Support Free Journalism
  Breaking News
'বিজেপিয়ে মুছলমান প্ৰাৰ্থীক টিকট নিদিয়ে, হিন্দুৱেহে টিকট লাভ কৰিব৷'-কৰ্ণাটকৰ বিজেপি নেতা-দেশৰ আটাইতকৈ কম দামী 5G স্মাৰ্টফোন মুকলি হ'ল ভাৰতত-জানি লওঁক দাম আৰু ফিচাৰ্ছ-'মই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাম কৰি যাম': ড. সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য-অৰুণোদয় আঁচনিৰ জৰিয়তে আপুনি কেনেকৈ মাহে ৮৩০ টকাকৈ লাভ কৰিব? কি ক'লে মন্ত্ৰীয়ে?-ভোট বিজেপিক দিয়ক বা কংগ্ৰেছক, কংগ্ৰেছৰ বিধায়কেই বিজেপিৰে চৰকাৰ গঠন কৰিব: কেজৰিৱাল-পৌৰ নিগম নিৰ্বাচন:বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ কেৱল ট্ৰাম্প আহিবলৈ বাকী থাকিল-অৱেশী-"যোগী আদিত্যনাথে নাম সলনি কৰাৰ ঠিকা লৈ থৈছে নেকি?"- আছাদউদ্দিন অৱেশীয়ে কিয় ক'লে?-৫২ কোটিৰ হেণ্ডবেগ: বিক্ৰী কৰি কিছু টকা সাগৰ পৰিষ্কাৰ কৰিবলৈ দান কৰিব কোম্পানীটোৱে-ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ এদিনীয়াত আদানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত দুজন প্ৰতিবাদকাৰীৰ-ক'ৰ'ণা ভেকচিনক লৈ পুটিনে শিৰ থিয় কৰাই আছিল,এতিয়া নিজৰ শৰীৰত প্ৰয়োগত পিছ হহুকি আছে

তুৰ্কী আৰু গ্ৰীচত হোৱা শক্তিশালী ভূমিকম্পত ২২ জন লোকৰ মৃত্যু, ভূমিকম্পৰ প্ৰাৱল্য আছিল ৭.০

দ্য ষ্টেটমেন্ট : ৩০ অক্টোবৰত তুৰ্কী আৰু গ্ৰীচত হোৱা শক্তিশালী ভূমিকম্পত ২২ জন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ৮০০ তকৈ অধিক লোক আহত হৈছে। সংবাদগোষ্ঠী FPRৰ খবৰ অনুসৰি এই ভূমিকম্প চমোচৰ এজীৱান দ্বীপত সামান্য চুনামি আৰু সাগৰত সৃষ্টি হোৱা ঢৌৰ ফলতেই উৎপত্তি হৈছিল আৰু এই চুনামি আৰু ঢৌৰ ফলতেই পশ্চিম তুৰ্কীত থকা এখন চহৰৰ পথত পানী বৈ যোৱাৰ দৃশ্য পৰিলক্ষিত হৈছিল। 

আমেৰিকা জিয়লজিকেল ছাৰ্ভেৰ বক্তব্য অনুসৰি গ্ৰীচৰ চহৰ কাৰ্লবাৰ্ষিৰ পৰা ১৪ কিলোমিটাৰ দূৰত্বত ৰিখটাৰ স্কেলৰ হিচাপত ৭.০ তীব্রতাত ভূমিকম্পই জোকাৰণিৰ সৃষ্টি কৰিছিল। তাৰ বিপৰীতে তুৰ্কীৰ চৰকাৰী এজেঞ্চিয়ে জানিবলৈ দিয়ামতে, ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলৰ হিচাপত ৬.৬ আৰু গ্ৰীচৰ এজেঞ্চিয়ে জানিবলৈ দিয়া মতে ভূমিকম্পৰ তীব্ৰতা আছিল ৬.৭। 

AFPয়ে প্ৰকাশ কৰা বাতৰি অনুসৰি তুৰ্কীৰ ডিজাষ্টৰ ৰিলিফ এজেঞ্চিয়ে এতিয়ালৈকে ২০ জন লোকৰ মৃত্যু আৰু ৮০০ লোক আঘাতপ্ৰাপ্ত হোৱাৰ কথা প্ৰকাশ কৰিছে আৰু গ্ৰীচত এতিয়ালৈকে দুজন লোকৰ মৃত্যু হৈছে। 
ভূমিকম্পৰ পাছতেই তুৰ্কীৰ ৰাষ্ট্ৰপতি তৈয়ব অৰ্দ্ৰয়ানে টুইট কৰি কয় যে চৰকাৰৰ হাতত উপলব্ধ সকলো সুবিধাৰ সৈতে দেশৰ নাগৰিকৰ সহায়ৰ বাবে প্ৰস্তুত হৈছে। আনহাতে স্বাস্থ্য মন্ত্ৰীয়ে টুইট কৰি কয় যে নাগৰিক সকলে নিজৰ জীৱন ৰক্ষা কৰিবলৈ ঘৰৰ পৰা ৰাজপথত জমা হৈছিল, এতিয়ালৈকে প্ৰায় ২০ টা ঘৰ ভাঙি যোৱাৰ খবৰ পোহৰলৈ আহিছে আৰু চহৰখনত ৩৮ খন এম্বুলেন্স, দুখন এম্বুলেন্স হেলিকপ্টাৰ আৰু ৩৫ টা মেডিকেল টীমে নাগৰিক সকলক সহায় কৰিবৰ বাবে কাম কৰি আছে।  

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.