দ্য ষ্টেটমেন্ট : দেশত যোৱা ১১ দিনৰ পৰা পেট্ৰল ডিজেলৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি পাইছে। ৰাজধানী দিল্লীত শুক্ৰবাৰে পেট্ৰলত ৩১ পইচা আৰু ডিজেলত ৩৩ পইচা বৃদ্ধি হৈছে। পেট্ৰল ডিজেলৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি হোৱাৰ লগে লগে জনতাই চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰিছে যদিও মোদী চৰকাৰে পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে এতিয়াও কংগ্ৰেছ চৰকাৰকেই দোষাৰোপ কৰিছে।
যদিও ভাৰতত পেট্ৰল আৰু ডিজেলৰ মূল্যই আকাশ চুবলৈ গৈ আছে। তাৰ বিপৰীতে কিন্তু বিশ্বৰ বহু কেইখন দেশত পেট্ৰল ডিজেল এতিয়াও সস্তাতেই বিক্ৰী হৈ আছে। এছিয়াৰ ভিতৰতে ভাৰতত পেট্ৰল-ডিজেলৰ মূল্য সৰ্বাধিক। ভাৰতৰ তুলনাত পাকিস্তানত পেট্ৰলৰ মূল্য হৈছে ৫১.১৪ টকা আৰু ভূটানত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য হৈছে ৪৯.৫৬ টকা।
কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল যে বিশ্বৰ এখন দেশত এতিয়াও প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য হৈছে কেৱল ১.৪৫ টকা। দেশখনৰ নাম হৈছে ভেনিজুয়েলা।ভেনিজুয়েলাত বৰ্ত্তমান সময়ত প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য হৈছে ০.০২০ ডলাৰ(১.৪৫ টকা)। ভেনিজুয়েলাৰ উপৰিও ইৰাণ আৰু অংগোলাত প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য হৈছে ক্ৰমে ৪ টকা আৰু ১৭.৮২ টকা।
📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।