Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

‘মোদী দংগাবাজ,ট্ৰাম্পতকৈও বেয়া সময়ে মোদীৰ বাবে অপেক্ষা কৰি আছে’-মমতা

দ্য ষ্টেটমেন্ট : পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ মাজৰ বাকযুদ্ধ তুংগত উঠিছে। এফালে মমতা বেনাৰ্জীয়ে বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰিছে আৰু আনফালে মমতা বেনাৰ্জীৰ ভতিজাক অভিষেক বেনাৰ্জীৰ পত্নীক চিবিআইয়ে কয়লা কেলেংকাৰীৰ অভিযোগত সোধাপোছা আৰম্ভ কৰিছে। 

মমতা বেনাৰ্জীয়ে আজি হুগলীত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী মোডীক সমালোচনা কৰি কয় যে প্ৰধানমন্ত্ৰী মোদী দেশৰ আটাইতকৈ ডাঙৰ দংগাবাজ। মমতাই দাবী কৰে যে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পতকৈও বেয়া সময়ে মোদীৰ বাবে অপেক্ষা কৰি আছে। মমতাই কয় যে পশ্চিমবংগৰ বিধানসভাৰ নিৰ্বাচনত তেওঁ গোলকিপাৰৰ ভূমিকা গ্ৰহণ কৰিছে আৰু বিজেপিয়ে এটা গোল দিবলৈও সক্ষম নহ’ব।

মমতা বেনাৰ্জীৰ ভতিজাক অভিষেক বেনাৰ্জীৰ পত্নীক চিবিআইয়ে কয়লা কেলেংকাৰীৰ অভিযোগত সোধাপোছা কৰাৰ পিছত মমতাই প্ৰধানমন্ত্ৰীক উদ্দেশ্যি কয় যে “মোৰ ঘৰৰ বোৱাৰীক অপমান কৰি কয়লা চুৰ আখ্যা দিব নেকি? আপুনি আপোনাৰ ঘৰৰ মাতৃ-ভগ্নীক কয়লা চুৰ বুলি ক’ব নেকি? আপুনি নিৰ্দোষী নহয়। আমি সকলো জানো।”

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.