দ্য ষ্টেটমেন্ট : বিশ্ববিখ্যাত টেকনলজী কোম্পানী Motorolaই ভাৰতত এই কোম্পানীৰ দ্বাৰা নিৰ্মিত প্ৰথমটো 5G স্মাৰ্টফোন মুকলি কৰিছে৷ কোম্পানীয়ে কোৱা অনুসৰি ভাৰতৰ বজাৰত Moto G 5Gয়েই হৈছে আটাইতকৈ কম দামৰ 5G স্মাৰ্টফোন৷ ফোনটোৰ দাম ২০,৯৯৯ টকা৷
ভাৰতত বৰ্তমানলৈকে 5G নেটৱৰ্ক আৰম্ভ হোৱা নাই যদিও অতিশীঘ্ৰে আৰম্ভ হোৱাৰ খবৰ প্ৰকাশ পাইছে৷ Motorolaৰ 5G স্মাৰ্টফোন অনলাইন শ্বপিং চাইট ফ্লিপকাৰ্টত উপলদ্ধ হ’ব৷ অহা ৭ ডিচেম্বৰৰ পৰা ফ্লিপকাৰ্টযোগে Moto G 5Gৰ বিক্ৰী আৰম্ভ হ’ব৷ Motorolaই Grey আৰু Silver, দুটা ৰঙৰ 5G স্মাৰ্টফোন বৰ্তমানলৈকে নিৰ্মাণ কৰি উলিয়াইছে৷
ফোনটোৰ Features:
- Moto G 5Gত ৬.৭ ইঞ্চিৰ ভিজন ডিচপ্লে সংযোগ কৰা হৈছে৷
- ফোনটোত Qualcomm Snapdragon 750G প্ৰচেছৰৰ সুবিধা আছে৷
- Moto G 5Gৰ RAM 6B, আভ্যন্তৰীণ ষ্টোৰেজ 128 GB৷
- ফোনটোৰ বেটাৰী 5000 mAh, চাৰ্জিং চাপোৰ্ট 20W৷
- Moto G 5Gত তিনিটা কেমেৰা সংযোগ কৰা হৈছে৷ প্ৰাইমাৰী লেন্স 48 মেগাপিক্সেলৰ, দ্বিতীয়খন লেন্স 8 মেগাপিক্সেল আৰু তৃতীয়খন 2 মেগাপিক্সেলৰ৷ Selfieৰ বাবে 16 মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰাৰ ব্যৱস্থা আছে৷
- Moto G 5Gৰ Connectivityৰ বাবে UBS type C ব্যৱস্থা আছে৷ ফিংগাৰপ্ৰিন্ট স্কেনাৰ আৰু ফোনত Android 10 সংযোগ কৰা হৈছে৷
📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।