দ্য ষ্টেটমেন্ট : আমেৰিকাৰ অন্তৰিক্ষ এজেন্সী নাছাৰ Jet Propulsion Laboratory (JPL)ত Perseverance Roverৰ পদাৰ্পণৰ সময়ত এগৰাকী মহিলাই সমগ্ৰ বিশ্ববাসীক ক্ৰমাগতভাৱে Roverৰ স্থিতিৰ বিষয়ে জনাই আছিল ৷ সেই মহিলাগৰাকী ভাৰতীয় মূলৰ আমেৰিকান বৈজ্ঞানিক ৷ এই মহিলাগৰাকীয়ে Perseverance Roverক মংগল গ্ৰহত পদাৰ্পণ কৰাত অন্যতম ভূমিকা পালন কৰিছে ৷
ভাৰতীয় মূলৰ আমেৰিকান বৈজ্ঞানিক স্বাতী মোহন কেলিফ’ৰ্ণিয়াৰ পাসাডেনাত থকা নাছাৰ JPLত কৰ্মৰত ৷ স্বাতী মোহন উপগ্ৰহ Perseverance Rover মিশ্যনৰ গাইডেন্স, Navigation & Controls Operations Leadৰ প্ৰমুখ ৷
নাছাৰ উপগ্ৰহ Perseverance Rover কেতিয়া, কিমান বেগত, ক’ত পদাৰ্পণ কৰিব, তাৰ দিশ আৰু দশা কি হ’ব, কিমান উচ্চতাৰে কিমান বেগত চলিব এই সকলোবোৰ নিয়ন্ত্ৰণ স্বাতী মোহন আৰু তেওঁৰ দলৰ হাতত আছিল ৷ যিটো তেওঁ সম্পূৰ্ণ নিষ্ঠাৰে পালন কৰিছে ৷ স্বাতীয়ে ইয়াৰ পূৰ্বে নাছাৰ Cassini মিশ্যন যিটো শণি গ্ৰহলৈ পঠিওৱা হৈছিল, চন্দ্ৰলৈ পঠিওৱা Grail মিশ্যনৰো অন্তৰ্ভুক্ত আছিল৷
২০১৩ চনৰ পৰাই উপগ্ৰহ Perseverance Roverৰ অংশীদাৰত্ব বহন কৰিছিল স্বাতী মোহনে ৷ স্বাতী যেতিয়া এবছৰীয়া আছিল তেতিয়াই তেওঁৰ পিতৃ-মাতৃ আমেৰিকালৈ স্থানান্তৰিত হৈছিল ৷
স্বাতী মোহনে কৰ্ণেল য়ুনিভাৰ্চিটিৰ পৰা মেকানিকেল এণ্ড এৰোস্পেচ ইঞ্জিনিয়াৰিঙত BS কৰিছে ৷ তাৰপিছত MS আৰু Ph.D MITৰ পৰা কৰে ৷
স্বাতী মোহনে কয় যে ১৬ বছৰ বয়সলৈ তেওঁ নাছাৰ বৈজ্ঞানিক হোৱাৰ সপোন নাছিল ৷ তেওঁ শিশুৰ চিকিৎসক হ’ব বিচাৰিছিল৷ স্বাতীয়ে কয় যে তেওঁ ১৬ বছৰ বয়সত প্ৰথমবাৰৰ বাবে পদাৰ্থ বিজ্ঞানৰ ক্লাছ কৰে ৷ তেওঁ কয় যে তেওঁৰ সৌভাগ্য আছিল যাৰবাবে তেওঁ এগৰাকী ভাল শিক্ষক লাভ কৰিছিল ৷ ইয়াৰ পিছতে তেওঁ চিকিৎসা বিদ্যাৰ পৰিৱৰ্তে ইঞ্জিনীয়াৰিঙত মনোনিৱেশ কৰে ৷
স্বাতী মোহন নাছালৈ অহাৰ আঁৰত হলিউডৰ ছবি ‘ষ্টাৰ ট্ৰেক’ৰ ডাঙৰ অৱদান আছে ৷ তেওঁ ইঞ্জিনিয়াৰীং কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত তেওঁৰ মনলৈ আহিল যে ৯ বছৰ বয়সত তেওঁ এই ছবিখন চাই কিমান আনন্দিত হৈছিল ৷ কিমানবোৰ প্ৰশ্ন মনত উদয় হৈছিল ৷ ব্ৰহ্মাণ্ডৰ নতুন নতুন কথা জানিব পাৰিছিল ৷ স্বাতীয়ে কয় যে এয়া শৈশৱৰ কথা কিন্তু অন্তৰীক্ষ ইমান কথাৰে ভৰি আছিল যে তাক জানিবলৈ নাছালৈ আহিলো ৷
স্বাতীয়ে কয় যে নাছাৰ JPLত কাম কৰাৰ সময়ত প্ৰত্যেক দিনাই কিবা নতুন প্ৰত্যাহ্বান আহে ৷ ইয়াত বিশ্বক বিকশিত কৰাৰ কথা হয় ৷ অন্তৰীক্ষৰ যাত্ৰাৰ চৰ্চা হয় ৷ ইয়াত কাম কৰিবলৈ প্ৰেৰণা যোগায় ৷ মই ব্ৰহ্মাণ্ডৰ সেইসকল ঠাই চাব বিচাৰো, যিবোৰ ঠাইৰ কথা সাধাৰণ জনতাই কেতিয়াও নাভাবে ৷ সেইবাবে মই নাছাৰ ভিন ভিন মিশ্যনত জড়িত হৈ জীৱন অতিবাহিত কৰিব বিচাৰো৷
📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।