দ্য ষ্টেটমেন্ট : পেট্ৰ’লে ইতিমধ্যে শতকৰ ঘৰ পাৰ কৰিছে। ডিজেলও পেট্ৰ’লৰ সৈতে সুন্দৰভাৱে ৮৮ টকাত খেলি আছে। ফেব্ৰুৱাৰী মাহত ৰন্ধন গেছৰ মূল্য ১০০ টকা বৃদ্ধি পাইছে আৰু পেট্ৰল-ডিজেল, ৰন্ধন গেছৰ পিছত এইবাৰ মোদী চৰকাৰে কোনো জাননী নিদিয়াকৈ ৰেলৰ ভাড়া তিনিগুণ বৃদ্ধি কৰিছে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল যে মোদী চৰকাৰে ৰেলৰ ভাড়া তিনিগুণ বৃদ্ধি কৰাৰ পিছত জনসাধাৰণক আভুৱা ভাৰিবলৈ এই বৃদ্ধিক আংশিক বৃদ্ধি আখ্যা দিছে।
মোদী চৰকাৰে আংশিক বৃদ্ধিৰ কথা কৈ ৰেলৰ ভাড়া তিনিগুণলৈ বৃদ্ধি কৰাৰ পিছত দেশৰ বহু ঠাইত ৰেলৰ ভাড়া বৃদ্ধিৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ৰাহুল গান্ধীয়ে এই প্ৰসংগত মোদী চৰকাৰক সমালোচনা কৰি লিখে ‘কোভিড- আপোনাৰ বাবে সংকট, কিন্তু চৰকাৰৰ বাবে সুবিধা। পেট্ৰল-ডিজেল, ৰন্ধন গেছ আৰু ৰেলৰ ভাড়া বৃদ্ধি কৰি চৰকাৰে মধ্যবিত্তৰ সংকটলৈ ঠেলি দিছে।’
উল্লেখ্য যে কোভিড মহামাৰীৰ বাবে যাত্ৰীবাহী ৰেলৰ চলাচল বন্ধ থকাৰ বাবে আৰু ক্ষমতা অনুপাতে কম যাত্ৰীকলৈ ৰেল চলাচল কৰাৰ বাবে প্ৰায় ৫ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছিল।
📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।