Support Free Journalism
  Breaking News
'বিজেপিয়ে মুছলমান প্ৰাৰ্থীক টিকট নিদিয়ে, হিন্দুৱেহে টিকট লাভ কৰিব৷'-কৰ্ণাটকৰ বিজেপি নেতা-দেশৰ আটাইতকৈ কম দামী 5G স্মাৰ্টফোন মুকলি হ'ল ভাৰতত-জানি লওঁক দাম আৰু ফিচাৰ্ছ-'মই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাম কৰি যাম': ড. সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য-অৰুণোদয় আঁচনিৰ জৰিয়তে আপুনি কেনেকৈ মাহে ৮৩০ টকাকৈ লাভ কৰিব? কি ক'লে মন্ত্ৰীয়ে?-ভোট বিজেপিক দিয়ক বা কংগ্ৰেছক, কংগ্ৰেছৰ বিধায়কেই বিজেপিৰে চৰকাৰ গঠন কৰিব: কেজৰিৱাল-পৌৰ নিগম নিৰ্বাচন:বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ কেৱল ট্ৰাম্প আহিবলৈ বাকী থাকিল-অৱেশী-"যোগী আদিত্যনাথে নাম সলনি কৰাৰ ঠিকা লৈ থৈছে নেকি?"- আছাদউদ্দিন অৱেশীয়ে কিয় ক'লে?-৫২ কোটিৰ হেণ্ডবেগ: বিক্ৰী কৰি কিছু টকা সাগৰ পৰিষ্কাৰ কৰিবলৈ দান কৰিব কোম্পানীটোৱে-ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ এদিনীয়াত আদানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত দুজন প্ৰতিবাদকাৰীৰ-ক'ৰ'ণা ভেকচিনক লৈ পুটিনে শিৰ থিয় কৰাই আছিল,এতিয়া নিজৰ শৰীৰত প্ৰয়োগত পিছ হহুকি আছে

পুলৱামা: ৰাজনৈতিক লাভ উঠাবলৈ চেষ্টা কৰা লোকৰ মুখা খোল খাই গ’ল-প্ৰধানমন্ত্ৰী

দ্য ষ্টেটমেন্ট : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া কাৰ্য্যসূচীৰে শুক্ৰবাৰে গুজৰাটত উপস্থিত হৈছিল। আজি শনিবাৰে গুজৰাটৰ কেবডিয়াৰ এখন অনুষ্ঠানত সম্বোধন কৰি তেওঁ কয় যে যোৱা বছৰ কোনো লোকে কৰ’ণা মহামাৰীৰ কথা কল্পনাই কৰিব পৰা নাছিল। কিন্তু দেশে সামূহিক শক্তিৰে সৈতে ইয়াৰ বিৰুদ্ধে যেনেকৈ যুদ্ধ কৰিলে, তেনেকুৱা ঘটনা ইতিহাসত কেতিয়াও সংঘটিত হোৱা নাছিল। চীন আৰু পাকিস্তানৰ নাম নোলোৱাকৈ দুয়োখন দেশৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয়-‘বৰ্তমান সময়ত ভাৰতৰ ভূমিত চকু দিয়া সকলক উচিত প্ৰত্যুত্তৰ দিয়াৰ শক্তি আমাৰ বীৰ জোৱানসকলৰ হাতত আছে।’

সন্ত্ৰাসবাদৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে “বৰ্তমান বিশ্বৰ সন্মুখত সৃষ্টি হোৱা পৰিস্থিতিৰ সময়ত সকলো দেশ,চৰকাৰ আৰু সকলো ধৰ্মৰে লোক একেলগ হৈ সন্ত্ৰাসবাদৰ বিৰুদ্ধে থিয় হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে। সন্ত্ৰাসবাদ মানৱতাৰ বাবে, বিশ্বৰ বাবে আৰু শান্তি  উপাসকৰ বাবে চিন্তাৰ বিষয় হিচাপে চিহ্নিত হৈছে।”

মোদীয়ে কয় যে “অনৈক্যৰ মাজত ঐক্যই আমাৰ অস্তিত্ব। ভাৰতত দেখা দিয়া এই একতা কিছু লোকে সহ্য কৰিব নোৱাৰে আৰু সেইবাবেই সেইবোৰ শক্তিৰ পৰা সতৰ্ক হৈ থকাৰ প্ৰয়োজন আছে। কিছু দিনৰ আগতে চুবুৰীয়া দেশৰ সংসদত পুলৱামা আক্ৰমণৰ কথা স্বীকাৰ কৰা হৈছে।” 

প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধীক সমালোচনা কৰি কয়-“পুলৱামাৰ আক্ৰমণ দেশে পাহৰিব নোৱাৰে, কিন্তু তেতিয়া কিছু লোক সেই শোকৰ সমভাগী হোৱা নাছিল, তেওঁলোকে কেৱল নিজৰ স্বাৰ্থ পূৰণৰ কথা ভাবি আছিল। এতিয়া তেওঁলোকৰ প্ৰকৃত চৰিত্ৰ পোহৰলৈ আহিল।” শেষত নৰেন্দ্ৰ মোদীয়ে কয় যে নিজৰ সৰ্বভৌমত্ব আৰু সন্মান ৰক্ষা কৰিবলৈ আজিৰ ভাৰত সম্পূৰ্ণৰূপে প্রস্তুত।

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.