নেতা কাভেলকাৰ-বিহাৰৰ সকলো লোককে বিনামূলীয়াকৈ কৰ'ণাৰ প্ৰতিষেধক দিম: বিজেপিৰ ঘোষণাপত্ৰ-মহাৰাষ্ট্ৰ বিজেপিৰ জ্যেষ্ঠ নেতা একনাথ খড়চেৰ পদত্যাগ: যোগদান কৰিব শৰদ পাৱাৰৰ NCPত-“পইচা দে নহ’লে উগ্ৰপন্থী লগাই উঠাই দিমঃ” ধন দাবী কৰি ধৰা পৰিল এবিভিপিৰ নেতা-IPL 2020: পশ্চিম পাঠকক আপুনিও মহিলা আম্পায়াৰ বুলি ভুল ভাবিছে নেকি?-বিহাৰ নিৰ্বাচন- ভাষণ দিবলৈ সাজু হওঁতে তেজস্বী যাদৱলৈ চেণ্ডেল দলিয়ালে উপস্থিত জনতাই-কংগ্ৰেছ পৰা বিজেপিলৈ অহা নেতাক মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰাৰ পাছতেই ৩৭ চেকেণ্ডত দুবাৰকৈ ভৰিত ধৰিলে!-বিহাৰত সুৰা নিষিদ্ধ, কিন্তু তাৰ পাছতো সুৰাপায়ীৰ পছন্দৰ নেতা নীতিশ কুমাৰ: চাওঁক ভিডিঅ'

লাভ জেহাদীক সশ্ৰম কাৰাদণ্ড দিবলৈ হিমন্ত বিশ্ব শৰ্মা কোন?

শিখা শৰ্মা– ক্ষমতাই কিমান বলিয়া কৰিব পাৰে মানুহক ? অস্তিত্ব কিমান সংকটত থাকিলে মানুহ ভাষণৰ মাজত উজুতি খায় ? কিমান লালসা থাকিলে মানুহ অমানুহ হৈ পৰে ? আৰু কিমান নিৰাপত্তাহীনতাত ভুগিলে মানুহৰ ওঁঠত দম্ভ আৰু কন্ঠত কান্দোন থাকে ৷ কিমান ??? 
ইয়াৰ উত্তৰ পাবলৈ আমি গুছি যাব লাগিব ডিব্ৰুগড়ত হৈ যোৱা বিজেপিৰ মহিলা মৰ্চাৰ কাৰ্য্যনিৰ্বাহকলৈ ৷ মিটিংখনত দিয়া হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ শুনিলো ৷ কি আচৰিত ব্যাখ্যা ৷ ‘আজমল সভ্যতা’ !!! আজমল এজন ব্যক্তি ৷ এজন ব্যক্তিয়ে গঢ় দিয়া (!!!!) এটা সভ্যতাক লৈ, এজন হিন্দুৰ ইমান আস্ফালন ! বদৰুদ্দিন আজমলে কি সভ্যতাৰ জন্ম দিছিল, দিছিল নে নাই, সেয়া আজমলে জানিব ৷ আমাৰ মতে, আমি আগতে ক’তো নুশুনা আজমল সভ্যতাৰ জন্মদাতা কিন্তু হিমন্ত বিশ্ব শৰ্মাহে ৷ 
আজমল সভ্যতাঃ
জন্ম- ১১৷ ১০ ৷২০২০ 
জন্মস্থান-ডিব্ৰুগড় 
জন্মক্ষেত্ৰ- বিজেপি মহিলা মৰ্চাৰ কাৰ্য্যনিৰ্বাহক ৷ 
জন্মদাতা- অসমৰ শিক্ষা, স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা 
উদ্দ্যেশ্য- ২০২১ ৰ অসম বিধানসভাৰ নিৰ্বাচন জিকা ৷
প্ৰশ্নঃ সভ্যতা মানে কি ? 
উত্তৰঃ যি মানুহক সভ্য হ’বলৈ শিকায় ৷ এখন সমাজ বা ঠাইৰ সমাজ ব্যৱস্থা, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, শিল্প-সংস্কৃতি, কলা-স্থাপত্য, সাহিত্য-ইতিহাস, জীৱন প্ৰণালী আদিৰ সন্মিলিত ব্যৱস্থাটোক সেই ঠাইখনৰ বা সমাজখনৰ সভ্যতা বুলি কোৱা হয় ৷ 
মোৰ প্ৰশ্নঃ 
১৷ মুছলমানসকলক আজমলে  ধৰ্ষণ কৰিবলৈ শিকায় নেকি ? 
২৷ আজমলে মুছলমান পুৰুষক, ফেচবুকত হিন্দু ল’ৰাৰ ছদ্ম নাম লৈ, অসমৰ অসমীয়া হিন্দু মহিলাক, লাভৰ নামত জেহাদ কৰিবলৈ শিকাই নেকি ? 
৩৷ অসমৰ কাজিৰঙাৰ গড় হত্যা কৰিবলৈ, আজমলৰ সভ্যতাই উচতাই নেকি মুছলমানক ? 
৪৷ অৰ্ণমাই বৰাৰ ধৰ্ষণ, আজমলৰ সভ্যতাৰ ফল নেকি ? 
       যদি হিমন্ত বিশ্ব শৰ্মাৰ হাতত ইয়াৰ প্ৰমাণ আছে, তেন্তে আমাৰ দাবী- অনতিপলমে আজমলক গ্ৰেপ্তাৰ কৰক ৷ আজমলক ফাঁচী দিয়ক ৷ এইখন অসম ৷ ইয়াত আজমলৰ বেআইনী কাম কাজ নচলিব ৷ ডঃ শৰ্মা, আপুনি যদি হিন্দু হয়, তেন্তে আজমলক এক মুহূৰ্ত্তৰ বাবেও অসমত থাকিবলৈ নিদিব ৷ গুজৰাটৰ পানীৰ পাইপত, উটুৱাই দিয়ক বদৰুদ্দিন আজমলক ৷ মিলি যাওক আজমল, গুজৰাটৰ পানীৰ পাইপেদি মুছলমানৰ তেজত ৷ আমি এক মুহূৰ্তও সহ্য নকৰো আজমলক ৷ 
       পাৰিব ? নোৱাৰে ৷ আপুনি একোডাল কৰিব নোৱাৰে ৷ গতিকে ফটাঢোল নবজাব ৷ 
        সভ্যতাই যুঁজ নকৰে ৷ সভ্যতা শব্দটোতে শান্তি লুকাই আছে ৷ সভ্যতা মানেই সভ্য, নম্ৰ, ভদ্ৰ ৷ সভ্যতাই যুদ্ধ কৰা ক’ত দেখিছে ? দুজন সভ্য মানুহে কাজিয়া কৰেনে ? তেনেহ’লে দুটা সভ্যতাৰ মাজত যুঁজ হ’ব কেনেকৈ ? অসমৰ দুজন গুণী ব্যক্তিৰ নাম লওঁ ( ক্ষমা ভিক্ষাৰে)- হোমেন বৰগোঁহাই, ডঃ নগেন শইকীয়া ৷ 
এই দুজন অতি সভ্য প্ৰবাদ পুৰুষৰ মতৰ যদি অমিল হয়, তেওঁলোকে কি কৰিব ? যুঁজ কৰিবনে ? নিজৰ মত প্ৰতিস্থা কৰিবলৈ ইজনে সিজনে কাজিয়া কৰিবনে ? এজনৰ আদৰ্শ খেদি পঠিয়াবলৈ, সিজনে ৰণহুংকাৰ দিবনে ? আপোনাৰ দৰে ক’বনে-
“মই নগেন শইকীয়াৰ সভ্যতাক খেদি পঠিয়াম”
অথবা,
“মই হোমেন বৰগোঁহাইৰ সভ্যতাৰ লগত যুঁজ দিম” বুলি ? 
কেতিয়াও নকয় ৷ কাৰণ দুয়োজন ব্যক্তিয়েই সভ্য ৷ তেওঁলোকৰ এটা সভ্যতা আছে ৷ ’সভ্যতা’, সকলো যুঁজৰ পৰা আঁতৰত অৱস্থান কৰা এক সুসভ্য শব্দ ৷ 
ৰাজনীতিৰ নিচাত পৰি শব্দৰ অপব্যৱহাৰ নকৰিব ডঃ শৰ্মা ৷ বেয়া দেখি ৷ 
আপুনি কৈছিল- “২১ ত বিজেপি শাসনলৈ আহিলে ( আহেনে নাহে আপুনি নিশ্চিত নহয় ৷) আমি লাভ জেহাদীক সশ্ৰম কাৰাদণ্ড দিম ৷” 

ডাঙৰীয়া, কাৰাদণ্ড দিবলৈ আপুনি কোন ? আপোনাৰ সাধ্য আছে কাৰাদণ্ড দিবলৈ ? দিয়কচোন, ময়ো চাই লওঁ ৷ 
কাৰাদণ্ড কি আৰু কোনে দিয়ে ? 
ভাৰতীয় দণ্ডবিধি আইনৰ বিভিন্ন ধাৰা মতে, যেতিয়া এজন আচামী দোষী প্ৰমানিত হয়, তেতিয়া মহামান্য আদালতত গোচৰীয়া আৰু আচামী, দুয়োপক্ষৰ উকীলৰ যুক্তি শুনাৰ পাছত, আইনৰ ধাৰা আৰু তাৰ শাস্তি অধ্যয়ন কৰি, মহামান্য আদালতৰ বিচাৰপতিয়ে, এজন দোষীক দোষ অনুসাৰে দণ্ড বিহে ৷ সেয়া কেইমাহমানৰ জেল বা আজীৱন কাৰাদণ্ড কিম্বা মৃত্যুদণ্ড, যিকোনো হ’ব পাৰে ৷ এইয়াই হ’ল ভাৰতীয় আইন ব্যৱস্থাৰ নিয়ম ৷ যি আইনৰ চকুত সকলো ভাৰতীয়ৰ স্থান সমান ৷ জিলা সত্ৰ ন্যায়ালয়ৰ বিচাৰপতি, প্ৰয়াত উপেন ৰাজখোৱাৰ ফাঁচী তাৰ জলন্ত প্ৰমান ৷ (  District & Session Judge )

আপুনি হেনো এজন অধিবক্তা ৷ যুক্তিৰ গৰাকী ৷ কিন্তু আপুনি দেখোন অযুক্তিকৰ কথাৰে “অধিক বক্তা” হৈ, চালে বেৰে কোবাই অসম উতলা কৰি পেলাইছে  ? অধিবক্তাৰ স্বৰূপ জানো এইটো ? অধিবক্তা হৈ আপুনি এইখিনিও নাজানে নে, যে শাস্তি ঘোষণা কৰাৰ অধিকাৰ কোনো ৰাজনৈতিক দলৰে নাই ? এই অধিকাৰ কেৱল আৰু কেৱল আদালতৰ ? নে আইন বনাই বনাই, এইবাৰ আপোনালোকক কোনেও বিৰোধ কৰিব নোৱাৰিব বুলিও এখন আইন বনাব ? এনেকুৱা আইন, যে কোনোবাই বিজেপিক সমালোচনা কৰিলেই সশ্ৰম কাৰাদণ্ড ? যেনেকৈ টেট শিক্ষকসকলক “কোনো কথাতে প্ৰতিবাদ কৰিব নোৱাৰিব” বুলি,  চুক্তিপত্ৰত চহী কৰাই লৈছে ? ২১’ত জিকিলে অসমৰ জনগণৰ বাবেও তেনে আইন বনাব নেকি ? যিখন আইন মতে আলুৰ দাম প্ৰতি কেজিত ৫০০ টকা হ’লেও, কোনেও প্ৰতিবাদ কৰিব নোৱাৰিব ? প্ৰতিবাদ কৰিলেই “বদৰুদ্দিনৰ সভ্যতাৰ মানুহ” বুলি সশ্ৰম কাৰাদণ্ড দিব ? আচৰিত !!! 

লাভ জেহাদ কৰিবলৈ সুযোগ পালে কেনেকৈ ? অসমীয়া ছোৱালী ইমান মূল্যহীন নে যে, দুদিনৰ চিনাকিতে পলাই গৈ বিপদত পৰে ? অসমীয়া হিন্দু ছোৱালীয়ে কাৰ লগত লাভ কৰিলে, কাৰ লগত পলাই গৈ জেহাদ কৰিলে, তাক লৈ এখন চৰকাৰ ব্যস্ত হ’ব লাগেনে ? লাভ জেহাদ মানে কি ? লাভ ’জেহাদ’ হ’ল কেনেকৈ ? প্ৰেম বিপ্লৱ হ’ল কেনেকৈ ? প্ৰেম সংগ্ৰাম হ’ল কেনেকৈ ? প্ৰেম আৰু কাজিয়া একেসময়তে সম্ভৱনে ? ৺অজন্তা লহকৰৰ, বাঙালী ল’ৰাৰ লগত প্ৰেম বিবাহ আৰু তাৰপাছত দিল্লীত আত্মহত্যা আপোনাৰ মতে লাভ জেহাদ নেকি ? নে মুছলমান নহয় বাবে সেইটো হতাশাজনিত মৃত্যু ? যদি ল’ৰাজন মুছলমান হ’লহেঁতেন, তেন্তে লাভ জেহাদৰ তালিকাত স্থান পালেহেঁতেন নেকি অজন্তা লহকৰৰ মৃত্যুয়ে ? 

এতিয়াটো আপোনাৰ চৰকাৰ ৷ অৰ্ণমাই বৰাক হত্যা কৰা, আজমল সভ্যতাৰ মুছলমান ধৰ্ষণকাৰীকেইটাক ফাঁচী নিদিয়ে কিয় ? ২১’ৰ নিৰ্বাচনৰ পিছলৈ ৰৈ আছে কিয় ? ডিব্ৰুগড় মেডিকেল কলেজ হস্পিটেলত ,কৰ্ত্তব্যৰত মহিলা ডাক্তৰগৰাকীৰ হত্যাৰ বিচাৰ কি হ’ল ? এইবোৰ প্ৰশ্নৰ উত্তৰ দিব পাৰিব ? নোৱাৰে ৷ জীৱনত নোৱাৰে ৷ 

সভ্যতাৰ কথা কৈ টেটু নাফালিব ডাঙৰীয়া ৷ আমাৰ হাঁহি উঠে ৷ ২১’ ৰ নিৰ্বাচনত হাৰিব বুলি আপুনিও জানে ৷ আপুনি বাৰু বিজেপিৰ বেয়া গাড়ীখন, খালত সুমুৱাবলৈ গৈ আছে নেকি ? আপোনাৰ কথা কাণ্ডই আমাৰ মনলৈ এনে অনুভৱ আনিছে, আপুনি যেন এচিকুট মিঠা পয়জন ৷ মই কি ক’ব খুজিছো, আপুনি নিশ্চয় বুজিব ৷ হয় ডাঙৰীয়া, কিছুমান পয়জন বৰ মিঠা ৷ আপোনাৰ এই হুঙ্কাৰ, অসমৰ ধৰ্মনিৰপেক্ষ ৰাইজে বিশ্বাস নকৰে ৷ বহুত শুনিলো আপোনাৰ লেকচাৰ ৷ 
চৰকাৰত আহিলে কি কৰা উচিত ? 
১৷ ৰাজ্যৰ উন্নয়ন ৷ 
২৷ বাট-পথৰ উন্নয়ন ৷ 
৩৷ বান আৰু গৰাখহনীয়া সমস্যাৰ সমাধান ৷ 
৪৷ বজাৰৰ মূল্য নিয়ন্ত্ৰণ ৷
৫৷ নিবনুৱাক সংস্থাপন ৷
৬৷ শিক্ষাৰ দ্ৰুত উন্নয়ন ৷ 
৭৷ বৃত্তিমূলক শিক্ষাৰ প্ৰসাৰ ৷ 
৮৷ সকলো নাগৰিকৰ বাবে উন্নত স্বাস্থ্য ব্যৱস্থা ৷ জটিল ৰোগৰ উন্নত চিকিৎসা কৰাব পৰা হস্পিটেল স্থাপন ৷ 
৯৷ উদ্যোগ বৃদ্ধি ৷ 
১০৷ কৃষিৰ উন্নত ব্যৱস্থা ৷ 
১১৷ সকলো ঠাইৰ জনতাক পৰিস্কাৰ খোৱা পানীৰ নিশ্চিতি ৷ 
১২৷ নাগৰিকৰ জীৱন আৰু সা-সম্পত্তিৰ সুৰক্ষা ৷ 
১৩৷ নাগৰিকৰ মুক্ত বিচৰণৰ পৰিৱেশ আদি ৷ 
এইবোৰ যোৱা পাঁচবছৰত কৰিব পাৰিলেনে ? নোৱাৰিলে ৷ বিদেশীৰ কথাটো মই নানিলোৱেই ৷ কাৰণ আপোনালোকে কা আইন বনাই, বিদেশীক স্বদেশী কৰিলে ৷ পাঁচটা বিফল কৰ্মবৰ্ষৰ পাছত, পুনৰ ক্ষমতালৈ অহাৰ আখৰাত, আপোনালোকৰ কাৰ্য্যক্ৰমনিকা কি হ’ব লাগিছিল ? আপোনালোকে এতিয়া দেশৰ নাগৰিকৰ আটাইবোৰ সমস্যা বাদ দি, ২১’ ৰ নিৰ্বাচনৰ এজেণ্ডাত কি পৰিকল্পনা ৰাখিলে ? 
১৷ লাভ জেহাদ বন্ধ কৰিব ৷ 
২৷ ফেচবুকত হিন্দুৰ নাম লৈ ভুৱা একাউন্ট খোলা মুছলমান লাভজেহাদীক সশ্ৰম কাৰাদণ্ড দিব ৷ 
৩৷ বদৰুদ্দিনৰ সভ্যতাৰ বিনাশ ঘটাব ৷ 

ছিঃ ৷ লাজ লাগিছে হিমন্ত বিশ্ব শৰ্মা ৷ অসমৰ এজন শিক্ষা মন্ত্ৰীৰ মুখত, আগন্তুক পাঁচবছৰৰ পৰিকল্পনা শুনি আমাৰ লাজ লাগিছে ৷ আমি এনে এখন চৰকাৰ নিৰ্বাচিত কৰি পঠিয়াম, যি চৰকাৰে লাভজেহাদ মষিমূৰ কৰাত প্ৰধান গুৰুত্ব দিব ৷ এইবোৰ কাম লাভ জেহাদীৰ পৰিয়ালৰ, নে অসম চৰকাৰৰ ? ৰাইজৰ টেক্সৰ টকাৰে ৰজাৰ জীৱন কটাই, আপোনালোকে কোন ছোৱালী কালৈ পলাই গৈ, কাৰ লগত তিনি তালাক খালে, এতিয়া তাৰহে বিচাৰ কৰি ফুৰিব ? আৰু কাম নাই ? লাখ লাখ নিবনুৱাই পেটত গামোচা বান্ধিছে, সেইবোৰ দেখাৰ নাম নাই ? মানুহৰ পকেটত জুই লাগিছে, সেইবোৰ খবৰ নাই ? চিকিৎসা ব্যয়ে আকাশ চুইছে, তাৰ হিচাপ নাই ? মধ্যবিত্ত মৰিছে, তাৰ উমান নাই ? এতিয়া প্ৰেম কাহিনীৰ চকিদাৰ হ’বলৈ ওলাইছে ? লাজ বোলা বস্তুবোৰ পুৰি খালে নেকি ? 

ডঃ শৰ্মা, আপুনি বাৰু বিজেপিক জিকাব, নে হৰুৱাব ? কথা কাণ্ডবোৰত কিন্তু প্ৰশ্নবোধকে অগাদেৱা কৰিছে ৷ কাণে কাণে কওঁ শৰ্মা- বেলেগ এটা দল খোলক ৷ মুখ্যমন্ত্ৰীৰ চকীৰ আৰামেই বেলেগ ! পাৰিলে চেষ্টা কৰক ৷ পিছে এই স্বভাৱেৰে পাৰিব জানো ?Let’s try ………..!!!!!!!!!!! 

(প্ৰকাশিত মন্তব্য লেখিকাৰ নিজা মত।)

Get real time updates directly on you device, subscribe now.