দ্য ষ্টেটমেন্ট : পশ্চিমবংগ আৰু অসমত মাত্ৰ এমাহৰ পিছতে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম আৰু পশ্চিমবংগলৈ কেইবাবাৰো আহি বিজেপিৰ পক্ষত ভোটদান কৰিবলৈ দুয়োখন ৰাজ্যৰ ভোটাৰক আহ্বান জনাইছে।
অসমত যিহেতুকে বিজেপিৰে চৰকাৰ আছে গতিকে প্ৰধানমন্ত্ৰীয়ে অসমৰ নিবনুৱাক চাকৰি দিয়াৰ উল্লেখ নকৰি সোমবাৰে পশ্চিমবংগৰ ভোটাৰক প্ৰতিশ্ৰুতি প্ৰদান কৰিলে যে ৰাজ্যখনত বিজেপিৰ চৰকাৰ গঠন হ’লে কেতিয়াও চাকৰিৰ সংখ্যা হ্ৰাস নাপায়। বিজেপি চৰকাৰে ইমানেই চাকৰি সৃষ্টি কৰিব যে পশ্চিমবংগৰ কোনো নিবনুৱাই ৰাজ্যৰ বাহিৰলৈ চাকৰি বিচাৰি আৰু যাব লগাৰ পৰিস্থিতিৰ সৃষ্টি নহ’ব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ নিবনুৱাক চাকৰিৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতেই টুইটাৰত ২ লাখতকৈ অধিক লোকে হেছটেগ ব্যৱহাৰ কৰি প্ৰধানমন্ত্ৰীক দেশৰ নিবনুৱাক চাকৰি দিবলৈ আহ্বান জনাইছে। আনহাতে দেশৰ এজন জ্যেষ্ঠ সাংবাদিক অজিত অঞ্জুমে টুইট কৰি লিখে “প্ৰধানমন্ত্ৰী মোদীয়ে এতিয়া পশ্চিমবংগত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। কিন্তু কথাটো হ’ল, দেশৰ বাকী ৰাজ্যত চাকৰি দিলে নেকি? তেতিয়াহলে ৰোজগাৰ দো শ্লোগান কোনে দিছে? মোদীজী ৰোজগাৰ দো কোনে কৈছে?”
📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।