Support Free Journalism
  Breaking News
এইগৰাকী আইতাৰ ৰেচিপি আঁকোৱালি ল'লে দৰ্শকে, Youtubeৰ পৰা লাভ কৰিলে Silver Button!-১৮ খন জিলাৰ চৰকাৰী চিকিৎসালয়ত ICU নাই ,স্বাস্থ্যমন্ত্ৰী নামৰ প্ৰাণীটোৱে কি কাম কৰে-ৰবীশ কুমাৰ-বিজেপিৰ বাবে মূল্যবৃদ্ধি আগতে 'ডাইনী' আছিল আৰু এতিয়া 'বৌয়েক' হৈ গ'ল নেকি?-তেজস্বী যাদৱ-পুলৱামা: ৰাজনৈতিক লাভ উঠাবলৈ চেষ্টা কৰা লোকৰ মুখা খোল খাই গ'ল-প্ৰধানমন্ত্ৰী-তুৰ্কী আৰু গ্ৰীচত হোৱা শক্তিশালী ভূমিকম্পত ২২ জন লোকৰ মৃত্যু, ভূমিকম্পৰ প্ৰাৱল্য আছিল ৭.০-আমাক ভোট দিয়ক,শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত আজান পীৰ কলাক্ষেত্ৰ নিৰ্মাণ কৰিম: বিজেপি-ধোঁৱা চাঙত বিজেপি চৰকাৰৰ জাতি-মাটি-ভেটী, বহিৰাগতক গটালে ৫০ বিঘা কৃষি ভূমি-"গোটেই পৃথিৱীৰ ৱাশ্বিং পাউডাৰ ব্যৱহাৰ কৰিলেও কমলনাথে দাগ মচিব নোৱাৰে৷"-শিৱৰাজ সিং চৌহান-চৌদি আৰৱৰ নতুন নোট- জন্মু-কাশ্মীৰ আৰু লাডাখক ভাৰতৰ অংশ হিচাপে নেদেখুৱালে-২০২০ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন হ'ব ইতিহাসৰ আটাইতকৈ খৰচী নিৰ্বাচন: কিমান টকা খৰচ হ'ব?

তেওঁলোকে এটা কথাই কয় ‘মোদীজীয়ে ভুল কাম নকৰে’: পাঞ্জাৱ বিজেপিৰ সাধাৰণ সম্পাদকৰ পদত্যাগ

দ্য ষ্টেটমেন্ট : “যেতিয়াই এটা ফৰ্মান (হুকুম) জাৰি কৰা হয়, তাৰ আপুনি কেতিয়াও বিৰোধিতা কৰিব নোৱাৰে। আমাক এটা কথাই কোৱা হয়, মোদীজীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে যেতিয়া শুদ্ধ সিদ্ধান্তই হ’ব।” খেতিয়কৰ কথা কোনেও চিন্তা নকৰে। এইটো কংগ্ৰেছ বা বিৰোধী দলৰ নেতাৰ মন্তব্য নহয়। বিজেপিৰ সাধৰণ সম্পাদক মলবিন্দৰ সিং কাঙে কৃষি বিলৰ বিৰোধিতা কৰি বিজেপিৰ পৰা পদত্যাগ কৰাৰ পাছতেই এই মন্তব্য প্ৰকাশ কৰিছে। 

মলবিন্দৰ সিং কাঙ পাঞ্জাৱ বিজেপিৰ এজন জনপ্ৰিয় শিখ সম্প্ৰদায়ৰ নেতা আছিল।  পাঞ্জাৱৰ খেতিয়কসকলে নৰেন্দ্ৰ মোদী চৰকাৰে গৃহীত কৰা কৃষি বিলৰ বিৰোধিতা কৰি থকাৰ সময়তে বিজেপিৰ এই জ্যেষ্ঠ নেতাজনৰ পদত্যাগৰ খবৰে পাঞ্জাৱ বিজেপিত জোকাৰণিৰ সৃষ্টি হৈছে। 

বিজেপিৰ পৰা পদত্যাগ কৰি মলবিন্দৰ সিং কাঙে কয়  “মই খেতিয়কৰ পক্ষত থাকিব বিচাৰিছিলো আৰু যিসকলে এই জনবিৰোধী আইনৰ বিৰোধিতা কৰিছে, তেওঁলোকৰ পক্ষত থাকিব বিচাৰিছিলো। কিন্তু দলত থাকি দলৰ অনুশাসনৰ বাবে এই কাম কৰিব পৰা নাছিলো। সেইবাবেই মই আদৰ্শগতভাৱে ভাবিলো যে এই সময়ত মই দলত থাকিব নোৱাৰিম।” 

বিজেপিৰ হাই কামাণ্ডলৈ লিখা পদত্যাগ পত্ৰত মলবিন্দৰ সিং কাঙে শেষত এটা শ্লোগানে লিখিছে আৰু সেইটো হৈছে “কিষাণ মজদুৰ একতা জিন্দাবাদ।”

আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.