Support Free Journalism
  Breaking News
এইগৰাকী আইতাৰ ৰেচিপি আঁকোৱালি ল'লে দৰ্শকে, Youtubeৰ পৰা লাভ কৰিলে Silver Button!-১৮ খন জিলাৰ চৰকাৰী চিকিৎসালয়ত ICU নাই ,স্বাস্থ্যমন্ত্ৰী নামৰ প্ৰাণীটোৱে কি কাম কৰে-ৰবীশ কুমাৰ-বিজেপিৰ বাবে মূল্যবৃদ্ধি আগতে 'ডাইনী' আছিল আৰু এতিয়া 'বৌয়েক' হৈ গ'ল নেকি?-তেজস্বী যাদৱ-পুলৱামা: ৰাজনৈতিক লাভ উঠাবলৈ চেষ্টা কৰা লোকৰ মুখা খোল খাই গ'ল-প্ৰধানমন্ত্ৰী-তুৰ্কী আৰু গ্ৰীচত হোৱা শক্তিশালী ভূমিকম্পত ২২ জন লোকৰ মৃত্যু, ভূমিকম্পৰ প্ৰাৱল্য আছিল ৭.০-আমাক ভোট দিয়ক,শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত আজান পীৰ কলাক্ষেত্ৰ নিৰ্মাণ কৰিম: বিজেপি-ধোঁৱা চাঙত বিজেপি চৰকাৰৰ জাতি-মাটি-ভেটী, বহিৰাগতক গটালে ৫০ বিঘা কৃষি ভূমি-"গোটেই পৃথিৱীৰ ৱাশ্বিং পাউডাৰ ব্যৱহাৰ কৰিলেও কমলনাথে দাগ মচিব নোৱাৰে৷"-শিৱৰাজ সিং চৌহান-চৌদি আৰৱৰ নতুন নোট- জন্মু-কাশ্মীৰ আৰু লাডাখক ভাৰতৰ অংশ হিচাপে নেদেখুৱালে-২০২০ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন হ'ব ইতিহাসৰ আটাইতকৈ খৰচী নিৰ্বাচন: কিমান টকা খৰচ হ'ব?

তুৰ্কীৰ ফাৰ্ষ্ট লেডিক সাক্ষাৎ কৰাৰ বাবে আমিৰ খানৰ দেশভক্তিক লৈ RSSৰ সন্দেহ

দ্য ষ্টেটমেন্ট : ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুখপত্ৰ পাঞ্চজণ্যত অভিনেতা আমিৰ খানৰ দেশভক্তিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি এটা লেখনি লিখা হৈছে।  লেখনিত আমিৰ খানৰ চীনৰ লগত থকা প্ৰেমৰ কথাও উল্লেখ কৰা হৈছে। 
পাঞ্চজণ্যৰ কভাৰ ষ্টৰীত বলিউডৰ কিছু অভিনেতাক দেশভক্ত আখ্যা দিয়া হৈছে আৰু  অভিনেতা আমিৰ খানৰ দৰে কিছু অভিনেতাৰ তেওঁলোকৰ বৰ্ত্তমানৰ কিছু কাম কাজ পৰিলক্ষিত কৰি দেশভক্ত হোৱাৰ ওপৰত সন্দেহ কৰা হৈছে।

? ইয়াত ক্লিক কৰি পঢ়িব পাৰে পাঞ্চজণ্যত প্ৰকাশিত সম্পূৰ্ণ লিখনি।

লেখনিত লিখা হৈছে যে এটাফালে অক্ষয় কুমাৰ, অজয় দেৱগণ, জন আব্ৰাহাম আৰু কংগণা ৰানাৱতকে ধৰি আন কিছু অভিনেতা আৰু কিছু ছবি নির্মাতাই  দেশভক্তিৰ  ছবি নিৰ্মাণ কৰা আৰু তাত অভিনয় কৰা দেশৰ প্ৰতি নিজৰ নিষ্ঠা প্ৰদৰ্শন কৰাৰ দৰে কথা। আনফালে আমিৰ খানৰ দৰে অভিনেতা, যিজনে ভাৰতৰ শত্ৰুৰ লগত মিত্ৰতা কৰিবলৈ কোনো সংকোচ নকৰে। চীনেই হওক বা পাকিস্তানৰ লগত হাত মিলাই ভাৰতৰ বিৰুদ্ধে জেহাদী মনোভাৱ ৰখা তুৰ্কী, যত আজিকালি আমিৰ খানে ঘৰ পাতি আছে। 
পাঞ্চজণ্যৰ সম্পাদক হিতেশ শঙ্কৰে দ্য হিন্দুৰ লগত হোৱা কথাবাৰ্তাত কয় যে এইটো সঁচা যে আমিৰ খানে লগান, ‘চ’ৰফৰোস’ আৰু ‘১৮৫৭: দ্য ৰাইজিং’ আদি ছবিত নিৰ্মাণ কৰিছে কিন্তু বৰ্তমান যি কাম তেওঁ কৰি আছে সেই কাম ৰাষ্ট্ৰবাদৰ শ্ৰেণীত নপৰে। হিতেশ শঙ্কৰে কয় যে আমিৰ খানে তুৰ্কীৰ ৰাষ্ট্ৰপতিৰ পত্নীক সাক্ষাৎ কৰাৰ ঘটনাই ভাৰতৰ ভাৱনাত আঘাত হানিছে। তুৰ্কীৰ ৰাষ্ট্ৰপতিয়ে জম্মু কাশ্মীৰত ভাৰত চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধীতা কৰিছিল। 

মুখপত্ৰ পাঞ্চজণ্যত লিখা এই লেখনিৰ শিৰোনামা হৈছে “ড্ৰেগনৰ মৰমৰ খান”। লিখা হৈছে যে চীনৰ প্ৰতি থকা খানৰ প্ৰেম সন্দেহৰ আৱৰ্তৰ প্ৰথমৰ পৰাই আছে আৰু তাৰ পাছত তুৰ্কীৰ লগত তেওঁৰ মিলাপ্ৰীতিয়ে কি বাৰ্তা দিছে? এইটো লুকাই থকা কথা নহয়। লেখত আমিৰ খানে এসময়ত দেশৰ অসহিষ্ণুতা বৃদ্ধি পাইছে বুলি কোৱা কথাৰো উল্লেখ কৰা হৈছে।
লেখনিত লিখা হৈছে যে “ভাৰতত যেতিয়া নাগৰিকে কোনো ছবিৰ অভিনেতাক চৰম শিখৰলৈ লৈ যায় তেতিয়া তেওঁৰ ছবিত বহুত টকা খৰচ কৰে। সেই সময়ত অভিনেতাৰ ধৰ্ম চোৱা নহয়, তেওঁৰ অভিনয়ৰ চোৱা হয়। কিন্তু যেতিয়া সেইজন লোকেই দেশবাসীৰ ভাৱনাক বুঢ়া আঙুলি দেখুৱাই তেওঁলোকৰ মৰমৰ পৰিবৰ্তে শত্ৰু দেশৰ পৰা লাভ কৰা কিছু টকাৰ ফলত পুতলাৰ দৰে চলিবলৈ ধৰে বা শত্ৰু দেশৰ আতিথ্য কোনো লাজ নোহোৱাকৈ আঁকোৱালি লয়, তেতিয়া দেশবাসীয়ে ঠগ খাইছে বুলি নাভাবিবনে? 

?আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.