দ্য ষ্টেটমেন্ট : অভিনেত্ৰী কংগনা ৰাণাৱট আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ মাজত চলি থকা তর্ক বিতৰ্কৰ মাজতে কেন্দ্ৰীয় চৰকাৰে কংগনাক Y কেটেগৰীৰ সুৰক্ষা প্ৰদান কৰিছে। বুধবাৰে বোম্বে পৌৰ নিগমে মুম্বাইৰ বান্দ্ৰাত থকা তেওঁৰ কাৰ্যালয়ত অবৈধভাৱে নিৰ্মাণ কাৰ্য চলোৱাৰ কথা অভিযোগ উত্থাপন কৰি কাৰ্যালয়ৰ কিছু অংশ ভাঙি পেলাইছে যদিও ইতিমধ্যে বোম্বে উচ্চ ন্যায়ালয়ে সেই কামত স্থগিতাদেশ জাৰি কৰিছে। কেন্দ্ৰীয় চৰকাৰে কংগনাক Y কেটেগৰী সুৰক্ষা প্ৰদান কৰাৰ পাছতেই ছচিয়েল মিডিয়াত কেন্দ্ৰীয় চৰকাৰ আৰু কংগনাক সমালোচনা কৰিছে।
এই বিষয়ত দক্ষিণ ভাৰতৰ অভিনেতা প্ৰকাশ ৰাজৰ এটা টুইট ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। কংগনাক সুৰক্ষা কৰ্মীয়ে আগুৰি ৰখা এখন ফটো আৰু লকডাউনৰ সময়ত ৰাজপথে দি গৈ থকা প্ৰৱাসী শ্ৰমিকৰ ফটো শ্বেয়াৰ কৰি প্ৰকাশ ৰাজে লিখে “হয়…নতুন ভাৰত #সুধিছোহে মাত্ৰ”।
দক্ষিণ ভাৰতৰ অভিনেতা প্ৰকাশ ৰাজে দেশৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত মাত মাতি আহিছে আৰু এই টুইটৰ পাছত বহু লোকে তেওঁক সমৰ্থন কৰিছে।
📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।