Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

কোভিড’ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক

দ্য ষ্টেটমেন্ট: বিশ্বজুৰি দ্বিতীয় পয্যায়ৰ কোভিড’১৯ ৰ সংক্রমণ অভাৱনীয় হাৰত বৃদ্ধি পাইছে আৰু এই সংক্রমণত বাধা প্ৰদান কৰিবলৈ বহু দেশেই নাগৰিকৰ ওপৰত কিছু নিষেধাজ্ঞা আৰোপ কৰিছে। আৰক্ষীয়ে আৰোপ কৰা নিষেধাজ্ঞা পালন নকৰাৰ বাবে ইতিমধ্যে বহু লোকে জৰিমনাও ভৰিব লগা হৈছে। কিন্তু আৰক্ষীয়ে আৰোপ কৰা নিষেধাজ্ঞা পালন নকৰাৰ বাবে কোনো সাধাৰণ লোকে নহয় ন’ৰৱেৰ  প্ৰধানমন্ত্ৰীয়েও আৰক্ষীক জৰিমনা দিবলৈ বাধ্য হ’ল।

কিয় আৰক্ষীয়ে জৰিমনা বিহিলে প্ৰধানমন্ত্ৰীক?

ন’ৰৱেৰ আৰক্ষীয়ে ৯ এপ্ৰিলত জানিবলৈ দিয়ে যে ন’ৰৱেৰ প্ৰধানমন্ত্ৰী এৰ্ণা চলবাৰ্গে  নিজৰ জন্মদিন উদযাপন কৰিবলৈ অতিথিসকলক এখন ৰেষ্টুৰেণ্টলৈ আমন্ত্ৰণ কৰি কোভিড ১৯ ক প্ৰতিহত কৰিবলৈ দেশখনত আৰোপ কৰা সামাজিক দূৰত্ব পালন নকৰাৰ বাবে তেওঁক ২,৩৫২ ডলাৰৰ জৰিমনা বিহা হৈছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল যে কোভিডৰ নিয়ম অনুসৰি ১০ জনতকৈ অধিক লোক একত্ৰিত হোৱাত প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰিছিল আৰু প্ৰধানমন্ত্ৰীৰ জন্মদিনত ১৩ জন লোক উপস্থিত থকাৰ বাবেই আৰক্ষীয়ে  নিজৰ দেশৰেই প্ৰধানমন্ত্ৰীক জৰিমনা বিহিলে।

আৰক্ষীয়ে সংবাদ মেলখনত কয় যে এনেকুৱা ঘটনাত সাধাৰণতে জৰিমনা বিহা নহয়। কিন্তু যিহেতুকে প্ৰধানমন্ত্ৰীয়ে এই নিষেধাজ্ঞা আৰোপ কৰাৰ সময়ত চৰকাৰক প্ৰতিনিধিত্ব কৰিছিল। সেইবাবেই এই জৰিমনা বিহিবলৈ আমি বাধ্য। আৰক্ষীয়ে এই জৰিমনাক উচিত আখ্যা দি কয় যে আইন সকলোৰে বাবে একেই কিন্তু সকলো আইনৰ সন্মুখত একেই নহয়। আৰক্ষীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ স্বামীয়েও আইন ভংগ কৰিছিল আৰু লগতে ৰেষ্টুৰেণ্ট খনেও আইন ভংগ কৰিছিল। কিন্তু আমি তেওঁলোকক জৰিমনা বিহা নাই।

উল্লেখ্য যে ৰয়টাৰ্ছত প্ৰকাশিত বাতৰি অনুসৰি প্ৰধানমন্ত্ৰী এৰ্ণা চলবাৰ্গে এই ঘটনাৰ বাবে ক্ষমা  বিচাৰিছে যদিও এতিয়ালৈকে প্ৰধানমন্ত্ৰী কাৰ্যলয়ৰ পৰা কোনো ষ্টেটমেণ্ট জাৰি কৰা নাই। 

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত লাইককৰিব পাৰে। আমাৰ ভিডিঅৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক চাবস্ক্ৰাইবকৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.