Support Free Journalism
  Breaking News
'বিজেপিয়ে মুছলমান প্ৰাৰ্থীক টিকট নিদিয়ে, হিন্দুৱেহে টিকট লাভ কৰিব৷'-কৰ্ণাটকৰ বিজেপি নেতা-দেশৰ আটাইতকৈ কম দামী 5G স্মাৰ্টফোন মুকলি হ'ল ভাৰতত-জানি লওঁক দাম আৰু ফিচাৰ্ছ-'মই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাম কৰি যাম': ড. সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য-অৰুণোদয় আঁচনিৰ জৰিয়তে আপুনি কেনেকৈ মাহে ৮৩০ টকাকৈ লাভ কৰিব? কি ক'লে মন্ত্ৰীয়ে?-ভোট বিজেপিক দিয়ক বা কংগ্ৰেছক, কংগ্ৰেছৰ বিধায়কেই বিজেপিৰে চৰকাৰ গঠন কৰিব: কেজৰিৱাল-পৌৰ নিগম নিৰ্বাচন:বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ কেৱল ট্ৰাম্প আহিবলৈ বাকী থাকিল-অৱেশী-"যোগী আদিত্যনাথে নাম সলনি কৰাৰ ঠিকা লৈ থৈছে নেকি?"- আছাদউদ্দিন অৱেশীয়ে কিয় ক'লে?-৫২ কোটিৰ হেণ্ডবেগ: বিক্ৰী কৰি কিছু টকা সাগৰ পৰিষ্কাৰ কৰিবলৈ দান কৰিব কোম্পানীটোৱে-ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ এদিনীয়াত আদানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত দুজন প্ৰতিবাদকাৰীৰ-ক'ৰ'ণা ভেকচিনক লৈ পুটিনে শিৰ থিয় কৰাই আছিল,এতিয়া নিজৰ শৰীৰত প্ৰয়োগত পিছ হহুকি আছে

IPL 2020: পশ্চিম পাঠকক আপুনিও মহিলা আম্পায়াৰ বুলি ভুল ভাবিছে নেকি?

দ্য ষ্টেটমেন্ট : ক’ৰ’ণা মহামাৰীৰ বাবে নিৰ্দিষ্ট সময়ত এই চিজনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অনুষ্ঠিত নহ’ল৷ কিন্তু কিছু পলমকৈ হ’লেও UAEত চলিত বৰ্ষৰ ড্ৰীম১১ আই পি এল চলি আছে৷ যোৱা দেওবাৰৰ এখন মেচত কলকাতা নাইট ৰাইডাৰ্ছ মুখামুখি হৈছিল চানৰাইজাৰ্ছ হায়দৰাবাদৰ বিপক্ষে৷ টচত জিকি হায়দৰাবাদৰ অধিনায়ক ডেভিদ ৱাৰ্ণাৰে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে৷ খেল আৰম্ভ হোৱাৰ লগে লগে খেল পৰিচালনা কৰা অন-ফিল্ড আম্পায়াৰ এগৰাকীয়েহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে৷ দীঘল চুলিৰে গ্ৰাউণ্ডত প্ৰৱেশ কৰা আম্পায়াৰগৰাকীক মহিলা আম্পায়াৰ বুলি ভাবি বহু ক্ৰিকেটপ্ৰেমীয়ে টুইটো কৰিলে-

কিন্তু তেওঁ কোনো মহিলা আম্পায়াৰ নহয়৷ দীঘল চুলিৰে ব্যতিক্ৰম ষ্টাইলত আম্পায়াৰিঙৰ দায়িত্ব পালন কৰা সেই আম্পায়াৰগৰাকীৰ নাম পশ্চিম পাঠক৷ ১৯৭৬ চনৰ ১৭ নৱেম্বৰত জন্মগ্ৰহণ কৰা পশ্চিম পাঠকে এতিয়ালৈ আঠখন আই পি এল মেচত আম্পায়াৰিঙ কৰিছে৷ পূৰ্বে, তেওঁৰ চুলি দীঘল নাছিল বাবে বিশেষ চৰ্চালৈ অহা নাছিল৷ মুম্বাইৰ বাসিন্দা পশ্চিম পাঠকে ২০০৯ চনৰ পৰাই ক্ৰিকেট মেচত আম্পায়াৰিঙ কৰি আহিছে৷

২০১৫ চনত এখন মেচত আম্পায়াৰিঙ কৰাৰ মুহূৰ্তত হেলমেট পৰিধান কৰিও চৰ্চালৈ আহিছিল পশ্চিম পাঠক৷

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.