Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

এফালে কৰ’ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা

দ্য ষ্টেটমেন্ট: অসম বিধানসভাৰ নিৰ্বাচন এপ্ৰিলৰ ৬ তাৰিখে অন্ত পৰিল। নিৰ্বাচন অন্ত পৰাৰ লগে লগে অসমত কৰ’ণা আৰু মূল্যবৃদ্ধিয়ে পুনৰ এবাৰ মানুহক ধোঁৱাকোৱা দেখুৱাইছে। বৰ্তমান সময়ত অসমত দৈনিক ব্যৱহাৰ কৰা সকলো সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাৰ লগতে বিশেষকৈ মিঠাতেল, ব্ৰইলাৰ, লোকেল মুৰ্গীৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি হৈছে।

উল্লেখ্য যে মিঠাতেলৰ পৰা আৰম্ভ কৰি ৰাজ্যখনত বাকীবোৰ বস্তুৰ দাম কিয় বৃদ্ধি হৈছে, সেই প্ৰশ্নৰ যদিও উত্তৰ নাই। কিন্তু মাংস বিক্রেতা সকলে জানিবলৈ দিয়া মতে কেৱল টোলগেটৰ বাবে ব্ৰইলাৰ, লোকেল মুৰ্গীৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি হৈছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল যে অসমৰ বাহিৰেও মাংসৰ চাহিদা পূৰণ কৰিবলৈ ব্ৰইলাৰ শিলিগুৰিৰ পৰা অসমলৈ অনা হয় আৰু সেই পথচোৱাত টোলৰ নামত অতিৰিক্ত টকা বাহন সমূহে প্ৰদান কৰিব লাগে বাবেই অসমত ব্ৰইলাৰৰ দাম প্ৰতি কিলোগ্ৰামত ১০০ টকা পয্যন্ত আৰু লোকেল মুৰ্গীত ১৩০ টকা পয্যন্ত বৃদ্ধি হৈছে।

উল্লেখ্য যে কেৱল খোৱা বস্তুৰেই নহয় কৰ’ণা মহামাৰীয়ে ব্যৱসায়, বাণিজ্য, চাকৰি বাকৰিত এটা প্ৰচণ্ড প্ৰহাৰ কৰাৰ পিছতেই মোদী চৰকাৰে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ জৰিয়তে আন এটা প্ৰচণ্ড মাৰিছে। সেই কোবৰ বিষ শেষ নহওতেই ১ তাৰিখৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অসমত থকা পাছখনকৈ টোল গেটত মাচুল বৃদ্ধি কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। তাৰ উপৰিও ১ এপ্ৰিলৰ পৰা সকলো টাৰ্ম পলিচীৰ প্ৰিমিয়ামৰ মূল্য ২০-২৫% বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। এতিয়াৰে পৰা নাজিৰাখাটত সৰু গাড়ীয়ে ১১৫  টকা, ৰহাত ১০০ টকা, মদনপুৰত ১১০ টকা টোলটেক্স প্ৰদান কৰিব লাগিব। 

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত লাইককৰিব পাৰে। আমাৰ ভিডিঅৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক চাবস্ক্ৰাইবকৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.