Support Free Journalism
  Breaking News
'বিজেপিয়ে মুছলমান প্ৰাৰ্থীক টিকট নিদিয়ে, হিন্দুৱেহে টিকট লাভ কৰিব৷'-কৰ্ণাটকৰ বিজেপি নেতা-দেশৰ আটাইতকৈ কম দামী 5G স্মাৰ্টফোন মুকলি হ'ল ভাৰতত-জানি লওঁক দাম আৰু ফিচাৰ্ছ-'মই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাম কৰি যাম': ড. সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য-অৰুণোদয় আঁচনিৰ জৰিয়তে আপুনি কেনেকৈ মাহে ৮৩০ টকাকৈ লাভ কৰিব? কি ক'লে মন্ত্ৰীয়ে?-ভোট বিজেপিক দিয়ক বা কংগ্ৰেছক, কংগ্ৰেছৰ বিধায়কেই বিজেপিৰে চৰকাৰ গঠন কৰিব: কেজৰিৱাল-পৌৰ নিগম নিৰ্বাচন:বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ কেৱল ট্ৰাম্প আহিবলৈ বাকী থাকিল-অৱেশী-"যোগী আদিত্যনাথে নাম সলনি কৰাৰ ঠিকা লৈ থৈছে নেকি?"- আছাদউদ্দিন অৱেশীয়ে কিয় ক'লে?-৫২ কোটিৰ হেণ্ডবেগ: বিক্ৰী কৰি কিছু টকা সাগৰ পৰিষ্কাৰ কৰিবলৈ দান কৰিব কোম্পানীটোৱে-ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ এদিনীয়াত আদানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত দুজন প্ৰতিবাদকাৰীৰ-ক'ৰ'ণা ভেকচিনক লৈ পুটিনে শিৰ থিয় কৰাই আছিল,এতিয়া নিজৰ শৰীৰত প্ৰয়োগত পিছ হহুকি আছে

বিয়াৰ বাবে ধৰ্ম পৰিৱৰ্তন গ্ৰহণযোগ্য নহয়- এলাহাবাদ উচ্চ ন্যায়ালয়

দ্য ষ্টেটমেন্ট : এলাহবাদ উচ্চ ন্যায়ালয়ে এক আবেদন খাৰিজ কৰি জনাইছে যে বিবাহৰ বাবে ধৰ্ম পৰিৱৰ্তন কৰাটো গ্ৰহণযোগ্য বিষয় নহয়৷ টাইমছ্ অৱ্ ইণ্ডিয়াত প্ৰকাশিত এক খবৰ অনুসৰি প্ৰিয়াংশী ওৰফে ছমৰীন আৰু তেওঁৰ স্বামীয়ে এক আবেদন দাখিল কৰি আদালতক অনুৰোধ জনাইছিল যে তেওঁলোকৰ বৈবাহিক জীৱনত হস্তক্ষেপ নকৰিবলৈ ছোৱালীগৰাকীৰ দেউতাকক আদালতে নিৰ্দেশ প্ৰদান কৰিব লাগে৷ 

উচ্চ ন্যায়ালয়ে সেই আবেদন খাৰিজ কৰি কয়-“ন্যায়ালয়ে জনামতে আবেদনকৰ্তা মহিলাই ২০২০ চনৰ ২৯ জুন তাৰিখে ধৰ্ম পৰিৱৰ্তন কৰিছে আৰু তাৰপিছত ৩১ জুলাই তাৰিখে বিবাহপাশত আৱদ্ধ হৈছে৷ গতিকে এইটো স্পষ্ট যে কেৱল বিবাহৰ বাবেই ধৰ্ম পৰিৱৰ্তন কৰা হৈছে৷”

আবেদনত দম্পতীয়ে জনাইছিল যে তেওঁলোকে জুলাই মাহত বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত ছোৱালীৰ পৰিয়ালে তেওঁলোকৰ বৈবাহিক জীৱনত হস্তক্ষেপ কৰিছে৷  উচ্চ ন্যায়ালয়ে এই আবেদন খাৰিজ কৰি কয় যে সংবিধানৰ ২২৬ নং অনুচ্ছেদ অনুসৰি ন্যায়ালয়ে এইক্ষেত্ৰত কোনো উদ্যোগ গ্ৰহণ কৰিব নোৱাৰে৷ ন্যায়াধীশ মহেন্দ্ৰ চন্দ্ৰ ত্ৰিপাঠীয়ে ২০১৪ চনৰ নুৰ জাহান বেগমৰ গোচৰৰ ৰায় উত্থাপন কৰি কয় যে কেৱল বিবাহৰ বাবে ধৰ্ম পৰিৱৰ্তন কৰাটো গ্ৰহণযোগ্য নহয়৷

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.