দ্য ষ্টেটমেন্ট : ডিজিটেল নিউজ পোৰ্টেলসমূহে অতিশীঘ্ৰে নিউজ পোৰ্টেলৰ সম্পাদনা মুৰব্বী, মালিকীস্বত্ব, ঠিকনা আদিকে ধৰি সকলো তথ্য Information and Broadcasting(I&B) মন্ত্ৰালয়ৰ হাতত জমা দিব লাগিব৷ দ্য ইণ্ডিয়ান এক্সপ্ৰেছক এই কথা জনাইছে I&B ছেক্ৰেটাৰী অমিত খাৰেয়ে৷
“সম্প্ৰতি কোনো এটা নিউজ পোৰ্টেলত কিমান মানুহ কৰ্মৰত, তেওঁলোক কোন হয় আদি তথ্য চৰকাৰে গম নাপায়৷ আনকি কিছুমান ৱেবচাইটত তেওঁলোকৰ এডিটৰ-ইন-চীফ, ঠিকনা আদিৰ বিষয়েও উল্লেখ নাথাকে৷ সেইবাবে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে অতিশীঘ্ৰে এনেধৰণৰ ডিজিটেল প্লেটফৰ্মৰ তথ্য সংগ্ৰহৰ কাম আৰম্ভ কৰিব৷”-ইণ্ডিয়ান এক্সপ্ৰেছক জনায় অমিত খাৰেয়ে৷
অমিত খাৰেয়ে কয় যে এমাহৰ ভিতৰতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আবেদনৰ ব্যৱস্থা কৰিব৷ সেই আবেদন পূৰণ কৰি সকলো ডিজিটেল নিউজ পোৰ্টেলে মন্ত্ৰালয়ৰ হাতত জমা দিব লাগিব৷
উল্লেখযোগ্য যে, বৃহস্পতিবাৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰেও নিউজ পোৰ্টেলৰ তথ্য উপলদ্ধ নোহোৱা বিষয়ক লৈ মন্তব্য প্ৰদান কৰিছিল৷
📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।