Support Free Journalism
  Breaking News
প্ৰধানমন্ত্ৰীয়ে অসম-কেৰালালৈ গৈ আছে, কৃষকক সাক্ষাৎ কৰিবলৈহে সময় নাই: চিদাম্বৰম-'বংগই কেৱল নিজৰ কন্যাক বিচাৰে, ২ মে'ত মোৰ পুৰণা টুইট উলিয়াই ল'ব': প্ৰশান্ত কিশোৰ-পশ্চিমবংগত ৮টা পৰ্য্যায়ত নিৰ্বাচন- কিয় অসন্তুষ্ট মমতা বেনাৰ্জী?-প্ৰহাৰ-পলাতক-পুৰস্কাৰ-গ্ৰেপ্তাৰ: আৰক্ষীক প্ৰহাৰ কৰা বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিক গ্ৰেপ্তাৰ-"শৈশৱৰ সপোন আজি বাস্তৱত পৰিণত হ'ল"- অসম আৰক্ষীৰ উপ-অধীক্ষক হিমা দাস-অসমৰ ব্ৰাহ্মণ-পুৰোহিত নহয়, বাহিৰৰ পৰা অহা শ-শ পূজাৰীয়েহে অসমত অনুষ্ঠিত কৰে মহাযজ্ঞ-জলসিঞ্চন বিভাগে বাতিল কৰিলে ২৪৬টা কণিষ্ঠ সহায়ক পদৰ পৰীক্ষা: ভবেশ কলিতাৰ ঘোষণা-অসমক আন্দোলন,হিংসাৰ বাবেহে জানিছিল, কিন্তু এতিয়া বিকাশৰ সূচনা হৈছে: অমিত শ্বাহ-'মোদী দংগাবাজ,ট্ৰাম্পতকৈও বেয়া সময়ে মোদীৰ বাবে অপেক্ষা কৰি আছে'-মমতা-এমাহ ধৰি ICUত ৰখা ৰোগীৰ মৃত্যুক লৈ পুনৰ বিতৰ্কত GNRC: ছচিয়েল মিডিয়াত সকলো কথা লিখিলে আত্মীয়ই

ক’ৰ’ণাৰ নতুন সংক্ৰমণ- ডিব্ৰুগড়, গুৱাহাটী, তেজপুৰৰ শিক্ষানুষ্ঠানত ধৰা পৰিছে ক’ৰ’ণা

দ্য ষ্টেটমেন্ট : অসমৰ স্বাস্থ্যমন্ত্ৰীয়ে কেইদিনমানৰ পূৰ্বে সদম্ভে ঘোষণা কৰিছিল যে অসমত ক’ৰ’ণা সমূলি শেষ হৈছে, চিন্তাৰ কোনো কাৰণ নাই৷ কিন্তু পুনৰ ক’ৰ’ণা ভাইৰাছে চিন্তাত পেলাইছে ৰাজ্যবাসীক৷ স্বাস্থ্যমন্ত্ৰীয়ে কোৱাৰ দৰে ক’ৰ’ণা শেষ নহ’ল, বৰং পুনৰ ধৰাহে পৰিল৷ 

বৰ্তমান শিক্ষানুষ্ঠানসমূহত স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিছে৷ অনলাইন শ্ৰেণীৰ পৰিৱৰ্তে অফলাইন শ্ৰেণী আৰম্ভ হৈছে আৰু পৰীক্ষা অনুষ্ঠিত কৰাৰো যো-জা চলিছে৷ তাৰমাজতে শিক্ষানুষ্ঠানত ক’ৰ’ণা ধৰা পৰাৰ খবৰে পৰীক্ষা বা পাঠদানৰ ক্ষেত্ৰত অনিশ্চয়তা কঢ়িয়াই আনিছে৷ 

দেওবাৰে গুৱাহাটীৰ পাণবজাৰস্থিত ডনবস্ক’ বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী আৰু তেওঁৰ স্বামী, সন্তানৰ লগতে আন এগৰাকী শিক্ষয়িত্ৰীৰ ক’ৰ’ণা পজিটিভ ধৰা পৰাৰ পিছতে কামৰূপ মহানগৰ জিলা প্ৰশাসনে এসপ্তাহৰ বাবে বিদ্যালয়খন কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰে৷ বিদ্যালয়খনত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাও বাতিল কৰা হৈছে৷ ডনবস্ক’ স্কুলত ক’ৰ’ণাৰ সংক্ৰমণৰ খবৰ প্ৰকাশ পোৱাৰ পিছতেই মহানগৰীৰ অন্য শিক্ষানুষ্ঠান সমূহো শংকিত হোৱা দেখিবলৈ পোৱা গৈছে৷ কেইবাখনো শিক্ষানুষ্ঠানে ইতিমধ্যে অফলাইন পৰীক্ষা বাতিল কৰি অনলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ডনবস্ক’ৰে নিকটৱৰ্তী কটন বিশ্ববিদ্যালয়তো সমাগত ছেমিষ্টাৰ পৰীক্ষাক লৈ শংকাই দেখা দিছে৷ পৰিক্ষাৰ্থীসকলে অনলাইন পৰীক্ষাৰ বাবে দাবী জনাইছে৷ 

একেদৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ দুগৰাকী ছাত্ৰীৰ শৰীৰত ক’ৰ’ণাৰ উপস্থিতি ধৰা পৰাৰ পিছত বিশ্ববিদ্যালয়খনৰ সেই বিভাগটো কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা হয়৷ বিশ্বনাথ চাৰিআলিৰ জৱাহৰ নবোদয় বিদ্যালয়তো কেইদিনমানৰ আগতে দুগৰাকী শিক্ষকৰ দেহত ক’ৰ’ণা পজিটিভ ধৰা পৰিছে৷ সোমবাৰে ৰাজ্যত নতুনকৈ ১৪ গৰাকী লোকৰ দেহত ক’ৰ’ণা পজিটিভ ধৰা পৰিছে৷

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.