Support Free Journalism
  Breaking News
'বিজেপিয়ে মুছলমান প্ৰাৰ্থীক টিকট নিদিয়ে, হিন্দুৱেহে টিকট লাভ কৰিব৷'-কৰ্ণাটকৰ বিজেপি নেতা-দেশৰ আটাইতকৈ কম দামী 5G স্মাৰ্টফোন মুকলি হ'ল ভাৰতত-জানি লওঁক দাম আৰু ফিচাৰ্ছ-'মই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাম কৰি যাম': ড. সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য-অৰুণোদয় আঁচনিৰ জৰিয়তে আপুনি কেনেকৈ মাহে ৮৩০ টকাকৈ লাভ কৰিব? কি ক'লে মন্ত্ৰীয়ে?-ভোট বিজেপিক দিয়ক বা কংগ্ৰেছক, কংগ্ৰেছৰ বিধায়কেই বিজেপিৰে চৰকাৰ গঠন কৰিব: কেজৰিৱাল-পৌৰ নিগম নিৰ্বাচন:বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ কেৱল ট্ৰাম্প আহিবলৈ বাকী থাকিল-অৱেশী-"যোগী আদিত্যনাথে নাম সলনি কৰাৰ ঠিকা লৈ থৈছে নেকি?"- আছাদউদ্দিন অৱেশীয়ে কিয় ক'লে?-৫২ কোটিৰ হেণ্ডবেগ: বিক্ৰী কৰি কিছু টকা সাগৰ পৰিষ্কাৰ কৰিবলৈ দান কৰিব কোম্পানীটোৱে-ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ এদিনীয়াত আদানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত দুজন প্ৰতিবাদকাৰীৰ-ক'ৰ'ণা ভেকচিনক লৈ পুটিনে শিৰ থিয় কৰাই আছিল,এতিয়া নিজৰ শৰীৰত প্ৰয়োগত পিছ হহুকি আছে

সাংবাদিকতাৰ লগত ৰিপাব্লিকৰ টিভিৰ কোনো লেন-দেন নাই, এংকৰে মিছা কথা কয়: ৰবীশ কুমাৰ

দ্য ষ্টেটমেন্ট : দেশৰ এজন প্ৰতিষ্ঠিত সাংবাদিক আৰু এংকৰ ৰবীশ কুমাৰে নিজৰ ফেচবুক পোষ্টত অৰ্ণৱ গোস্বামীৰ নাম উত্থাপন নকৰাকৈ তেওঁক কঠোৰ সমালোচনা কৰিছে। ৰবীশ কুমাৰে লিখে যে অৰ্ণৱ গোস্বামীয়ে মিছা কথা কয় আৰু অদৰকাৰী কথা কৈ মানুহক উত্তেজিত কৰিবলৈ চেষ্টা কৰে। 

এনডিটিভিৰ এংকৰ ৰবীশ কুমাৰে শুক্ৰবাৰে ফেচবুকত ‘পুৰা গাঁওখনৰ ওপৰত কেচ কৰাৰ সামন্তবাদী মানসিকতাৰ পৰা মুম্বাই আৰক্ষী আঁতৰি থাকক’, এই শিৰোনামাৰ সৈতে এডিটৰ গিল্ডৰ এখন পত্ৰ শ্বেয়াৰ কৰি লিখে “এডিটৰ গিল্ডৰ এই বাৰ্তা জৰুৰী। স্পষ্ট কথা যে সাংবাদিকতাৰ লগত ৰিপাব্লিক টিভিৰ কোনো লেন দেন নাই। এংকৰে মিছা কথা কয়। সাধাৰণ মানুহক উত্তেজিত কৰে, অদৰকাৰী কথা কয়। কিন্তু তেওঁৰ কামৰ ওপৰত ক্ষুণ্ণ হৈ আৰক্ষীয়ে গোটেই গাঁওখনৰ ওপৰত কেচ জাপি দিয়াটো শুদ্ধ কথা হোৱা নাই। আপুনি এজন ব্যক্তিৰ ভুলৰ বাবে গাঁওখনক শাস্তি দিব নোৱাৰে। তেনেকুৱা কৰিলে আৰক্ষীৰ তদন্তৰ ওপৰত সন্দেহৰ আঙুলি উঠে আৰু শেষত কোনো উত্তৰ লাভ কৰা নাযায়।”

ৰবীশ কুমাৰে পুনৰ লিখে “সেই ঠাইত কাম কৰি থকা বেছিভাগ লোকে উপায় নাপায় চাকৰি কৰি আছে। দিনে ৰাতিয়ে নিজকে গালি পাৰি আছে। তেওঁলোক সেই ঠাইত বান্ধ খাই যোৱাৰ দৰে অনুভৱ কৰিছে। তেওঁলোকক এজন এংকৰ আৰু মালিকৰ ভুলৰ শাস্তি কিয় দিয়া হৈছে? সেই এংকৰজনে সাংবাদিকতাক ধূলিসাৎ কৰি দিছে। সাংবাদিকতাত বলিয়ালি স্থাপিত কৰিছে । এদিন সাংবাদিকতাত বলিয়ালিৰ পাঠ্যক্ৰম থাকিব আৰু সেই পাঠ্যক্ৰমৰ পাছতহে মানুহে এই চেনেলটোত কাম কৰাৰ বাবে যোগ্যতা লাভ কৰিব।”

ৰবীশ কুমাৰৰ ফেচবুক পোষ্ট এই সময়ত ভাইৰেল হৈছে আৰু বহু লোকে নিজৰ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে। 

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.