Support Free Journalism
  Breaking News
'বিজেপিয়ে মুছলমান প্ৰাৰ্থীক টিকট নিদিয়ে, হিন্দুৱেহে টিকট লাভ কৰিব৷'-কৰ্ণাটকৰ বিজেপি নেতা-দেশৰ আটাইতকৈ কম দামী 5G স্মাৰ্টফোন মুকলি হ'ল ভাৰতত-জানি লওঁক দাম আৰু ফিচাৰ্ছ-'মই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাম কৰি যাম': ড. সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য-অৰুণোদয় আঁচনিৰ জৰিয়তে আপুনি কেনেকৈ মাহে ৮৩০ টকাকৈ লাভ কৰিব? কি ক'লে মন্ত্ৰীয়ে?-ভোট বিজেপিক দিয়ক বা কংগ্ৰেছক, কংগ্ৰেছৰ বিধায়কেই বিজেপিৰে চৰকাৰ গঠন কৰিব: কেজৰিৱাল-পৌৰ নিগম নিৰ্বাচন:বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ কেৱল ট্ৰাম্প আহিবলৈ বাকী থাকিল-অৱেশী-"যোগী আদিত্যনাথে নাম সলনি কৰাৰ ঠিকা লৈ থৈছে নেকি?"- আছাদউদ্দিন অৱেশীয়ে কিয় ক'লে?-৫২ কোটিৰ হেণ্ডবেগ: বিক্ৰী কৰি কিছু টকা সাগৰ পৰিষ্কাৰ কৰিবলৈ দান কৰিব কোম্পানীটোৱে-ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ এদিনীয়াত আদানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত দুজন প্ৰতিবাদকাৰীৰ-ক'ৰ'ণা ভেকচিনক লৈ পুটিনে শিৰ থিয় কৰাই আছিল,এতিয়া নিজৰ শৰীৰত প্ৰয়োগত পিছ হহুকি আছে

“গোটেই পৃথিৱীৰ ৱাশ্বিং পাউডাৰ ব্যৱহাৰ কৰিলেও কমলনাথে দাগ মচিব নোৱাৰে৷”-শিৱৰাজ সিং চৌহান

দ্য ষ্টেটমেন্ট : বিহাৰৰ বিধানসভা নিৰ্বাচনৰ সমান্তৰালভাৱে মধ্যপ্ৰদেশৰ ২৮ খন বিধানসভা আসনৰ বাবেও অহা ৩ নৱেম্বৰত উপনিৰ্বাচন অনুষ্ঠিত হ’ব৷ তাকে লৈ কংগ্ৰেছ-বিজেপিৰ বাক্ যুদ্ধ অব্যাহত আছে৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ব্যক্তিগত আক্ৰমণ প্ৰত্যাক্ৰমণো বৃদ্ধি পাইছে৷ শুক্ৰবাৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ 

সংবাদগোষ্ঠী ANIক এক সাক্ষাৎকাৰ প্ৰদান কৰি শিৱৰাজ সিং চৌহানে কয়-“কমলনাথ জীয়ে কয় যে তেওঁ সম্পূৰ্ণৰূপে দাগ মুক্ত৷ কিন্তু তেওঁৰ তাত গভীৰলৈ দাগ লাগি আছে৷ আনকি গোটেই পৃথিৱীৰ ৱাশ্বিং পাউডাৰ আনিও কমলনাথ জীয়ে দাগ মচিব নোৱাৰে৷ সেইবাবে কমলনাথ জী, আপুনি নিজকে দাগমুক্ত বুলি কোৱা বন্ধ কৰক৷”

ইয়াৰ আগতে শিৱৰাজ সিং চৌহানে ৰায়চেন আৰু বৰা মলহৰাৰ নিৰ্বাচনী সভাত কমলনাথক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ শিৱৰাজ সিং চৌহানে কয় যে তেওঁলোকে চৰকাৰ ভঙা নাই, বৰং জনতাইহে সেয়া কৰিলে৷ কংগ্ৰেছে জনতাক মিছা কথা ক’লে, ভুৱা প্ৰতিশ্ৰুতি দিলে আৰু এটা প্ৰতিশ্ৰুতিও পালন কৰিব নোৱাৰিলে৷ শিৱৰাজ সিঙে কয় যে এতিয়া কমলনাথৰ অন্তৰত শিৱৰাজ সিঙৰ প্ৰতি ভয় এনেদৰে সোমাইছে যে টোপনিতো কমলনাথে শিৱৰাজ সিঙক দেখা পায়৷ 

প্ৰত্যুত্তৰ প্ৰদান কৰি কমলনাথে ব্যাপম, ই-টেণ্ডাৰ আৰু বুণ্ডেলখণ্ড কেলেংকাৰীৰ কথা কৈ শিৱৰাজ সিং চৌহানক আক্ৰমণ কৰে৷ কমলনাথে কয়-” শিৱৰাজ জী, সাৱধানে থাকক৷ কংগ্ৰেছ চৰকাৰ পুনৰ গঠন হ’বলৈ গৈ আছে৷ আমি পুনৰ ব্যাপম কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিম৷ হাজাৰ কোটি টকাৰ বুণ্ডেলখণ্ড পেকেজ ক’ত গ’ল?”

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.