Support Free Journalism
  Breaking News
'তুমি মোক ভোট দিয়া, মই তোমাক বিনামূলীয়া ভেকচিন দিম': টুইটাৰত কিয় এই প্ৰতিক্ৰিয়া-দৰমহাৰ পইচাৰে চলিব পৰা নাই, প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব খুজিছে বৰিছ জনচনে-হোৱাটছএপত ‘পৰ্ণ’ শ্বেয়াৰ কৰি ৰোষৰ বলি হ'ল গোৱাৰ উপ-মুখ্যমন্ত্ৰী তথা বিজেপি নেতা কাভেলকাৰ-বিহাৰৰ সকলো লোককে বিনামূলীয়াকৈ কৰ'ণাৰ প্ৰতিষেধক দিম: বিজেপিৰ ঘোষণাপত্ৰ-মহাৰাষ্ট্ৰ বিজেপিৰ জ্যেষ্ঠ নেতা একনাথ খড়চেৰ পদত্যাগ: যোগদান কৰিব শৰদ পাৱাৰৰ NCPত-“পইচা দে নহ’লে উগ্ৰপন্থী লগাই উঠাই দিমঃ” ধন দাবী কৰি ধৰা পৰিল এবিভিপিৰ নেতা-IPL 2020: পশ্চিম পাঠকক আপুনিও মহিলা আম্পায়াৰ বুলি ভুল ভাবিছে নেকি?-বিহাৰ নিৰ্বাচন- ভাষণ দিবলৈ সাজু হওঁতে তেজস্বী যাদৱলৈ চেণ্ডেল দলিয়ালে উপস্থিত জনতাই-কংগ্ৰেছ পৰা বিজেপিলৈ অহা নেতাক মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰাৰ পাছতেই ৩৭ চেকেণ্ডত দুবাৰকৈ ভৰিত ধৰিলে!-বিহাৰত সুৰা নিষিদ্ধ, কিন্তু তাৰ পাছতো সুৰাপায়ীৰ পছন্দৰ নেতা নীতিশ কুমাৰ: চাওঁক ভিডিঅ'

ৰামৰ দলত ৰাৱণ: SI কেলেংকাৰীৰ পাছত P&RD নিযুক্তি কেলেংকাৰীত জড়িত বিজেপি নেতাক গ্ৰেপ্তাৰ

দ্য ষ্টেটমেন্ট : ২০ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা SI পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ পাছতেই সেই কেলেংকাৰীৰ লগত জড়িত বিজেপিৰ নেতা দিবন ডেকা কৰিমগঞ্জৰ প্ৰাক্তন আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণ, পি কে দত্তক গ্ৰেপ্তাৰ কৰাৰ পাছতেই এইবাৰ ক্ৰাইম ব্ৰাঞ্চৰ তালাচী চলিল বিজেপিৰ প্ৰভাৱশালী বিজেপি কৰ্মী ৰাজীৱ পৰাশৰৰ ঘৰত। ইতিমধ্যে পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নিযুক্তি কেলেংকাৰীত জড়িত থকাৰ অপৰাধত ৰাজীৱ পৰাশৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। 

উল্লেখ্য যে বহু মাহৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হোৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নিযুক্তিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী নৱ দলে, মন্ত্রী চন্দ্ৰ মোহন পাটোয়াৰীকে ধৰি বহু মন্ত্ৰী বিধায়কৰ আত্মীয়ই চাকৰি লাভ কৰিছিল। নিযুক্তিৰ সময়তেই এই কথাক লৈ বহু হুলস্থুলৰ সৃষ্টি হৈছিল যদিও লাহে লাহে সেই হুলস্থুল হ্ৰাস পায়। কিন্তু বৰ্তমান সময়ত এই নিযুক্তি কেলেংকাৰীত জড়িত থকাৰ অভিযোগত বিজেপি কৰ্মী ৰাজীৱ পৰাশৰৰ ঘৰত আৰক্ষীয়ে তালাচী চালোৱাৰ উপৰিও তেওঁ ব্যৱহাৰ কৰা মোবাইল, লেপটপ আৰু তেওঁৰ গাড়ীও জব্দ কৰিছে। 

পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নিযুক্তিত যে কেলেংকাৰী হৈছিল তাক লৈ কাৰো দ্বিমত নাই।  ৰামৰাজ্যৰ সপোন দেখুৱাই শাসনলৈ অহা বিজেপিৰ নেতায়ে এতিয়া ৰাৱণৰ দৰে কাম কৰিবলৈ আৰম্ভ কৰিছে। চৰকাৰে এতিয়া  মোগলক পাহৰি বিজেপি দলত থকা ৰাৱণৰ বিৰূদ্ধে যুদ্ধ আৰম্ভ কৰিলেহে হয়তো অসমত ৰামৰাজ্য প্ৰতিষ্ঠা হ’ব।

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.