Support Free Journalism
  Breaking News
'তুমি মোক ভোট দিয়া, মই তোমাক বিনামূলীয়া ভেকচিন দিম': টুইটাৰত কিয় এই প্ৰতিক্ৰিয়া-দৰমহাৰ পইচাৰে চলিব পৰা নাই, প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব খুজিছে বৰিছ জনচনে-হোৱাটছএপত ‘পৰ্ণ’ শ্বেয়াৰ কৰি ৰোষৰ বলি হ'ল গোৱাৰ উপ-মুখ্যমন্ত্ৰী তথা বিজেপি নেতা কাভেলকাৰ-বিহাৰৰ সকলো লোককে বিনামূলীয়াকৈ কৰ'ণাৰ প্ৰতিষেধক দিম: বিজেপিৰ ঘোষণাপত্ৰ-মহাৰাষ্ট্ৰ বিজেপিৰ জ্যেষ্ঠ নেতা একনাথ খড়চেৰ পদত্যাগ: যোগদান কৰিব শৰদ পাৱাৰৰ NCPত-“পইচা দে নহ’লে উগ্ৰপন্থী লগাই উঠাই দিমঃ” ধন দাবী কৰি ধৰা পৰিল এবিভিপিৰ নেতা-IPL 2020: পশ্চিম পাঠকক আপুনিও মহিলা আম্পায়াৰ বুলি ভুল ভাবিছে নেকি?-বিহাৰ নিৰ্বাচন- ভাষণ দিবলৈ সাজু হওঁতে তেজস্বী যাদৱলৈ চেণ্ডেল দলিয়ালে উপস্থিত জনতাই-কংগ্ৰেছ পৰা বিজেপিলৈ অহা নেতাক মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰাৰ পাছতেই ৩৭ চেকেণ্ডত দুবাৰকৈ ভৰিত ধৰিলে!-বিহাৰত সুৰা নিষিদ্ধ, কিন্তু তাৰ পাছতো সুৰাপায়ীৰ পছন্দৰ নেতা নীতিশ কুমাৰ: চাওঁক ভিডিঅ'

দ্বিতীয়বাৰলৈ বৃহৎ জয়েৰে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হ’ল জেছিন্দা আৰ্ডেৰ্ন

দ্য ষ্টেটমেন্ট : সংবাদ গোষ্ঠী ৰয়টাৰত প্ৰকাশিত বাতৰি অনুসৰি নিউজিলেণ্ডৰ সাধাৰণ নিৰ্বাচনত প্ৰধানমন্ত্ৰী জেছিন্দা আৰ্ডেৰ্নৰ লেবাৰ পাৰ্টীয়ে বৃহৎ জয় সাব্যস্ত কৰিছে। অৱশ্যে নিউজিলেণ্ডৰ সাধাৰণ নিৰ্বাচনত প্ৰধানমন্ত্ৰী জেছিন্দা আৰ্ডেৰ্নৰ দল পুনৰবাৰ শাসনলৈ অহাৰ সম্ভাৱনাৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পাইছিল আৰু তাৰ কাৰণ আছিল প্ৰধানমন্ত্ৰী জেছিন্দা আৰ্ডেৰ্নে নিজৰ উদাৰ আৰু সকলোকে লৈ আগবঢ়াৰ নীতিৰ বাবেই দেশৰ এক বৃহৎ জনসংখ্যাৰ হ্ৰদয় জয় কৰিবলৈ তেওঁ সক্ষম হৈছিল। 

২০১৭ চনত আৰম্ভ হোৱা তেওঁৰ প্ৰথমটো কাৰ্যকালৰ প্ৰথম ভাগতেই বহুকেইটা সন্ত্ৰাসবাদীৰ ঘটনা সংঘটিত হোৱাৰ পাছতেই দেশখনত কৰ’ণা মহামাৰীৰ সংকটে দেখা দিছিল। কিন্ত সেই সময়ত জেছিন্দা আৰ্ডেৰ্নে গ্ৰহণ কৰা স্থিতিক সমগ্ৰ বিশ্বই প্ৰশংসা কৰিছিল। যদিও নিউজিলেণ্ড এখন সৰু দেশ কিন্তু জেছিন্দা আৰ্ডেৰ্নৰ কায্যকালত প্ৰধানমন্ত্ৰী গৰাকীয়ে নিউজিলেণ্ডক বিশ্বৰ এখন উদাৰ আৰু সুশাসিত দেশ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। 

উল্লেখ্য যে নিউজিলেণ্ডৰ সংসদত ১২১ খন আসন আছে আৰু  নিৰ্বাচনী প্ৰক্ৰিয়া অনুসৰি প্ৰতিজন ভোটাৰে দুটাকৈ ভোট দিয়ে। ১২১ জন সাংসদৰ ভিতৰত ৭১ জন সাংসদক প্রত্যক্ষভাৱে নিৰ্বাচিত কৰা হয় আৰু ৭০ জন সাংসদক দলসমূহে লাভ কৰা ভোটৰ শতাংশৰ অনুপাতৰ আধাৰত নিৰ্বাচিত কৰা হয়। 

চাওঁক জেছিন্দা আৰ্ডেৰ্ন সম্পৰ্কে দ্য ষ্টেটমেন্টৰ দ্বাৰা ১০ এপ্ৰিলত প্ৰকাশিত এক বিশেষ ৰিপোৰ্ট

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.