Support Free Journalism
  Breaking News
'বিজেপিয়ে মুছলমান প্ৰাৰ্থীক টিকট নিদিয়ে, হিন্দুৱেহে টিকট লাভ কৰিব৷'-কৰ্ণাটকৰ বিজেপি নেতা-দেশৰ আটাইতকৈ কম দামী 5G স্মাৰ্টফোন মুকলি হ'ল ভাৰতত-জানি লওঁক দাম আৰু ফিচাৰ্ছ-'মই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাম কৰি যাম': ড. সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য-অৰুণোদয় আঁচনিৰ জৰিয়তে আপুনি কেনেকৈ মাহে ৮৩০ টকাকৈ লাভ কৰিব? কি ক'লে মন্ত্ৰীয়ে?-ভোট বিজেপিক দিয়ক বা কংগ্ৰেছক, কংগ্ৰেছৰ বিধায়কেই বিজেপিৰে চৰকাৰ গঠন কৰিব: কেজৰিৱাল-পৌৰ নিগম নিৰ্বাচন:বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ কেৱল ট্ৰাম্প আহিবলৈ বাকী থাকিল-অৱেশী-"যোগী আদিত্যনাথে নাম সলনি কৰাৰ ঠিকা লৈ থৈছে নেকি?"- আছাদউদ্দিন অৱেশীয়ে কিয় ক'লে?-৫২ কোটিৰ হেণ্ডবেগ: বিক্ৰী কৰি কিছু টকা সাগৰ পৰিষ্কাৰ কৰিবলৈ দান কৰিব কোম্পানীটোৱে-ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ এদিনীয়াত আদানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত দুজন প্ৰতিবাদকাৰীৰ-ক'ৰ'ণা ভেকচিনক লৈ পুটিনে শিৰ থিয় কৰাই আছিল,এতিয়া নিজৰ শৰীৰত প্ৰয়োগত পিছ হহুকি আছে

অভিনেতা সঞ্জয় দত্ত আক্ৰান্ত হৈছে হাওঁফাওঁ কেঞ্চাৰত: চিকিৎসকে ক’লে তৃতীয় ষ্টেজ

দ্য ষ্টেটমেন্ট : বলিউডৰ জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত আক্ৰান্ত হৈছে লাং কেঞ্চাৰত। চিকিৎসকে জানিবলৈ দিয়ে যে এই কেঞ্চাৰ ৰোগে তৃতীয় ষ্টেজত প্ৰৱেশ কৰিছে।  বুকুত বিষ আৰু উশাহ ল’বলৈ কষ্ট অনুভৱ হোৱাত ৮ আগষ্টত মুম্বাইৰ লীলাৱতী হাস্পতালত অভিনেতাজনক ভৰ্তি কৰোৱা হৈছিল। চিকিৎসালয়ত সঞ্জয় দত্তৰ কোভিড১৯ ৰ পৰীক্ষা কৰা হৈছিল যদিও ফলাফল কিন্তু নিগেটিভ আহিছিল আৰু দুদিন চিকিৎসালয়ত থকাৰ পাছত ১০ আগষ্টত চিকিৎসালয়ৰ পৰা তেওঁ ঘৰলৈ ঘূৰি আহে।

১১ আগষ্টৰ আবেলি অভিনেতাজনে ছচিয়েল মিডিয়াত এটা পোষ্ট লিখি জনায় “বন্ধুসকল, মই মেডিকেল ট্ৰিটমেণ্টৰ বাবে কিছু সময় চিনেমাৰ পৰা দূৰত থাকিম। মোৰ পৰিয়াল আৰু বন্ধুসকল মোৰ লগত আছে। মই মোৰ শুভাকাংশীসকলক অনুৰোধ জনাইছোঁ, মোৰ বাবে চিন্তা নকৰিব আৰু কোনো কাৰণ নোহোৱাকৈ অনুমান নকৰিব। আপোনালোকৰ প্ৰাৰ্থনা আৰু মৰমৰ ফলত মই সোনকালে সুস্থ হৈ উঠিম।”

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি কোভিড টেষ্টৰ পাছতেই সম্পুৰ্ণ শৰীৰৰ পৰীক্ষা কৰি সঞ্জয় দত্ত ঘৰলৈ উভতি আহিছিল। তেওঁ ১১ আগষ্টত ৰিপোৰ্ট লাভ কৰিলে। সেই ৰিপোৰ্টতেই ধৰা পৰিল যে সঞ্জয় দত্ত লাং কেঞ্চাৰত আক্ৰান্ত হৈছে আৰু এই বেমাৰ তৃতীয় ষ্টেজত আছে। যদিও সঞ্জয় দত্তৰ পৰিয়ালে কোনো ষ্টেটমেণ্ট জাৰি কৰা নাই, কিন্তু অভিনেতাজনৰ কিছু বন্ধুৰ পৰা লাভ কৰা খবৰৰ ভিত্তিতেই এই খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। কোৱা হৈছে যে সঞ্জয় দত্ত উন্নত চিকিৎসাৰ বাবে অতি সোনকালে আমেৰিকালৈ ৰাওনা হ’ব।

?আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.