Support Free Journalism
  Breaking News
'তুমি মোক ভোট দিয়া, মই তোমাক বিনামূলীয়া ভেকচিন দিম': টুইটাৰত কিয় এই প্ৰতিক্ৰিয়া-দৰমহাৰ পইচাৰে চলিব পৰা নাই, প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব খুজিছে বৰিছ জনচনে-হোৱাটছএপত ‘পৰ্ণ’ শ্বেয়াৰ কৰি ৰোষৰ বলি হ'ল গোৱাৰ উপ-মুখ্যমন্ত্ৰী তথা বিজেপি নেতা কাভেলকাৰ-বিহাৰৰ সকলো লোককে বিনামূলীয়াকৈ কৰ'ণাৰ প্ৰতিষেধক দিম: বিজেপিৰ ঘোষণাপত্ৰ-মহাৰাষ্ট্ৰ বিজেপিৰ জ্যেষ্ঠ নেতা একনাথ খড়চেৰ পদত্যাগ: যোগদান কৰিব শৰদ পাৱাৰৰ NCPত-“পইচা দে নহ’লে উগ্ৰপন্থী লগাই উঠাই দিমঃ” ধন দাবী কৰি ধৰা পৰিল এবিভিপিৰ নেতা-IPL 2020: পশ্চিম পাঠকক আপুনিও মহিলা আম্পায়াৰ বুলি ভুল ভাবিছে নেকি?-বিহাৰ নিৰ্বাচন- ভাষণ দিবলৈ সাজু হওঁতে তেজস্বী যাদৱলৈ চেণ্ডেল দলিয়ালে উপস্থিত জনতাই-কংগ্ৰেছ পৰা বিজেপিলৈ অহা নেতাক মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰাৰ পাছতেই ৩৭ চেকেণ্ডত দুবাৰকৈ ভৰিত ধৰিলে!-বিহাৰত সুৰা নিষিদ্ধ, কিন্তু তাৰ পাছতো সুৰাপায়ীৰ পছন্দৰ নেতা নীতিশ কুমাৰ: চাওঁক ভিডিঅ'

সমাজৰ বাবে ভাল কাম কৰিবলৈ মালেগাওঁ বিস্ফোৰণৰ অভিযুক্তই যোগদান কৰিলে নীতিশ কুমাৰৰ দলত

দ্য ষ্টেটমেন্ট : ২০০৮ চনত সংঘটিত হোৱা মালেগাওঁ বিস্ফোৰণৰ ঘটনাত অভিযুক্ত প্ৰাক্তন মেজৰ ৰমেশ উপাধ্যায়ে জনতা দল (ইউনাইটেড)ত যোগদান কৰিছে। দলত যোগদান কৰাৰ পাছতেই জনতা দল (ইউনাইটেড)য়ে ১২ অক্টোবৰৰ পৰা তেওঁক উত্তৰ প্ৰদেশৰ প্ৰাক্তন সৈনিক চেলৰ ৰাজ্যিক আহ্বায়ক হিচাপে নিযুক্তি দিছে।  

উল্লেখ্য যে মালেগাওঁ বিস্ফোৰণত জড়িত থকাৰ অভিযোগত মহাৰাষ্ট্ৰ এটিএছয়ে সাদভি প্ৰজ্ঞা ঠাকুৰ, লেফটেনেন্ট কৰ্ণেল প্ৰসাদ শ্ৰীকান্ত পুৰোহিত আৰু মেজৰ ৰমেশ উপাধ্যায়ক গ্ৰেপ্তাৰ কৰিছিল। বহু বছৰ কাৰাগাৰত থকাৰ পাছত ২০১৭ত তেওঁ জামিন লাভ কৰিছিল যদিও এতিয়াও মুম্বাইৰ এক বিশেষ এনআইএ আদালতত  এতিয়াও ট্ৰায়েল চলি আছে।

ইণ্ডিয়ান এক্সপ্ৰেছক প্ৰাক্তন মেজৰ ৰমেশ উপাধ্যায়ে জানিবলৈ দিয়ে যে “উত্তৰ প্ৰদেশ জনতা দল (ইউনাইটেড)ৰ সদস্যই মোৰ লগত সম্পৰ্ক স্থাপন কৰিলে আৰু আলোচনাৰ পাছতেই মই দলৰ হৈ কাম কৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো। এতিয়ালৈকে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কোনো আঁচনি নাই। মই বৰ্তমান পুনেত আছো, কিন্তু দলৰ প্ৰচাৰৰ বাবে মই উত্তৰ প্ৰদেশলৈ যাত্ৰা কৰিম।” মালেগাওঁ বিস্ফোৰণৰ অভিযুক্তৰ প্ৰসংগত তেওঁ কয় যে তেওঁ নিৰ্দোষী। তেওঁ এজন ৰাষ্ট্ৰভক্ত, দেশভক্ত আৰু ধৰ্মনিৰপেক্ষ ব্যক্তি। তেওঁক ষড়যন্ত্ৰ কৰি মালেগাওঁ বিস্ফোৰণৰ অভিযুক্তৰ শাৰীত ৰখা হৈছিল। তেওঁ কয় যে সেই সকলো গোচৰৰ পৰা মুক্তি পাবলৈ তেওঁ অপেক্ষা কৰি আছে আৰু বৰ্তমান সময়ত তেওঁ সমাজৰ হৈ কাম কৰি যাব।

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.