Support Free Journalism
  Breaking News
এইগৰাকী আইতাৰ ৰেচিপি আঁকোৱালি ল'লে দৰ্শকে, Youtubeৰ পৰা লাভ কৰিলে Silver Button!-১৮ খন জিলাৰ চৰকাৰী চিকিৎসালয়ত ICU নাই ,স্বাস্থ্যমন্ত্ৰী নামৰ প্ৰাণীটোৱে কি কাম কৰে-ৰবীশ কুমাৰ-বিজেপিৰ বাবে মূল্যবৃদ্ধি আগতে 'ডাইনী' আছিল আৰু এতিয়া 'বৌয়েক' হৈ গ'ল নেকি?-তেজস্বী যাদৱ-পুলৱামা: ৰাজনৈতিক লাভ উঠাবলৈ চেষ্টা কৰা লোকৰ মুখা খোল খাই গ'ল-প্ৰধানমন্ত্ৰী-তুৰ্কী আৰু গ্ৰীচত হোৱা শক্তিশালী ভূমিকম্পত ২২ জন লোকৰ মৃত্যু, ভূমিকম্পৰ প্ৰাৱল্য আছিল ৭.০-আমাক ভোট দিয়ক,শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত আজান পীৰ কলাক্ষেত্ৰ নিৰ্মাণ কৰিম: বিজেপি-ধোঁৱা চাঙত বিজেপি চৰকাৰৰ জাতি-মাটি-ভেটী, বহিৰাগতক গটালে ৫০ বিঘা কৃষি ভূমি-"গোটেই পৃথিৱীৰ ৱাশ্বিং পাউডাৰ ব্যৱহাৰ কৰিলেও কমলনাথে দাগ মচিব নোৱাৰে৷"-শিৱৰাজ সিং চৌহান-চৌদি আৰৱৰ নতুন নোট- জন্মু-কাশ্মীৰ আৰু লাডাখক ভাৰতৰ অংশ হিচাপে নেদেখুৱালে-২০২০ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন হ'ব ইতিহাসৰ আটাইতকৈ খৰচী নিৰ্বাচন: কিমান টকা খৰচ হ'ব?

এনৰেগাত দুৰ্নীতি- জব কাৰ্ডত দীপিকা পাডুকণৰ ফটো, কাৰ্ডধাৰীয়ে গমকে নাপায় একো কথা

দ্য ষ্টেটমেন্ট : মধ্যপ্ৰদেশৰ খৰগোন জিলাৰ এখন গাঁও পঞ্চায়তত অভিনেত্ৰী দীপিকা পাডুকণকে ধৰি অন্য অভিনেত্ৰীৰ ফটো  এনৰেগা জব কাৰ্ডত লগাই ভয়ংকৰ দুৰ্নীতিত লিপ্ত হৈছে পঞ্চায়ত সচিবকে ধৰি অন্য বিষয়ববীয়া৷ অনলাইনযোগে জব কাৰ্ডৰ প্ৰ-পত্ৰ জমা কৰি পঞ্চায়তে অভিনেত্ৰীৰ ফটোৰে জব কাৰ্ড বনালে৷ কেৱল এয়াই নহয়, এনে ভুৱা জব কাৰ্ডেৰে পইচাও সংগ্ৰহ কৰিছে৷ এনডিটিভিত প্ৰকাশিত এক ৰিপোৰ্টমতে, গাঁওৰ লোকে নিজেই নাজানে যে তেওঁলোকেও এনৰেগা আঁচনিৰ জৰিয়তে কাম লাভ কৰিছে৷ 

খৰগৌন গাঁওৰ ৩০ বছৰীয়া চোনু শান্তিলালৰ নামত পঞ্জীকৃত জব কাৰ্ডত অভিনেত্ৰী দীপিকা পাডুকণৰ ফটো দেখা গৈছে৷ জব কাৰ্ডৰ তথ্যমতে, শান্তিলালে পুনমচান্দ খেতিপথাৰত নলা নিৰ্মাণৰ কাম কৰিছে, আৰু নিৰ্ধাৰিত ৰাশিও লাভ কৰিছে৷ গাঁওখনত এজন দুজন নহয়, এনে ১১ জন হিতাধিকাৰী আছে, যাৰ জব কাৰ্ডত চেলিব্ৰেটীৰ ফটো লগোৱা হৈছে৷ শান্তিলালকে ধৰি গাঁওবাসীয়ে কোনো কাম এতিয়ালৈ লাভ কৰা নাই আৰু তেওঁলোকৰ নাম এনৰেগা আঁচনিত অন্তৰ্ভুক্ত হোৱা বুলি গমকে নাপাই৷ এই কথা সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে৷ গাঁওখনৰে মনোজ ডুবে প্ৰায় ৫০ একৰ মাটিৰ মালিক৷ তেওঁ কেতিয়াও জব কাৰ্ডৰ বাবে আবেদনে কৰা নাছিল, কিন্তু তেওঁৰ নামতো জব কাৰ্ড ইছ্যু কৰা হৈছে৷ মধ্যপ্ৰদেশত এনৰেগা আঁচনিৰ নামত হোৱা এনে ভয়ংকৰ দুৰ্নীতিৰ খবৰ প্ৰকাশ হোৱাৰ পিছত জিলা পঞ্চায়তৰ মুখ্য অধিকাৰী বিসয়া গৌৰৱ বেনেলে তদন্তৰ কথা ঘোষণা কৰিছে৷

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.