Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

মহাপঞ্চায়তলৈ ৰাওনা প্ৰিয়ংকা গান্ধী, ৰাকেশ টিকাইটে ক’লে- ‘মঞ্চ বা মাইক একোৱে দিয়া নহয়’

দ্য ষ্টেটমেন্ট : কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মহাসচিব প্ৰিয়ংকা গান্ধীয়ে বুধবাৰে চিলকানাত আয়োজিত মহাপঞ্চায়তত সম্বোধন কৰিব ৷ তাৰবাবে তেওঁ বাদ্ৰালৈ ৰাওনা হৈছে ৷ এই কথা প্ৰিয়ংকা গান্ধীয়ে টুইটৰ দ্বাৰা জানিবলৈ দিয়ে ৷ তেওঁ লিখে, “কৃষকৰ মনৰ কথা শুনিবলৈ, বুজিবলৈ, তেওঁলোকক নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ, তেওঁলোকৰ সংঘৰ্ষৰ সময়ত কাষত থাকিবলৈ আজি সহাৰণপুৰত থাকিম ৷ ভাজপা চৰকাৰে ক’লা কৃষি আইন বাতিল কৰিব লাগিব ৷”

এই সন্দৰ্ভত ভাৰতীয় কিষাণ য়ুনিয়নৰ নেতা ৰাকেশ টিকাইটে কয়, প্ৰিয়ংকা গান্ধী ক’ত, কেতিয়া যায় ইয়াৰ লগত মোৰ কোনো লেনদেন নাই ৷ তেওঁ কয়, “না তেওঁ স্তেজত উঠিব, না তেওঁক মাইক দিয়া হ’ব ৷ আহিব বিচাৰিছে আহক, সকলোকে স্বাগতম ৷ আহি সংবাদমাধ্যমৰ সৈতে কথা পাতক, জনতাৰ সৈতে কথা পাতক ৷” 

প্ৰিয়ংকা গান্ধী বাদ্ৰাৰ মহাপঞ্চয়তত উপস্থিত হোৱাৰ আগতে সহাৰণপুৰ জিলাৰ সিদ্ধপীঠ মা শাকুম্ভৰী দেৱীৰ দৰ্শন কৰিব ৷ কংগ্ৰেছৰ বিধায়ক মসুদ আখটাৰে কয় যে প্ৰিয়ংকা গান্ধী বাদ্ৰাৰ জৌলীগ্ৰাণ্ট বিমানবন্দৰৰ পৰা সুন্দৰপুৰ বিহাৰীগড়ৰ পৰা জসমোৰ হৈ প্ৰথমে মা শাকুম্ভৰী দেৱীৰ দৰ্শন কৰিব আৰু তাৰ পৰা মিৰ্জাপুৰ থানাৰ ক্ষেত্ৰৰ ৰায়পুৰস্থিত খানকাহ ৰহীমী মাদ্ৰাছাৰ পূৰ্বৰ মুতবল্লী স্বৰ্গীয় আব্দুল কায়ুমৰ পৰিয়ালক সাক্ষাৎ কৰিব ৷ তেওঁ কয় যে ইয়াৰ পিছত প্ৰিয়ংকা গান্ধীয়ে চিলকানাস্থিত জে জে ইণ্টাৰ কলেজত আয়োজিত কৃষক মহাপঞ্চায়তত সম্বোধন কৰিব ৷ আখটাৰে কয় যে মহাপঞ্চায়তৰ পিছত প্ৰিয়ংকা গান্ধীয়ে পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী দিবংগত কাজী, ৰশীদ মসুদৰ পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰিব ৷ তাৰ পিছত তেওঁ শাৰদানগৰস্থিত শ্বহীদ নিশান্ত শৰ্মাৰ ঘৰলৈ গৈ তেওঁৰ পৰিয়ালক সাক্ষাৎ কৰিব ৷

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.