Support Free Journalism
  Breaking News
'বিজেপিয়ে মুছলমান প্ৰাৰ্থীক টিকট নিদিয়ে, হিন্দুৱেহে টিকট লাভ কৰিব৷'-কৰ্ণাটকৰ বিজেপি নেতা-দেশৰ আটাইতকৈ কম দামী 5G স্মাৰ্টফোন মুকলি হ'ল ভাৰতত-জানি লওঁক দাম আৰু ফিচাৰ্ছ-'মই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাম কৰি যাম': ড. সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য-অৰুণোদয় আঁচনিৰ জৰিয়তে আপুনি কেনেকৈ মাহে ৮৩০ টকাকৈ লাভ কৰিব? কি ক'লে মন্ত্ৰীয়ে?-ভোট বিজেপিক দিয়ক বা কংগ্ৰেছক, কংগ্ৰেছৰ বিধায়কেই বিজেপিৰে চৰকাৰ গঠন কৰিব: কেজৰিৱাল-পৌৰ নিগম নিৰ্বাচন:বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ কেৱল ট্ৰাম্প আহিবলৈ বাকী থাকিল-অৱেশী-"যোগী আদিত্যনাথে নাম সলনি কৰাৰ ঠিকা লৈ থৈছে নেকি?"- আছাদউদ্দিন অৱেশীয়ে কিয় ক'লে?-৫২ কোটিৰ হেণ্ডবেগ: বিক্ৰী কৰি কিছু টকা সাগৰ পৰিষ্কাৰ কৰিবলৈ দান কৰিব কোম্পানীটোৱে-ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ এদিনীয়াত আদানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত দুজন প্ৰতিবাদকাৰীৰ-ক'ৰ'ণা ভেকচিনক লৈ পুটিনে শিৰ থিয় কৰাই আছিল,এতিয়া নিজৰ শৰীৰত প্ৰয়োগত পিছ হহুকি আছে

চৌদি আৰৱৰ নতুন নোট- জন্মু-কাশ্মীৰ আৰু লাডাখক ভাৰতৰ অংশ হিচাপে নেদেখুৱালে

দ্য ষ্টেটমেন্ট : ভাৰতে চৌদি আৰৱৰ দ্বাৰা যোৱা সপ্তাহত জাৰি কৰা এক বেংক নোটত ভাৰতৰ সীমাৰ ভুল প্ৰতিফলন কৰা বাবে চৌদি আৰৱক সমালোচনা কৰে আৰু এই চিত্ৰ শুদ্ধ কৰাৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিবলৈ কয় ৷ বৃহস্পতি বাৰে দেশৰ বিদেশ মন্ত্ৰালয়ে এই কথা সদৰী কৰে ৷

নতুন ২০ ৰিয়াল(চৌদি আৰৱৰ মুদ্ৰা)ৰ নোটত চপা কৰা বিশ্বৰ মানচিত্ৰত জম্মু-কাশ্মীৰ আৰু লাডাখক ভাৰতৰ অংশ হিচাপে দেখুওৱা হোৱা নাই ৷ বিদেশ মন্ত্ৰালয়ৰ প্ৰবক্তা অনুৰাগ শ্ৰীবাস্তৱে কয় যে ভাৰতে চৌদি আৰৱক তাৎক্ষণিকভাৱে শুদ্ধ কৰিবলৈ কৈছে আৰু কৈছে যে জম্মু কাশ্মীৰ আৰু লাডাখ ভাৰতৰ অভিন্ন অংগ ৷

শ্ৰী বাস্তৱে সাপ্তাহিক সংবাদদাতা সন্মিলনত কয়, ‘আপুনি যিখন বেংক নোটৰ চিন্তা ব্যক্ত কৰিছে সেইখন মই দেখিছো য’ত ভাৰতৰ সীমাৰ ভুল প্ৰতিফলন কৰা হৈছে ৷ নোটখনক চৌদি আৰৱৰ মানিটৰী অথৰীটিয়ে ২৪ অক্টোবৰত চৌদিৰ দ্বাৰা জী-২০ৰ অধ্যক্ষতাৰ বাবে জাৰি কৰিছিল ৷’ তেওঁ পুনৰ কয়, ‘আমি নতুন দিল্লীত চৌদি আৰৱৰ ৰাষ্ট্ৰদূতৰ মাধ্যমেৰে তেওঁলোকক চিন্তা ব্যক্ত কৰিছো আৰু শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ জনাইছো ৷’ শ্ৰীবাস্তৱে কয়, ‘মই পুনৰবাৰ ক’ব বিচাৰিছো যে জম্মু-কাশ্মীৰ আৰু লাডাখৰ সম্পূৰ্ণ অংশ ভাৰতৰ অভিন্ন অংগ ৷

খৱৰ অনুসৰি, মানচিত্ৰত গিলগিট বাল্টিষ্টানৰ সৈতে পাকিস্তানে কব্জা কৰা কাশ্মীৰকো পাকিস্তানৰ অংশ হিচাপে দেখুওৱা নাই ৷ পাকিস্তানে চৌদি আৰৱক নিজৰ মহত্বপূৰ্ণ সহযোগী হিচাপে মানে আৰু পাকিস্তানৰ মানচিত্ৰৰ পৰা পাকিস্তান অধিকৃত কাশ্মীৰক পৰিহাৰ কৰাৰ পিছত ইছলামাবাদত বহু লোকে পাকিস্তানক দুখ দিয়া বুলি মত ব্যক্ত কৰিছে ৷

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.