দ্য ষ্টেটমেন্ট : আত্মনিৰ্ভৰ ভাৰত অভিযান আৰম্ভ কৰি বিদেশী সামগ্ৰী ব্যৱহাৰ নকৰাৰ শপত গ্ৰহণ কৰাৰ পাছতো এতিয়ালৈকে ভাৰতীয় বজাৰত চীনৰ মোবাইল কোম্পানীৰ স্মাৰ্টফোনৰ লগত প্ৰতিযোগিতাত নামিব পৰাকৈ ভাৰতীয় প্ৰতিদ্বন্দীৰ নাম কোনো লোকৰে চকুত পৰা নাই। লাদাখৰ ভাৰত চীন সীমাত চলি থকা সীমা বিবাদৰ সময়ত দেশত চীনৰ বস্তু বৰ্জন কৰাৰ এটা প্ৰতিযোগিতা আৰম্ভ হৈছিল কিন্তু শেষত প্ৰমাণ হ’ল যে সেইটো এটা ক্ষন্তেকীয়া আৱেগৰ বাদে আন একো নাছিল।
ভাৰতত চীনৰ মোবাইল কোম্পানীৰ স্মাৰ্টফোনৰ জনপ্ৰিয়তা যে দেশত এতিয়াও আছে, সেই কথাৰ প্ৰমাণ পোৱা গল ১১ ছেপ্টেম্বৰত। ফ্লিপকাৰ্টত আৰম্ভ হোৱা চীনৰ কোম্পানীৰ মোবাইল ফোন Poco M2ৰ প্ৰথম চেলতেই কোম্পানীটোৱে দেশত ১ লাখ ৩০ হাজাৰ মোবাইল ফোন বিক্ৰী কৰিছে। Poco M2ৰ দাম হৈছে ১০,৯৯৯ টকা আৰু লগতে কোম্পানীটোৱে ৫০০০ mAhৰ এটা শক্তিশালী বেটেৰী আৰু ফটোগ্ৰাফীৰ বাবে পাছফালে চাৰিটাকৈ কেমেৰাৰ ছেট আপ প্ৰদান কৰিছে।
📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।