Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

প্ৰধানমন্ত্ৰীয়ে অসম-কেৰালালৈ গৈ আছে, কৃষকক সাক্ষাৎ কৰিবলৈহে সময় নাই: চিদাম্বৰম

দ্য ষ্টেটমেন্ট : কেন্দ্ৰৰ নতুন কৃষি আইনৰ বিৰোধিতাৰে অব্যাহত থকা কৃষক আন্দোলনৰ মাজতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমে আকৌ এবাৰ চৰকাৰক তীক্ষ্ণ সমালোচনা কৰে ৷

তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওচৰত কেৰালাৰ পৰা অসমলৈ ভ্ৰমণ কৰাৰ সময় আছে কিন্তু কৃষকক সাক্ষাৎ কৰিবলৈ সময় নাই ৷ চিদাম্বৰমে শনিবাৰে টুইট কৰি কয়,”মন্দাৱস্থাৰ বছৰটোত ৩.৯% শতাংশ বৃদ্ধিৰ বাবে কৃষিক্ষেত্ৰক পুৰস্কৃত কৰা, প্ৰতিবাদকাৰী কৃষকৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছে যেন তেওঁলোক দেশৰ শত্ৰু ৷ প্ৰধানমন্ত্ৰীয়ে কেৰালাৰ পৰা অসমলৈ যাব পাৰে, কিন্তু তেওঁ দিল্লীৰ সীমাত কৃষকক সাক্ষাৎ কৰিবলৈ ২০ কি:মি: যাত্ৰা কৰিব নোৱাৰে ৷”

ইয়াৰ লগতে তেওঁ কয়, “তাৰ পিছতো তেওঁ ক’ব যে কৃষকৰ আয় তেওঁ দুগুণ বৃদ্ধি কৰিছে ৷ এইটোও ক’ব যে সকলো কৃষকে MSP লাভ কৰে ৷ কিন্তু সত্যটো হ’ল যে মাত্ৰ ৬% কৃষকেহে MSP লাভ কৰে ৷”

কৃষক আন্দোলন সন্দৰ্ভত বিগত দিনত চিদাম্বৰমে কৈছিল, “মোডী চৰকাৰে এতিয়াও ভাৱে নেকি যে কৃষি আইন লোকপ্ৰিয় আৰু পাঞ্জাৱৰ কৃষকৰ কেৱল এটা সৰু বৰ্গই এই আইনৰ বিৰোধীতা কৰি আছে?”

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.