Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই

দ্য ষ্টেটমেন্ট: অসমক অষ্টলক্ষ্মী আখ্যা দিয়া, কৰ’ণা ভেকচিন গ্ৰহণ কৰাৰ পৰা আৰম্ভ কৰি যোগ কৰালৈকে অসমৰ গামোচা ডিঙিত লোৱা, অসমলৈ মানুহৰ মৰমে বাৰে বাৰে অসমলৈ আহিবলৈ বাধ্য কৰোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে অসমৰ জাতীয় উৎসৱ বিহুৰ বন্ধ ৰাজ্যত কৰ্মৰত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ পৰা প্ৰত্যাহাৰ কৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে প্ৰতিবছৰে ১৪ এপ্ৰিলত বিহুৰ বন্ধ লাভ কৰে। কিন্তু এইবাৰ কেন্দ্ৰীয় চৰকাৰে জাননী জাৰি কৰি ঘোষণা কৰিছে যে ১৪ এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে বিহু নহয় আম্বেদকাৰ জয়ন্তীৰ নামত হে বন্ধ লাভ কৰিব।

গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ১৫ এপ্ৰিলত থকা ৰঙালী বিহুৰ দ্বিতীয়টো বন্ধ প্ৰত্যাহাৰ কৰি সেই বন্ধটোৰ ঠাইত দুৰ্গা পূজাৰ নৱমীৰ দিনা বন্ধ ঘোষণা কৰিছে। এতিয়াৰে পৰা অসমত কৰ্মৰত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে ৰঙালী বিহুৰ দিনা বন্ধ লাভ নকৰে। তাৰ বিপৰীতে সেই বন্ধতো দুৰ্গা পূজাৰ নৱমীৰ দিনা লাভ কৰিব। 

আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰিআপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ‘ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব‘কৰক, তাৰবাবেইয়াত ক্লিককৰিব পাৰে।

Get real time updates directly on you device, subscribe now.