দ্য ষ্টেটমেন্ট : ২০১৯ চনৰ ডিচেম্বৰ মাহত অসম চৰকাৰৰ জলসিঞ্চন বিভাগে ২৪৬টা কণিষ্ঠ সহায়কৰ লগতে ৩৯৭ টা শাখা সহায়ক পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল। বিজ্ঞাপনৰ পিছতে ৰাজ্যখনৰ বহুলাখ নিবনুৱাই সেই পদৰ বাবে আবেদন দাখিল কৰিছিল। এপটেক নামৰ এটা ব্যক্তিগত খণ্ডৰ প্ৰতিস্থানৰ জৰিয়তে লিখিত পৰীক্ষা অনুষ্ঠিত কৰাৰ দিনো ঠিক কৰা হৈছিল। কিন্তু ৩৯৭ টা শাখা সহায়ক পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ লগতে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ল যদিও ২৪৬ টা কণিষ্ঠ সহায়কৰ বিষয়টোৱে কোনো অগ্ৰগতি লাভ নকৰিলে।
বৃহস্পতিবাৰে জলসিঞ্চন বিভাগৰ মন্ত্ৰী ভবেশ কলিতাই এখন সংবাদমেল সম্বোধন কৰি কয় যিহেতুকে নিৰ্বাচন আহি আছে আৰু এইটো যিহেতু এটা দীঘলীয়া বিষয়, সেইবাবে ২৪৬ টা কণিষ্ঠ সহায়কৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাযাব। ২২ ফেব্ৰুৱাৰীত আমি সেই প্ৰক্ৰিয়া বন্ধ কৰি দিলোঁ।
জলসিঞ্চন বিভাগৰ মন্ত্ৰীজনে কয় যে কণিষ্ঠ সহায়কৰ লিখিত পৰীক্ষাৰ দায়িত্ব তেজপুৰ বিশ্ববিদ্যালয়ক দিয়া হৈছিল। কিন্তু তেওঁলোকে সেই দায়িত্ব মানি নল’লে। গতিকে জলসিঞ্চন বিভাগে এতিয়া সেই প্ৰস্তাৱ অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়লৈ প্ৰেৰণ কৰিছে।
📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।