Support Free Journalism
  Breaking News
'তুমি মোক ভোট দিয়া, মই তোমাক বিনামূলীয়া ভেকচিন দিম': টুইটাৰত কিয় এই প্ৰতিক্ৰিয়া-দৰমহাৰ পইচাৰে চলিব পৰা নাই, প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব খুজিছে বৰিছ জনচনে-হোৱাটছএপত ‘পৰ্ণ’ শ্বেয়াৰ কৰি ৰোষৰ বলি হ'ল গোৱাৰ উপ-মুখ্যমন্ত্ৰী তথা বিজেপি নেতা কাভেলকাৰ-বিহাৰৰ সকলো লোককে বিনামূলীয়াকৈ কৰ'ণাৰ প্ৰতিষেধক দিম: বিজেপিৰ ঘোষণাপত্ৰ-মহাৰাষ্ট্ৰ বিজেপিৰ জ্যেষ্ঠ নেতা একনাথ খড়চেৰ পদত্যাগ: যোগদান কৰিব শৰদ পাৱাৰৰ NCPত-“পইচা দে নহ’লে উগ্ৰপন্থী লগাই উঠাই দিমঃ” ধন দাবী কৰি ধৰা পৰিল এবিভিপিৰ নেতা-IPL 2020: পশ্চিম পাঠকক আপুনিও মহিলা আম্পায়াৰ বুলি ভুল ভাবিছে নেকি?-বিহাৰ নিৰ্বাচন- ভাষণ দিবলৈ সাজু হওঁতে তেজস্বী যাদৱলৈ চেণ্ডেল দলিয়ালে উপস্থিত জনতাই-কংগ্ৰেছ পৰা বিজেপিলৈ অহা নেতাক মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰাৰ পাছতেই ৩৭ চেকেণ্ডত দুবাৰকৈ ভৰিত ধৰিলে!-বিহাৰত সুৰা নিষিদ্ধ, কিন্তু তাৰ পাছতো সুৰাপায়ীৰ পছন্দৰ নেতা নীতিশ কুমাৰ: চাওঁক ভিডিঅ'

সঁচাকৈয়ে যদি অসমৰ উন্নয়ন হৈছে, তেনেহ’লে উন্নয়নৰ কথা কৈ ৰাজনীতি কৰক

অসমৰ বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যত পুনৰবাৰ হিন্দু-মুছলমানক লৈ ৰাজনীতি আৰম্ভ হৈছে। বৰ্তমানৰ বিজেপি নেতা তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই যোৱা ৪ অক্টোবৰ তাৰিখে শিৱসাগৰত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত ভাষণ প্ৰদান কৰি মুকলিকৈ হিন্দু-মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিলে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শান্তনু বৰঠাকুৰে এই লেখাত লিখিছে- “সঁচাকৈয়ে যদি অসমৰ উন্নয়ন হৈছে, তেনেহ’লে উন্নয়নৰ কথা কৈ ৰাজনীতি কৰক।”

বিজেপি দলে কৈ থকাৰ দৰে সঁচাকৈয়ে যদি অসমৰ উন্নয়ন হৈছে, তেনেহ’লে তেওঁলোকে উন্নয়নৰ কথা কৈ ৰাজনীতি কৰক ৷ হিমন্ত বিশ্ব শৰ্মাই উন্নয়নৰ কথা কওঁক ৷ কিন্তু উন্নয়নৰ কথা ক’বলৈ একো নাই ৷ সেই বাবেই শৰ্মাই সিৰ ফুলাই চিৎকাৰ কৰি হিন্দু- মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিছে ৷ আমাৰ সম্পদৰ পৰা আমাৰ অধিকাৰ কাঢ়ি, আমাৰ ভাষা- সংস্কৃতিৰ ভৱিষ্যতৰ প্ৰতি ভাবুকি কঢ়িয়াই আনি, আমাৰ উদাৰ সাংস্কৃতিক ঐতিহ্যক আমাৰ অচিনা উত্তৰ ভাৰতীয় সংস্কৃতিৰ কোলাত থৈ এতিয়া ‘সভ্যতাৰ যুঁজ’ৰ নপতা ফুকন হ’ব বিচৰা শৰ্মা ডাঙৰীয়াৰ কথাৰ ফোপোলা স্বৰূপ আমি বুজি পাওঁ ৷

শৰ্মা ডাঙৰীয়াক মনত পেলাই দিঁও যে মূৰত পাগ মাৰিলেই কোনো চুকাফা নহয় ৷ চুকাফাই গঢ়িছিল আৰু আপোনালোকে ভাঙিছে ৷ হয়, চুকাফাই ভেটী গঢ়া জাতিৰ কামিহাড় দিল্লীৰ উচ্ছিষ্টৰ আশাত আপোনালোকেই তিল তিলকৈ ধ্বংস কৰিছে ৷ নিজক চুকাফা বুলি ভবাৰ আগতে চুকাফাৰ দূৰদৰ্শিতা অৰ্জন কৰক ডাঙৰীয়া ৷

এইখিনিতে এটা প্ৰশ্ন ৷ ‘সভ্যতাৰ যুঁজ’ লগাই খিলঞ্জীয়াক সুৰক্ষা দিব বিচৰা চৰকাৰখনে অসম চুক্তিৰ ছয় নং দফা ৰূপায়নৰ বাবে গঠন কৰা সমিতিৰ প্ৰতিবেদনখন কি কৰিলে ? নে সেইখনো লোকসভা নিৰ্বাচনৰ পূৰ্বে অনা ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়কৰ দৰে অসমৰ নিৰ্বাচনৰ পূৰ্বে ললিপপ ৰূপে ব্যৱহাৰ কৰা হ’ব? বাঘজানৰ খিলঞ্জীয়া মানুহৰ কান্দোনে আপোনালোকক আমনি কৰেনে ? এবাৰলৈও ভাবেনে কাগজ কলৰ দৰমহা নোপোৱা খিলঞ্জীয়া কৰ্মচাৰীৰ কথা ? আজিও পট্টাৰ অভাৱত ভূমিৰ পৰা উচ্ছেদিত হ’ব লগা খিলঞ্জীয়া ৰায়তৰ কথা ? নিৰ্বাচন আহিলে ডাঙৰীয়া আপোনাসবৰ জাতিলৈ, খিলঞ্জীয়ালৈ মনত পৰে ৷

যোৱা পাঁচ বছৰৰ অভিজ্ঞতাৰে আমি এইটোৱেই গম পালো যে অসমৰ জাতি, মাটি, ভেটী সুৰক্ষাৰ বাবে নহয়, মুখ্যমন্ত্ৰী আৰু শৰ্মা ডাঙৰীয়া আপোনালোক এতিয়া ব্যস্ত চকী বচোৱা আৰু চকী কঢ়াৰ যুজঁত ৷ আপোনালোকৰ নিজ স্বাৰ্থ পূৰণৰ বাবে জাতি, মাটি আৰু ভেটী উচন কৰাত নামিছে আপোনালোক ৷

📣 এই লেখা শান্তনু বৰঠাকুৰৰ ফেচবুক একাউন্টৰ পৰা সংগৃহীত। শিৱসাগৰত কি কৈছিল ড. হিমন্ত বিশ্ব শৰ্মাই, চাবলৈ ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.