দ্য ষ্টেটমেন্ট : ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজ প্ৰতাপ যাদৱৰ এটা টুইট ছচিয়েল মিডিয়াত ভাইৰেল হৈছে৷ দেশত ক্ৰমাগতভাৱে পেট্ৰল-ডিজেলৰ দাম বৃদ্ধিক লৈ তেজপ্ৰতাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ একেদৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও ক্ৰমাগতভাৱে বিজেপি চৰকাৰক আক্ৰমণ কৰি আছে৷
তেজপ্ৰতাপ যাদৱে পেট্ৰ’লৰ দাম ১০০.৩৪ টকা হোৱাৰ ফটো এখন শ্বেয়াৰ কৰি লিখে-“পেট্ৰ’লৰ দাম আৰু দাঢ়িৰ মাজত পাৰ্থক্য আছে চাহেব, ক্ৰমাগতভাৱে বৃদ্ধিয়ে কৰি গৈ আছা..!” নৰেন্দ্ৰ মোডীৰ দীঘলীয়া দাঢ়িকে যে তেজপ্ৰতাপে কটাক্ষ কৰিলে, সেয়া টুইটৰ দ্বাৰা স্পষ্ট৷ ইতিমধ্যে তেজপ্ৰতাপৰ এই টুইট ছচিয়েল মিডিয়াত ভাইৰেল হৈছে৷
আনহাতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে টুইট কৰি লিখে-“বিজেপি চৰকাৰে সপ্তাহৰ সেইটো দিনৰ নাম ‘অচ্ছে দিন’ কৰিব লাগে যিটো দিনত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি নহয়৷ কিয়নো মূল্যবৃদ্ধিয়ে ৰামটাঙোনৰ ফলত সাধাৰণ জনতাৰ বাবে সপ্তাহটোৰ বাকীকেইটা দিন ‘মূল্যবৃদ্ধিৰ দিন’৷”
📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।