Support Free Journalism
  Breaking News
আলফা স্বাধীনৰ পত্ৰৰ পিছতেই টাটা টীৰ সিদ্ধান্ত: কৰ্পৰেট কাৰ্যালয় কলকতালৈ স্থানান্তৰ নহয়-গামোচা লোৱা নৰেন্দ্ৰ মোদীয়ে পাহৰিলে বিহু: ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তীৰ নামত বন্ধ, ১৫ এপ্ৰিলত বিহুৰ বন্ধ নাই-কোভিড'ৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে দেশৰেই প্ৰধানমন্ত্ৰীক-কৰ'ণাৰ সময়ত বিহু পাতিবলৈ এইবাৰ আয়োজকে কি কি নিয়ম পালন কৰিব লাগিব?-টাটা টীক আলফা স্বাধীনৰ ভাবুকি: সকলো প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰি থলুৱা নিবনুৱাক চাকৰি দিয়ক-এফালে কৰ'ণা,আনফালে মূল্যবৃদ্ধি: মিঠাতেলৰ দাম বাঢ়িল ৪০-৪৫ টকা,ব্ৰইলাৰত ১০০, লোকেল মুৰ্গীত ১৩০ টকা-এখন ভৰিৰে মই বংগত জয়লাভ কৰিম আৰু দুখন ভৰিৰে দিল্লীতো জয়লাভ কৰিম:মমতা-চট্টিছগড়ত নক্সালবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ দুজনকৈ অসমীয়া বীৰ জোৱান-সোনোৱালে হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে শুভেচ্ছা জনালে নেকি?-যিসকলে মাস্ক পিন্ধাক লৈ কৰা মোৰ মন্তব্যক উপলুঙা কৰিছে, তেওঁলোক অসমলৈ আহিব লাগে: কিয় কলে হিমন্ত বিশ্ব শৰ্মাই

নাচিকৰ চিকিৎসালয়ত অক্সিজেন টেংকাৰ লিক হোৱাৰ বাবে চাপ্লাই বন্ধ কৰাৰ ফলত ২২ জন ৰোগীৰ মৃত্যু

দ্য ষ্টেটমেন্ট: দেশত কোভিড আক্রান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ সময়তে দেশত অক্সিজেনৰ অভাৱে দেখা দিয়াৰ সময়তে মহাৰাষ্ট্ৰৰ নাচিকত এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে। বুধবাৰে নাচিকৰ জাকিৰ হুছেইন চিকিৎসালয়ৰ অক্সিজেন টেংক লিক হোৱাৰ বাবে চাপ্লাই বন্ধ কৰাৰ ফলত ২২ জন ৰোগীৰ মৃত্যু হয়।

প্ৰশাসনে জানিবলৈ দিয়ে যে অক্সিজেন টেংক লিক হোৱাৰ বাবে চাপ্লাই  প্ৰায় ৩০ মিনিটৰ বাবে বন্ধ আছিল। ফলত ভেন্টিলেটৰত থকা ২২ জন ৰোগীৰ মৃত্যু হয়। এই ঘটনাৰ সময়ত চিকিৎসালয় খনৰ ভন্টিলেটৰত মুঠ ২৩ জন ৰোগী আছিল। 

উল্লেখ্য যে এই ঘটনা সংঘটিত হোৱাৰ সময়ত চিকিৎসালয় খনত মুঠ ১৭১ জন ৰোগী আছিল আৰু ঘটনাৰ পিছতে তেওঁলোকক আন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। ইতিমধ্যে এই ঘটনাৰ তদন্তৰ বাবে এখন কমিটি গঠন কৰা হৈছে। 

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে। ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত লাইককৰিব পাৰে। আমাৰ ভিডিঅৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক চাবস্ক্ৰাইবকৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Get real time updates directly on you device, subscribe now.