দ্য ষ্টেটমেন্ট : ৰাষ্ট্ৰীয় জনতা দলৰ সাংসদ মনোজ ঝাই মূল্যবৃদ্ধিৰ প্ৰসংগত প্ৰধানমন্ত্ৰীক সমালোচনা কৰি কয় যে যে প্ৰধানমন্ত্ৰী মোদীয়ে এদিন কামৰ পৰা ছুটী লৈ নিজৰ পুৰণা ভিডিঅ’বোৰ চাব লাগে। তেতিয়াহে প্ৰধানমন্ত্ৰীয়ে গম পাব জনতাক তেওঁ কি প্ৰতিশ্ৰুতি দিছিল আৰু এতিয়া সেই প্ৰতিশ্ৰুতিৰ কি হৈছে। প্ৰধানমন্ত্ৰীক কটাক্ষ কৰি এটা প্ৰশ্ন উত্থাপন কৰি মনোজ ঝাই কয় যে “এইখন আপোনাৰ কেনেকুৱা ধৰণৰ আত্মনিৰ্ভৰ ভাৰত?”
ৰাষ্ট্ৰীয় জনতা দলৰ সাংসদ মনোজ ঝাই কয় যে এই প্ৰশ্ন দেশৰ বিৰোধী দলসমূহে সোধা নাই, বৰঞ্চ দেশৰ জনতাই এই বিষয়ে প্ৰশ্ন উত্থাপন কৰিছে।প্ৰধানমন্ত্ৰীক কটাক্ষ কৰি তেওঁ কয় যে “এইখন আপোনাৰ কেনেকুৱা ধৰণৰ আত্মনিৰ্ভৰ ভাৰত?” আপুনি দেশৰ নাগৰিকক মূল্যবৃদ্ধিৰ সন্মুখত আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰিছে। দুখীয়াৰ থালিত আপুনি একো বৃদ্ধি নকৰিলে। দৈনিক তেওঁলোকৰ ঠালিৰ আকাৰ সৰু হৈ গৈ আছে। তেওঁলোকে এতিয়া প্ৰশ্ন কৰিছে যে চৰকাৰে আচলতে কি কৰিব বিচাৰিছে?”
মনোজ ঝাই কয় যে মোদী ডাঙৰীয়াই জনতাক কি প্ৰতিশ্ৰুতি দিছিল, সেই পুৰণি ভিডিঅবোৰ তেওঁ পুনৰ এবাৰ চাব লাগে। তেতিয়া তেওঁ কৈছিল, অবকী বাৰ মোদী চৰকাৰ, এতিয়া সেই কথা কিয় প্ৰধানমন্ত্ৰীয়ে নকয়? কেৱল চৰকাৰ গঠন কৰিবলৈ সেই শ্লোগান ব্যৱহাৰ কৰা হৈছিল নেকি?
শেষত মনোজ ঝাই কয় যে জনতাই মনে মনে নিজৰ সময়লৈ অপেক্ষা কৰি আছে আৰু সময় আহিলেই তেওঁলোকে বিজেপিক এটা শিক্ষা দিব। সাংসদজনে কয় যে ইতিহাসত প্ৰতিবাৰৰ বাবে তেলৰ মূল্য ৰেকৰ্ড স্তৰলৈ গতি কৰিছে। তেলৰ উপৰিও খোৱা বোৱা বস্তুকে ধৰি সকলো সামগ্ৰীৰে মূল্যবৃদ্ধি হৈছে। কিন্তু প্ৰধানমন্ত্ৰীয়ে সাধাৰণ নাগৰিকক সকাহ দিয়াৰ পৰিবৰ্তে ঝুমলাবাজীত ব্যস্ত হৈ আছে। প্ৰধানমন্ত্ৰীয়ে এতিয়াও তেলৰ মূল্যবৃদ্ধিৰ বাবে আগৰ চৰকাৰ সমূহক জগৰীয়া কৰিছে।
সাংসদ গৰাকীয়ে প্ৰশ্ন উত্থাপন কৰি কয় যে যোৱা ৬-৭ বছৰৰ পৰা নৰেন্দ্ৰ মোডীয়েই দেশৰ প্ৰধানমন্ত্ৰী নাছিল জানো? কিন্তু আজিহে তেওঁ গম পালে যে আগৰ চৰকাৰেহে দেশক গাতত সুমুৱাই থৈ গৈছিল। মনোজ ঝাই কয় যে এই চৰকৰে কেৱল ঝুমলাবাজী কৰিব পাৰে।
📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।