দ্য ষ্টেটমেন্ট : কৃষি আইনক কেন্দ্ৰ কৰি দেশৰ ৰাজনীতি এতিয়া উত্তপ্ত হৈ উঠিছে ৷ মংগলবাৰে মথুৰাৰ পালীখেড়াত কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধীয়ে কৃষকৰ মহাপঞ্চায়ত সম্বোধন কৰে ৷
প্ৰিয়ংকা গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰি কয় যে প্ৰধানমন্ত্ৰী কেৱল অহংকাৰীয়ে নহয় ভয়াতুৰো ৷ প্ৰিয়ংকা গান্ধীয়ে কয় যে যদি পূৰ্বৰ চৰকাৰে একো নিৰ্মাণেই কৰা নাছিল তেন্তে আপুনি বিক্ৰী কৰি আছে কিয় ৷ আপোনাৰ চৰকাৰে কেৱল নোটবন্দী আৰু জিএছটি আনিলে, যাৰদ্বাৰা জনতাৰ সমস্যাৰ সৃষ্টি হ’ল ৷ প্ৰিয়ংকা গান্ধীয়ে ঘোষণা কৰে যে যেতিয়ালৈকে তিনিওখন কৃষি আইন বাতিল কৰা নহয় তেতিয়ালৈকে আন্দোলন অব্যাহত থাকিব ৷
‘গোৱৰ্ধন পৰ্বতক সংৰক্ষণ কৰি ৰাখক’
প্ৰিয়ংকা গান্ধীয়ে কয় যে মোডী চৰকাৰে LICকে ধৰি বহুতো কোম্পানী বিক্ৰী কৰিছে, গোবৰ্ধন পৰ্বতক সংৰক্ষণ কৰক যাতে কাইলৈ চৰকাৰে ইয়াক বিক্ৰী কৰিব নোৱাৰে ৷ প্ৰিয়ংকাই কয় যে প্ৰধানমন্ত্ৰী মোডীৰ কৃষকৰ লগত এনে কি শত্ৰুতা আছে সেয়া কোনেও নাজানে ৷
মন্ত্ৰীসকলে কৃষকক সন্ত্ৰাসবাদী আখ্যা দিয়ে, ৰাহুল গান্ধীয়ে সংসদত মৌনতা অৱলম্বন কৰাৰ সময়তো তেওঁলোকে অংশ নল’লে ৷ প্ৰিয়ংকা গান্ধীয়ে মহাপঞ্চায়তত কয় যে ৮০ দিনৰ পৰা কৃষকে দিল্লীৰ সীমাত প্ৰতিবাদ কৰি আছে, ২০০তকৈ অধিক কৃষকে মৃত্যুবৰণ কৰিছে ৷ তেওঁ কয় যে চৰকাৰৰ বিবেকৰ মৃত্যু ঘটিছে, ভগৱান কৃষ্ণই তেওঁলোকৰ অহংকাৰ বিনাশ কৰিব ৷ প্ৰিয়ংকাই কয় যে মোডীয়ে নিজৰ বাবে দুখন বিমান ক্ৰয় কৰিলে কিন্তু কৃষকক পাবলগীয়া সাহাৰ্য প্ৰদান কৰা নাই,ইয়াৰ দ্বাৰা মোডী চৰকাৰৰ অন্তৰ্নিহিত উদ্দেশ্য় প্ৰতিফলিত হয় ৷
📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।