Support Free Journalism
  Breaking News
'বিজেপিয়ে মুছলমান প্ৰাৰ্থীক টিকট নিদিয়ে, হিন্দুৱেহে টিকট লাভ কৰিব৷'-কৰ্ণাটকৰ বিজেপি নেতা-দেশৰ আটাইতকৈ কম দামী 5G স্মাৰ্টফোন মুকলি হ'ল ভাৰতত-জানি লওঁক দাম আৰু ফিচাৰ্ছ-'মই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাম কৰি যাম': ড. সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য-অৰুণোদয় আঁচনিৰ জৰিয়তে আপুনি কেনেকৈ মাহে ৮৩০ টকাকৈ লাভ কৰিব? কি ক'লে মন্ত্ৰীয়ে?-ভোট বিজেপিক দিয়ক বা কংগ্ৰেছক, কংগ্ৰেছৰ বিধায়কেই বিজেপিৰে চৰকাৰ গঠন কৰিব: কেজৰিৱাল-পৌৰ নিগম নিৰ্বাচন:বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ কেৱল ট্ৰাম্প আহিবলৈ বাকী থাকিল-অৱেশী-"যোগী আদিত্যনাথে নাম সলনি কৰাৰ ঠিকা লৈ থৈছে নেকি?"- আছাদউদ্দিন অৱেশীয়ে কিয় ক'লে?-৫২ কোটিৰ হেণ্ডবেগ: বিক্ৰী কৰি কিছু টকা সাগৰ পৰিষ্কাৰ কৰিবলৈ দান কৰিব কোম্পানীটোৱে-ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ এদিনীয়াত আদানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত দুজন প্ৰতিবাদকাৰীৰ-ক'ৰ'ণা ভেকচিনক লৈ পুটিনে শিৰ থিয় কৰাই আছিল,এতিয়া নিজৰ শৰীৰত প্ৰয়োগত পিছ হহুকি আছে

‘হিন্দু হোৱাটোৱে প্ৰজ্ঞা ঠাকুৰৰ দোষ নেকি?’- পৰমৱীৰ সিঙৰ বিৰুদ্ধে অৰ্ণৱ গোস্বামীৰ ‘হিন্দু কাৰ্ড’

দ্য ষ্টেটমেন্ট : ৰিপাব্লিক টিভি আৰু মুম্বাইৰ পুলিচ কমিশ্যনাৰ পৰমবীৰ সিঙৰ মাজত বিবাদ অব্যাহত আছে৷ এইবাৰ অৰ্ণৱ গোস্বামীয়ে নিজৰ শ্ব’ত সাধ্বী প্ৰজ্ঞা ঠাকুৰৰ বিষয় উত্থাপন কৰি ‘হিন্দুত্ব’ক ইছ্যু বনালে আৰু পৰমৱীৰ সিঙক সমালোচনা কৰিলে৷ অৰ্ণৱ গোস্বামীয়ে শ্ব’ৰ মাজতে ক’লে-“পৰমৱীৰৰ বিৰুদ্ধে তদন্ত বিচৰা হৈছে আৰু দেশে সুধিছে যে হিন্দু হোৱাটোৱে সাধ্বী প্ৰজ্ঞা ঠাকুৰৰ একমাত্ৰ দোষ নেকি?”

অৰ্ণৱ গোস্বামীয়ে ক’লে-“দেশভক্ত হোৱাটো অপৰাধ নেকি? ৰাষ্ট্ৰ বিৰোধীৰ কোনো মানৱাধিকাৰ নাই নেকি? কোনোৱে গেৰুৱা বসন পিন্ধাটো অপৰাধ নেকি? তেন্তে কিয় সাধ্বী প্ৰজ্ঞা ঠাকুৰক কোনো প্ৰমাণ নোহোৱাকৈ কষ্ট দিয়া হ’ল? যিজন পৰমৱীৰ সিঙে সাধ্বী প্ৰজ্ঞাক যাতনাৰ সন্মুখীন কৰালে, আজি তেওঁ ইমান দায়িত্বশীল পদবীত কেনেদৰে থাকিব পাৰে? আজি সমগ্ৰ দেশে সুধি আছে যে সাধ্বী প্ৰজ্ঞাই গেৰুৱা বসন পিন্ধা কাৰণেই পৰম পৰাজিতে তেওঁক হাৰাশাস্তি কৰিলে নেকি? সাধ্বী প্ৰজ্ঞা দেশভক্ত কাৰণেই পৰমবীৰে তেওঁক বেল্টেৰে পিটিছিল নেকি?”

বিজেপি সাংসদ সাধ্বী প্ৰজ্ঞা ঠাকুৰে অৰ্ণৱ গোস্বামীৰ শ্ব’ ‘পুছতা হ্যেই ভাৰত’ত অংশ লৈ মুম্বাইৰ পুলিচ কমিশ্যনাৰ পৰমবীৰ সিঙৰ বিৰুদ্ধে নানা অভিযোগ উত্থাপন কৰিছিল৷ সাধ্বী প্ৰজ্ঞাই কৈছিল যে মহাৰাষ্ট্ৰত তেওঁৰ ওপৰত ভুৱা গোচৰ জাপি দি হাৰাশাস্তি কৰা হৈছিল৷ ষড়যন্ত্ৰ ৰচনা কৰি সাধ্বী প্ৰজ্ঞাক বন্দী কৰিছিল৷ প্ৰজ্ঞা ঠাকুৰে দাবী কৰে যে পৰমবীৰ সিঙ ডাঙৰ ষড়যন্ত্ৰকাৰী আৰু তেওঁক জ্যেষ্ঠ বিষয়া হিচাপে দায়িত্ব অৰ্পণ কৰাটোও ষড়যন্ত্ৰৰে এটা অংশ৷ সাধ্বী প্ৰজ্ঞাই কয় যে সাধ্বীক ভগৱত সন্ত্ৰাসসবাদী বুলি কোৱা হৈছিল আৰু এয়া কংগ্ৰেছৰ ষড়যন্ত্ৰ আছিল৷ উল্লেখযোগ্য যে ২০০৮ চনৰ মালেগাও বিস্ফোৰণৰ অন্যতম অভিযুক্ত সাধ্বী প্ৰজ্ঞা ঠাকুৰ৷ এতিয়া জামিন লাভ কৰি তেওঁ কাৰাগাৰৰ বাহিৰত আছে৷

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.