Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

“শৈশৱৰ সপোন আজি বাস্তৱত পৰিণত হ’ল”- অসম আৰক্ষীৰ উপ-অধীক্ষক হিমা দাস

দ্য ষ্টেটমেন্ট : ভাৰত গৌৰৱ তথা অসম সন্তান হিমা দাসক আজি অসম আৰক্ষীৰ উপ-অধীক্ষক পদত নিযুক্তি প্ৰদান কৰা হয় ৷ এই সুযোগতে হিমা দাসে কয় যে তেওঁৰ শৈশৱৰ সপোন আজি বাস্তবায়িত হ’ল ৷ লগতে কয় যে তেওঁৰ দৌৰবিদ হিচাপে যাত্ৰা অব্যাহত থাকিব ৷ 

শুক্ৰবাৰে আয়োজিত সমাৰোহত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হিমা দাসক নিযুক্তি পত্ৰ প্ৰদান কৰে ৷ এই সমাৰোহত পুলিচ মহানিৰ্দেশক সহিতে জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু প্ৰদেশ চৰকাৰৰ নেতাসকল উপস্থিত আছিল ৷

হিমা দাসে বক্তব্য প্ৰদান কৰি কয়, ‘শৈশৱৰ পৰাই আৰক্ষী বিষয়া হোৱাৰ সপোন দেখিছো ৷স্কুলীয়া দিনৰ পৰাই মই আৰক্ষী বিষয়া হ’ব বিচাৰিছিলো আৰু এয়া মোৰ মাৰ সপোন আছিল ৷ মোৰ মায়ে মোক দূৰ্গা পূজাত খেলিবলৈ বন্দুক কিনি দিছিল ৷ মায়ে কৈছিল যে মই অসম পুলিচৰ সেৱা কৰো আৰু ভাল মানুহ হওঁ৷’

ধিং এক্সপ্ৰেছ খ্যাত হিমা দাসে কয় যে তেওঁ পুলিচ সেৱাৰ লগতে নিজৰ খেলৰ কেৰিয়াৰো বৰ্তাই ৰাখিব ৷ হিমাই কয়, ‘মই সকলো, খেলৰ বাবেই লাভ কৰিছো ৷ মই অসমত খেলৰ সৰ্বাংগীন উন্নতিৰ হকে কাম কৰিম আৰু অসমক হাৰিয়ানাৰ দৰে সকলোতকৈ ভাল প্ৰদৰ্শন কৰা ৰাজ্যত পৰিণত কৰিবলৈ চেষ্টা কৰিম ৷ অসম পুলিচৰ হৈ কাম কৰাৰ লগতে নিজৰ কোৰিয়াৰো অব্যাহত ৰাখিম ৷’

অসম আৰক্ষীৰ উপ-অধীক্ষক হিচাপে নিযুক্তি লাভ কৰাৰ পিছত হিমা দাসে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে এনেদৰে-

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.